ডিজিটেল ডেস্কঃ অসমৰ অন্যতম প্ৰাকৃতিক বিল উৰপদ বিল। এই উৰপদ বিল অসম তথা গোৱালপাৰাৰ ঐতিহ্য আৰু প্ৰাকৃতিক সম্পদ । গোৱালপাৰা চহৰৰ পৰা প্ৰায় দহ কিল'মিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত উৰপদ বিল। ৬২০ হেক্টৰ ভূমিৰে আগুৰি থকা উৰপদ বিল এতিয়া সৌন্দৰ্য নগৰ সদৃশ হৈ পৰিছে।
পৰিভ্ৰমী চৰাইৰ স্বৰ্গৰূপে বিবেচিত উৰপদ বিলখন গোৱালপাৰাৰ একপ্ৰকাৰ জীৱনৰেখা। ভেট, পদুম আৰু মেটেকাৰে পৰিপূৰ্ণ এই বিলখন । শৰৎ কালত বিলখনৰ বিনন্দীয়া ৰূপে পর্যটকক আৰু অধিক মোহিত কৰি তুলে। জিলাখনৰ আগিয়াৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰপদ বিলৰ নান্দনিক দৃশ্যই এতিয়া হাত বাউলি মাতিছে পৰ্যটকক। বিলখন জিঞ্জিৰাম নদীৰ লগত সংলগ্ন হৈ থকাৰ প্ৰতি লক্ষ্য কৰিলে ইয়াক জিঞ্জিৰামৰ এৰাসুঁতি যেন লাগে। প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত মুগ্ধ হৈ প্রতিদিনে ভিন ভিন ঠাইৰ পৰা আহে পর্যটকসকল।
এই উৰপদ বিলত থকা সৰু সৰু টুলুঙা নাৱত উঠি প্রাকৃতিক পৰিৱেশ উপভোগ কৰি আপ্লুত হয় প্রতিগৰাকী পর্যটক। গোৱালপাৰাৰ দক্ষিণ-পশ্চিম কোণত প্রাকৃতিকভাৱে সৃষ্টি হোৱা বিলখন বিভিন্ন স্থানীয় প্ৰজাতিৰ মাছৰ বন্যাভূমি। বিলখনত ভিন্ন ধৰণৰ জলজ আৰু বনজ উদ্ভিদো দেখা পোৱা যায়। এই উৰপদ বিলখনৰ বিভিন্ন ধৰণৰ দেশী-বিদেশী পক্ষী বিচৰণে প্রকৃতিপ্রেমী লোকৰ মন-প্রাণ পুলকিত কৰি তুলে। পৰিভ্ৰমী চৰাইৰ স্বৰ্গত পৰিণত হোৱা গোৱালপাৰাৰ উৰপদ বিলে প্ৰতিদিনে চালে চকুৰোৱা দৃশ্যই পৰ্যটকৰ মন জয় কৰি তুলিছে।