আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ

Rashmi August 16, 2025

ডিজিটেল ডেস্কঃ আগমনিৰ ঝাপুসাবাৰীত বিলাসী বাহন সহ দুই ছাগলী চোৰ আটক। তিনি গভাইত চোৰে AS 17 E / 5130 নম্বৰৰ বিলাসী বাহনেৰে পাৱৰচৰাৰ ৰাজু সেনৰ ছাগলী চুৰি কৰি পলায়নৰ চেষ্টা চলায়। 

একাংশ ৰাইজে চোৰক আটক কৰাৰ বাবে বাহনৰ পিছে পিছে খেদি যায়। পিছত ৰাইজে চোৰৰ বাহন খন ঝাপুচাবাৰীৰ কলনীপাৰাত আটক কৰে। ৰাইজে বাহনৰ পৰা দুজন চোৰক আটক কৰে যদিও এজন চোৰ পলায়ন কৰে। 

স্থানীয় ৰাইজে ধৃত দুই চোৰ উত্তৰ ৰায়পুৰৰ আশ্ৰাফ আলী আৰু উত্তৰ টোকৰাৰছৰাৰ ছাকিৰ আলীক আটক কৰি উত্তম মাধ্যম সোধায় । এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাত আগমনি আৰক্ষীয়ে উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা চোৰ দুজনক উদ্ধাৰ কৰে। আনহাতে বাহন খন জব্দ কৰাৰ লগতে দুটা চূৰি ছাগলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This