ডিজিটেল ডেস্ক: কালি মৰিয়নিত এক ভয়াৱহ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা । মৰিয়নি নগৰৰ মাজমজিয়াত অনুষ্ঠিত এক অনুষ্ঠানত অংশ ল'বলৈ যাওঁতে এই অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হয় কেন্দ্রীয় মন্ত্রীজন। মন্ত্রী মাৰ্ঘেৰিটা উপস্থিত থকা অনুষ্ঠানটোত মাংগলিক কাৰ্যৰ উদ্দেশ্যেৰে বন্তি প্রজ্বলন কৰোঁতেই গেছ নির্গমন হৈ সমগ্ৰ ঠাইডোখৰ জুইয়ে আগুৰি ধৰে।
উল্লেখযোগ্য যে মৰিয়নি পৌৰসভাই নগৰখনত সৌন্দর্যমূলক ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে প্রায় ৬০ টাৰো অধিক তেনে আকর্ষণীয় ষ্ট্ৰীট লাইট স্থাপনৰ কাম হাতত লৈছে। ইয়াৰে কালি প্ৰথমটো তেনে লাইট মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ কাষতে স্থাপন কৰা হয় আৰু উক্ত লাইটটোৰ ছুইচ অন কৰি এই ষ্ট্ৰীট লাইট ব্যৱস্থাৰ শুভাৰম্ভ কৰাৰ কথা আছিল কেন্দ্রীয় মন্ত্রীজনৰ। সেই অনুসৰি মন্ত্ৰী মাৰ্ঘেৰিটা উক্ত স্থানত উপস্থিত হয়। মন্ত্রী মাৰ্ঘেৰিটাৰ লগতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মিও তাত উপস্থিত আছিল। প্রথমটো কার্যসূচী হিচাপে পৌৰপতি বিশ্বপ্রভা শইকীয়াই বন্তি প্রজ্বলন কৰাৰ উদ্দেশ্যে জুইশলা কাঠি জ্বলাওঁতেই ঠাইডোখৰ জুইয়ে আগুৰি ধৰে। লগে লগে হুৱা-দুৱাৰ সৃষ্টি হয়। উপস্থিত সকলোৱে জুই নিয়ন্ত্ৰণ কৰিবৰ বাবে বালি-মাটি আদিৰ লগতে পানী মাৰে যদিও জুই নিয়ন্ত্রণ নহয়।
কেন্দ্রীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটায়ো মাটিত পাৰি থোৱা কার্পেট উঠাই জুইত দি নিয়ন্ত্ৰণৰ চেষ্টা চলায়। বিধায়ক কুৰ্মিৰ লগতে আৰক্ষীৰ লোক, স্থানীয় লোক সকলোৱেই জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও ব্যর্থ হয়। ইফালে, নিৰাপত্তাৰ খাতিৰত কেন্দ্ৰীয় মন্ত্ৰী মাৰ্ঘেৰিটাৰ লগতে বিধায়ক কুৰ্মিক ঘটনাস্থলীৰ পৰা আঁতৰাই নিয়া হয়। ইয়াৰ মাজতে পৌৰসভাৰ অভিযন্তা গোপাল গগৈয়ে দৌৰি গৈ কাষতে থকা পেট্রল পাম্পৰ পৰা অগ্নি নিয়ন্ত্রক যন্ত্র আনি পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীৰ সহায়ত অগ্নি নুমুৱাবলৈ সক্ষম হয়। অৱশ্যে মৰিয়নিৰ অগ্নি নির্বাপক বাহিনীক খবৰ দিয়া হয় আৰু অগ্নিনির্বাপক বাহিনী আহি ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ জুই নির্বাপিত হয়। এই ঘটনাত কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ লগতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মি দৈৱক্ৰমে ৰক্ষা পৰে যদিও মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্রভা শইকীয়া আৰু পৌৰ সদস্যা গায়ত্রী চক্ৰৱৰ্তী সামান্য আহত হয়। গায়ত্রী চক্ৰৱৰ্তীৰ কাপোৰত জুই লাগে যদিও উপস্থিত ৰাইজে তাৎক্ষণিকভাৱে তাক নির্বাপন কৰে। কি পৰিস্থিতিত এই অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে তাক লৈ সৃষ্টি হৈছে ৰহস্যৰ।
সন্দেহ কৰা মতে, ষ্ট্ৰীট লাইটটো স্থাপন কৰিবৰ বাবে জে চি বিৰ সহায়ত গাঁত খান্দোতে জে চি বিৰ আঘাতত গেছ পৰিবাহী লাইনৰ পাইপ ক্ষতিগ্রস্ত হোৱাৰ ফলতেই উক্ত স্থানত গেছ নির্গমন হয়। যিহেতু ষ্ট্ৰীট লাইটৰ বাবে খন্দা গাঁতৰ তলেৰে অসম গেছ নিগম লিমিটেডৰ ঘৰুৱা গেছ পৰিবাহী পাইপলাইন গৈছে। ক্ষতিগ্রস্ত পাইপেৰে গেছ নির্গমন হোৱাৰ পাছত বন্তি প্রজ্বলনৰ বাবে জুইশলা জ্বলাওঁতেই উক্ত জুই গেছৰ সংস্পৰ্শলৈ আহি জুই জ্বলি উঠে। এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাছত ঘটনাস্থলীত মৰিয়নি সমজিলাৰ সমজিলা আয়ুক্ত অভিজিত গগৈ, ৰাজহ চক্ৰ বিষয়া ড° ৰবাৰ্ট টিউলৰ আহি ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয়। তাৰ পাছতেই এ জি চি এলৰ বিষয়া আৰু জৰুৰীকালীন সেৱাৰ লোক আহি ঘটনাস্থলীত উপস্থিত হয়হি।
লক্ষণীয়ভাৱে পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে সমগ্ৰ ঘটনাৰ বাবে এ জি চি এলক দোষাৰোপ কৰিব বিচাৰিছে যদিও এ জি চি এলৰ বিষয়াই পোনছাটেই তাক অস্বীকাৰ কৰি ষ্ট্ৰীট লাইটৰ বাবে গাঁত খান্দোতে গেছ পাইপৰ ক্ষতি হোৱা বুলি দাবী কৰে। ইফালে, ঘটনাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই এয়া এক দুর্ঘটনা বুলি উল্লেখ কৰি কয়, মৰিয়নি নগৰৰ উন্নয়নৰ বাবে সকলোৱে আন্তৰিকতাৰে কাম কৰিছে। এই ঘটনাৰ বাবে কাকো দোষাৰোপ কৰিব নোখোজোঁ, কিয়নো ই এক দুর্ঘটনাহে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে। উপযুক্ত তদন্ত হ'লেহে সমগ্র বিষয় পোহৰলৈ অহাৰ সম্ভাৱনা আছে। সি যি কি নহওক, মৰিয়নি পৌৰসভাৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত এগৰাকী কেন্দ্ৰীয় মন্ত্রী এইদৰে এক ভয়াৱহ পৰিস্থিতিৰ মাজত পৰিবলগীয়া হোৱা ঘটনাই ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে।