বি টি চিৰ মিনি সচিবালয়ৰ শিলান্যাস কৰি মুখ্যমন্ত্ৰী ড° শৰ্মা, বি টি চিৰ দ্বিতীয় ৰাজধানী হ'ব ওদালগুৰি

dainik janambhumi February 14, 2026

ডিজিটেল ডেস্ক: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ওদালগুৰিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মিনি সচিবালয় আৰু এখন ৰে'লৱে উৰণ সেতুৰ শিলান্যাস কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে কলাইগাঁৱত আয়োজিত এখন বিশাল ৰাজহুৱা সভাত টংলা সমষ্টিত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তর্গত বীজ মূলধনৰ চে'ক প্রদানৰ শুভাৰম্ভ কৰে। উদ্যমিতা পুঁজিৰ চে'ক বিতৰণৰ সভাৰ পৰাই মুখ্যমন্ত্রীয়ে আভাসীয়ভাৱে টংলা নগৰ পানী যোগান প্রকল্প (খণ্ড ১ আৰু ২)ব উদ্বোধন কৰে। 

উল্লেখযোগ্য যে প্রায় ১৫০ কোটি টকা ব্যয়ৰে ২৫ বিঘা ভূমি সামৰি ওদালগুৰিত বড়োলেও টেৰিটৰিয়েল কাউন্সিলৰ মিনি সচিবালয় নির্মাণ কৰা হ'ব। পাঁচ মহলীয়া মিনি সচিবালয় ভৱনটোত বি টি চিৰ বিভিন্ন বিভাগ, সভাগৃহ আদি থাকিব। তদুপৰি ইয়াত বি টি চি বিধানসভা ভৱন নির্মাণ কৰা হ'ব। প্রকল্পটোৰ অন্তৰ্গত অতিথিশালা, বিষয়া-কর্মচাৰীৰ আৱাসগৃহ, চৌহদৰ ভিতৰৰ ৰাস্তা-ঘাট, পার্কিং এলেকা, চৌহদৰ দেৱাল আদিও নির্মাণ কৰা হ'ব। 

আনহাতে ৬৩.৪৫ কোটি টকা ব্যয়ৰে ওদালগুৰিৰ গোলমা চ'কৰ পৰা মিছন চাৰিআলি পথত থকা ৰে'লৱে গেটত ৰে'লৱে উৰণ সেতুখন নির্মাণ কৰা হ'ব। মুখ্যমন্ত্রীয়ে উপস্থিত সংবাদ মাধ্যমৰ আগত সদৰী কৰে যে সেতুখনৰ তলভাগত বেডমিন্টন খেলৰ সুবিধা সন্নিৱিষ্ট কৰাৰ বাবে লোকনির্মাণ বিভাগক নির্দেশ দিয়া হৈছে। আনহাতে টংলা সমষ্টিত সর্বমুঠ ২৬,৯৮৮গৰাকী হিতাধিকাৰীয়ে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত ১০ হাজাৰ টকাকৈ কালি বীজ মূলধনৰ চে'ক লাভ কৰে। ইয়াকে ধৰি আঁচনিখনৰ জৰিয়তে ১১৪টা বিধানসভা সমষ্টিৰ ২৮,৪৪,৮৪৫ গৰাকী মহিলালৈ উদ্যমিতা পুঁজি বিতৰণ কৰা হ'ল। 

আনহাতে ৩৬ কোটি টকা প্রকল্প ব্যয়েৰে নিৰ্মাণ কৰা টংলা নগৰ পানী যোগান প্রকল্পৰ জৰিয়তে ৩,৮৬৫টা পৰিয়ালৰ বাবে নল সংযোগ দিয়া হৈছে। বড়োলেও টেৰিটৰিয়েল কাউন্সিলৰ মিনি সচিবালয়ৰ শিলান্যাস কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ডিব্রুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে চহৰখনত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদ, মুখ্যমন্ত্রীৰ সচিবালয় আদি স্থাপন কৰিছে। শিলচৰতো আন এটা সচিবালয় নির্মাণ কৰা হৈছে। তেওঁ কয় যে নির্বাচনৰ সময়ত বি টি চি প্রধান হাগ্রামা মহিলাৰীয়ে ওদালগুৰিত মিনি সচিবালয় স্থাপনৰ প্রতিশ্রুতি দিছিল। ওদালগুৰিত যিহেতু বি টি চিৰ বিধানসভা ভৱনো নির্মাণ হ'ব, গতিকে কোকৰাঝাৰৰ পাছত ওদালগুৰি বি টি চিৰ দ্বিতীয় ৰাজধানী সদৃশ হৈ পৰিব। প্রকল্পটো যাতে দুবছৰৰ ভিতৰত সম্পূর্ণ হৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। তেওঁ বিকাশৰ জৰিয়তে বড়োলেণ্ড তথা অসমৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলিও মন্তব্য কৰে। 

আনহাতে ১৮ মাহৰ ভিতৰত ৰে'লৱে উৰণ সেতুখনৰ নিৰ্মাণ সম্পূর্ণ কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰী কৰে। অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, পৰিবহণ আদি বিভাগৰ মন্ত্রী চৰণ বড়ো, বি টি চি প্রধান হাগ্রামা মহিলাৰী, বি টি চিৰ উপ-মুখ্য কার্যবাহী সদস্য ৰিহণ দৈমাৰী, বি টি চিৰ অধ্যক্ষ ত্রিদীৱ দৈমাৰী, বি টি চিৰ কেইবাগৰাকী কার্যবাহী সদস্য, জিলা আযুক্ত তথা গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চে'ক বিতৰণৰ কাৰ্যসূচীত ভাষণ দি মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসমৰ মহিলাসকলে বহুদিনৰ পৰা নিজা উপার্জনৰ বাবে কিবা এটা কৰিবলৈ বিচাৰি আছিল যদিও সুবিধা পোৱা নাছিল। সেয়ে চৰকাৰে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান গ্রহণৰ পাছতে মহিলাসকলৰ মাজত পাৰভঙা উছাহৰ সৃষ্টি হয়। 

উদ্যমিতা পুঁজিৰ ব্যৱহাৰৰ পদ্ধতিৰ বিষয়ে মহিলাসকলক অবগত কৰি মুখ্যমন্ত্রীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ প্রথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে তেনেহ'লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ'ব। এই পুঁজিৰে তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে বা নিজাববীয়াকৈও কোনো ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰিব। ছমাহমানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্রাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে পৰৱৰ্তী পর্যায়ত ক্রমে ২৫ হাজাৰ টকা আৰু ৫০ হাজাৰ টকা লাভ কৰিব। তেওঁ কয় যে পুৰুষৰ লগতে মহিলাসকলেও যাতে উপার্জন কৰি ঘৰখন আগবাঢ়ি যোৱাত অৰিহণা যোগাব পাৰে, তাৰ বাবে চৰকাৰে মহিলাসকলক লাখপতি বাইদেউ হিচাপে গঢ়িবলৈ বিচাৰিছে। এগৰাকী মহিলা লাখপতি বাইদেউ হ'লে ঘৰ আৰু সমাজত মহিলাগৰাকীৰ সন্মান বাঢ়িব। তেওঁ কয় যে ইতিমধ্যে অসমৰ আত্মসহায়ক গোটৰ ৮ লাখ মহিলা লাখপতি বাইদেউ হৈছে। দুখীয়া আৰু মধ্যবিত্ত ৰাইজৰ কষ্ট লাঘৱ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে মুখ্যমন্ত্রী ড° শৰ্মাই সদৰী কৰে। তেওঁ টংলা সমষ্টিত নতুনকৈ দুহেজাৰ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিয়া হ'ব বুলিও ঘোষণা কৰে। টংলা সমষ্টিত হোৱা উন্নয়নমূলক কামৰ বিষয়ে সদৰী কৰি মুখ্যমন্ত্রীয়ে কয় যে কলাইগাঁৱত এখন মহাবিদ্যালয়ৰ নির্মাণ প্রায় সম্পূর্ণ হৈছে, কেইবাখনো বিদ্যালয়ৰ ভৱন ৭ কোটিকে টকাৰে নিৰ্মাণ কৰি থকা হৈছে। 

তদুপৰি টংলা সমষ্টিত অসম মালাৰ অধীনত পথ, চিকিৎসালয়, প্রেক্ষাগৃহ নির্মাণ কৰি থকা হৈছে। তেওঁ কয় যে অসমৰ আন জিলাৰ দৰে বি টি চিৰ জিলাসমূহতো উন্নয়নৰ নতুন দিগন্তৰ সূচনা হৈছে। সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্লবৰুৱা, পৰিবহণ আদি বিভাগৰ মন্ত্রী চৰণ বড়ো, বি টি চি প্রধান হাগ্রামা মহিলাৰী, বিধায়ক দুর্গা দাস বড়ো, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অভিযান সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ প্ৰমুখ্যে কেইবাগৰাকীও সমাজকর্মী, জ্যেষ্ঠ বিষয়া তথা গণ্যমান্য ব্যক্তি আৰু হিতাধিকাৰী মহিলাসকল উপস্থিত থাকে।

Share This