ডিজিটেল ডেস্ক: ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত অগণন লোকৰ নাম ৰহস্যজনকভাৱে কৰ্তন কৰাৰ প্ৰতিবাদত জোঁৰ লৈ ৰাজ্যৰ বিৰোধী দলসমূহে কালি উত্তাল কৰে গুৱাহাটীৰ চচল। ৰাজ্যজুৰি বিজেপি চৰকাৰে ভোটাৰ তালিকা সংশোধনীৰ নামত ভোট চুৰি কৰা বুলি অভিযোগ তুলি সন্মিলিত বিৰোধীয়ে জোঁৰ লৈ সাব্যস্ত কৰা প্ৰতিবাদত কেইবাহাজাৰ লোকে অংশ গ্রহণ কৰে।
প্রতিবাদকাৰীৰ সন্মুখত প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চোৰ আৰু ডকাইতৰ চৰকাৰ চলিছে বুলি মত ব্যক্ত কৰি ২০২৬ত বিজেপি চৰকাৰক দলিয়াই পেলাবলৈ অসমৰ ৰাইজক আহ্বান জনায়। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ক্ষমতাচ্যুত হোৱাটো স্পষ্ট হৈ পৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে যিদিনাই বিজেপিৰ চৰকাৰ যাব সিদিনাই হিমন্ত বিশ্ব শর্মা জে'ললৈ যাব। হিমন্ত বিশ্ব শর্মাই নিজকে বহুত শক্তিশালী বুলি ভাৱে। কিয়নো গৃহ বিভাগ তেওঁৰ হাতত আছে। গৃহ বিভাগে ছিণ্ডিকেট ৰোধ কৰিব নোৱাৰে। কিন্তু অসমত লোকতান্ত্রিক মূল্যবোধ ধ্বংস কৰি নিৰ্বাচন আয়োগৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই ভোটাধিকাৰ কাঢ়ি নিব খোজে। হিমন্ত বিশ্ব শর্মাই কেৱল নিজৰ পৰিয়ালৰ নামত সম্পত্তি কেনেকৈ বঢ়াব পাৰে, তাৰ চিন্তা কৰি পুনৰ চৰকাৰ আনিব খোজে বুলি মত প্রকাশ কৰি গগৈয়ে লগতে কয়- বড়ো, ৰাভা, কাৰ্বিৰ মাটি আদানি-আম্বানিক যাতে চমজাই দিব পাৰে তাৰ বাবে তেওঁ ভোট চুৰি কৰিছে।
ভোট চুৰিৰ বিৰুদ্ধে বিৰোধী একত্রিত হৈছে বুলি গগৈয়ে লগতে কয় যে আমাৰ একতা দেখি ৰাইজে সাহস লাভ কৰিছে। ৰাইজে ক'বলৈ আৰম্ভ কৰিছে যে আমি হিমন্ত বিশ্ব শর্মাক ভয় নকৰোঁ। আমি হিমন্ত বিশ্ব শৰ্মাক প্রশ্ন কৰিম 'হু ইজ হিমন্ত বিশ্ব শর্মা'। কোন হয় হিমন্ত বিশ্ব শর্মা? লোকতান্ত্রিক দেশত ৰাইজতকৈ শক্তিশালী কোনো নাই। এই শিক্ষা আগন্তুক দিনত হিমন্ত বিশ্ব শর্মাক অসমৰ মানুহে দিব।'
আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্রতিবাদস্থলীত ভাষণ দি কোনো কাৰণতে বিজেপিক অসমত ভোট চুৰি কৰিবলৈ দিয়া নহয় বুলি সকীয়াই দিয়ে। তেওঁ কয়, 'বিজেপিয়ে মানুহক বিভিন্ন প্রতিশ্রুতি দিলে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি ক'লে। কিন্তু কৰিব নোৱাৰিলে। এতিয়া মানুহৰ ভোটাধিকাৰ কাঢ়ি ল'ব খুজিছে।' প্রতিবাদস্থলীত চি পি এম দলৰ ৰাজ্যিক সম্পাদক সুপ্রকাশ তালুকদাৰে এইখন চৰকাৰে মানুহৰ গণতান্ত্রিক অধিকাৰ কাঢ়ি নিয়াৰ অপচেষ্টা চলোৱা বুলি উল্লেখ কৰে। নাগৰ্কিৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰা এই চৰকাৰক ওফৰাই পেলাবলৈকো তালুকদাৰে আহ্বান জনায়। ৰাইজৰ দলৰ সম্পাদক ৰাছেল হুছেইনে কয় যে বিজেপি দল আৰু চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শর্মাই অসমত লুণ্ঠন চলাইছে। পত্নীৰ নামত সম্পত্তি গোটাইছে। ছিণ্ডিকেট চলাইছে। চুণ, কয়লা, মাছ, কণী, চুপাৰিৰ ছিণ্ডিকেট চলাইছে। এইখন চৰকাৰে একেই লুণ্ঠন চলাবলৈ পুনৰ চৰকাৰত আহিবলৈ ভোট চুৰিত লাগিছে। এইখন চৰকাৰ আঁতৰাবলৈ হ'লে ঐক্যবদ্ধ হ'ব লাগিব বুলিও কয় হুছেইনে। চি পি আই এম-এলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে ভাৰতত বিজেপিয়ে গণতন্ত্রক তিলতিলকৈ হত্যা কৰাৰ প্ৰয়াস কৰিছে। স্বাধীনতা আন্দোলনে ভাৰতৰ মানুহক যি অধিকাৰ দিছিল সেয়া হৈছে ভোট দিয়াৰ অধিকাৰ। দাসে কয়, 'মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা আন্দোলনে আমাক যি অধিকাৰ দিলে, সেই অধিকাৰ বিজেপিয়ে হনন কৰিব বিচাৰিছে। অসমৰ সংস্কৃতিত জিন যোৱা মিঞাসকলক লৈ হিমন্ত বিশ্ব শর্মাই অপমানজনক কথা কয়। মিঞাৰ নামত ভাষণ দি দি হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ বাবে ঘৃণাৰ পাত্ৰ হৈ পৰিছে। পানী কমি আহিলে মাছ চটফটাই থাকে। তেনেকৈ হিমন্ত বিশ্ব শর্মাইও চটফটাইছে।'
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই প্রতিবাদস্থলীত দিয়া উদাত্ত ভাষণত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি ভোট চুৰ কৰাৰ বাহিৰে তেওঁৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰে। মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰে হিমন্ত বিশ্ব শৰ্মাৰ ইংগিতত নির্বাচন আয়োগ চলে নেকি বুলিও প্রশ্ন কৰে। নির্বাচন আয়োগক মীৰা বৰঠাকুৰে নখ-দাঁত নাইকিয়া বাঘ বুলিও অভিহিত কৰে। এই প্রতিবাদী কাৰ্যসূচীত ৰাজ্য সভাৰ প্রাক্তন সাংসদ ৰিপুন বৰা, বিধায়ক শিৱামণি বৰা, দিগন্ত বৰ্মন, ৰেকিবুদ্দিন আহেমদ, আছিফ নজৰ, চি পি এমৰ ইছফাকুৰ ৰহমান, উদ্ধৱ বৰ্মন, চি পি আই এম-এলৰ পংকজ দাস, ৰাইজৰ দলৰ ৰমেন বৰঠাকুৰ, অলক নাথকে ধৰি কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা আৰু বহুসংখ্যক কর্মী উপস্থিত থাকে ।