ডিজিটেল ডেস্ক : আহোম ৰাজবংশৰ চৰাইদেউ মৈদামসমূহে ২০২৪ চনৰ ২৬ জুলাইত ইউনেস্ক'ৰ দ্বাৰা সাংস্কৃতিক ঐতিহ্য ক্ষেত্র হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰাৰ পাছত কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ইউনেস্ক'ৰ স্বীকৃতি পত্ৰৰ স্মাৰক ফলকখন মৈদাম ক্ষেত্রত আনুষ্ঠানিকভাৱে উন্মোচন কৰে। কালি দুপৰীয়া নাজিৰাৰ চকীমুখত অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শমাই পোনে পোনে স্থলপথেৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামথলীত উপস্থিত হয়। মৈদাম ক্ষেত্ৰত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মন্ত্ৰী যোগেন মহন, তপন কুমাৰ গগৈ, অনুপ সিং ৰাজ পুৰোহিতকে ধৰি চৰাইদেউ জিলাৰ সভানেত্রী নিতুমণি প্ৰধানৰ লগতে বিজেপি দলীয় নেতাসকলে মুখ্যমন্ত্রীক আদৰণি জনোৱাৰ উপৰি চৰাইদেউ মহোৎসৱ উদযাপন সমিতি, স্বৰ্গদেউসকলৰ তর্পণ সমিতি আৰু ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ পৰা বিশেষভাৱে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৈদাম প্রাংগণত অৱস্থিত হফিত আয়োজিত বানফি পূজাত অংশগ্ৰহণ কৰে।
চমু কাৰ্যসূচীৰ মাজতে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদামসমূহ পৰিদৰ্শন কৰি সাংবাদিকৰ সৈতে হোৱা মুখামুখিত সংশ্লিষ্ট বিভাগীয় বিষয়াসকলৰ লগতে স্থানীয় ৰাইজে মিলি মৈদাম এলেকা সংৰক্ষণ আৰু সংবর্ধন সুন্দৰভাৱে কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্রকাশ কৰে। তেওঁ কয় যে চৰাইদেউ মৈদামৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিয়ে অসমৰ জাতীয় জীৱনলৈ অপাৰ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে। বিগত পাঁচ বছৰৰ চৰকাৰৰ সফলতাসমূহৰ ভিতৰত চৰাইদেউ মৈদামসমূহে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে লাভ কৰা স্বীকৃতি অন্যতম সফলতা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই আৰু কয় যে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে নাম তালিকাত অন্তর্ভুক্তি লাভৰ পাছত ইউনেস্ক'ৰ স্বীকৃতি পত্ৰখন যাতে সকলোৱে চোৱাৰ সুবিধা লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই স্বীকৃতি পত্ৰৰ ফলক আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়। চৰাইদেৱে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি লাভৰ পৰৱৰ্তী যোৱা বছৰটোত পৰ্যটকৰ আগমন বৃদ্ধি পোৱা বুলি মন্তব্য কৰি সাংবাদিকক জনায় যে যোৱা বছৰটোত আশী হাজাৰতকৈ অধিক দেশীয় আৰু দুশগৰাকী বিদেশী পর্যটক চৰাইদেউলৈ আগমন ঘটে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদাম সন্দর্ভত কয় যে মৈদামসমূহে ইউনেস্ক'ৰ স্বীকৃতি পোৱাৰ পাছত ইয়াৰ সৈতে অন্যান্য আনুষংগিক বিষয় জড়িত হৈ আছে যদিও বর্তমান মৈদামসমূহৰ শৈক্ষিক তথা গৱেষণাৰ সৈতে জড়িত সকলোবোৰ দিশ সামৰি উন্নয়নৰ বাবে কৰ্মসূচী প্ৰস্তুত কৰাৰ পোষকতা কৰে। আনহাতে, মৈদামসমূহ নিয়মীয়াকৈ তদাৰক আৰু চোৱা-চিতাৰ বাবে পুঁজিৰ যোগান ধৰা, সামাজিক অংশগ্রহণ আৰু সহযোগিতাৰ লগতে মৈদামৰ বাফাৰ জ'নৰ উন্নীতকৰণৰ বিষয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
আনকি চৰাইদেউ মৈদামক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে এখন পর্যটন কেন্দ্ৰৰূপে গঢ়ি তোলাৰ বাবেও সম্ভৱপৰ চৰকাৰে সকলো কাম কৰিব বুলিও সদৰী কৰে। চৰাইদেউ মৈদামৰ স্বীকৃতি অসমৰ সমৃদ্ধ সভ্যতা, সংস্কৃতি আৰু ঐতিহ্যৰ প্রতি বিশ্ব সমাজৰ স্বীকৃতিৰ প্ৰতিফলন বুলি তেওঁ উল্লেখ কৰাৰ লগতে গৱেষণা, সংৰক্ষণ, নিয়মিত ৰক্ষণাবেক্ষণৰ জৰিয়তে এই ঐতিহ্য ভৱিষ্যৎ প্রজন্মলৈ সংৰক্ষণ কৰাত সকলোকে সহযোগ কৰিবলৈকো তেওঁ আহ্বান জনায়। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী শর্মাই কয় যে চ্যুকাফা আৰু লেঙীবৰ গাঁও পঞ্চায়ত দুটাৰ স্থানীয় ৰাইজে আৱেদন কৰিলেই চৰকাৰে সহজে চৰাইদেউ মৈদামক চৰাইদেউ জিলালৈ নিব পৰা যাব। এই ক্ষেত্ৰত চৰকাৰৰ কোনো ইছ্যু নাই বুলিও স্পষ্টকৈ দোহাৰে।
ইফালে ইয়াৰ আগেয়ে চৰাইদেউলৈ অহা মুখ্যমন্ত্ৰী গৰাকীক চ্যুকাফা আৰু লেঙীবৰ পঞ্চায়ত দুখন চৰাইদেউ জিলাত অন্তর্ভুক্তিৰ দাবীত স্থানীয় ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে সদৌ টাই আহোম ছাত্র সন্থাৰ চ্যুকাফা আঞ্চলিক সমিতিয়ে আঠটা দাবী সম্বলিত আৰু চ্যুপাতফা ছ'চিয়েল বেলফেয়াৰ সমিতিয়েও তিনিটা দাবী সম্বলিত স্মাৰক-পত্ৰ পৃথকে পৃথকে প্রদান কৰে। চমু কাৰ্যসূচী লৈ অহা মুখ্যমন্ত্ৰী গৰাকীয়ে কাৰ্যসূচীৰ অন্তত বিশেষ হেলিকপ্টাৰযোগে যোৰহাট অভিমুখে যাত্ৰা কৰে।