ডিজিটেল ডেস্ক: উত্তৰ-পশ্চিম যোৰহাটৰ শতাধিক গাঁৱলৈ যাতায়াত কৰা অন্যতম গুৰুত্বপূৰ্ণ মালৌআলি পথটোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ভোগদৈ দলঙৰ (মনাইমাজি গাঁও) সমীপৰ অংশৰ শোচনীয় অৱস্থাত দীর্ঘদিন ধৰি ৰাইজে যমৰ যাতনা ভুগি আহিছে।
আঁঠুলৈকে হোৱা বোকাময় পৰিৱেশৰ ফলত বৃহত্তৰ অঞ্চলবাসীৰ জনজীৱন ব্যাহত হৈ পৰাৰ সময়তে লোক নির্মাণ বিভাগে পথটো নিৰ্মাণ সম্পূৰ্ণ কৰাৰ আশ্বাস দিছিল। লোক নিৰ্মাণ বিভাগৰ জনৈক গগৈ উপাধিৰ ঠিকাদাৰে পাঁচদিনমানৰ পৰা পথটোত পেভাৰ ব্লক লগোৱাৰ কাম আৰম্ভকৰিছে। কিন্তু অতি পৰিতাপৰ কথা যে পেভাৰ ব্লক লগাওঁতে ব্যৱহাৰ কৰা বালি নিম্নমানৰ হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়ে কামটো পৰিদৰ্শন কৰাৰ দায়িত্ব বহন কৰাৰ পাছতো নিম্নমানৰ বালি পেলাই পেভাৰ ব্লক লগাই থকা দেখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মালৌআলি আঞ্চলিকে নির্মাণকার্য বন্ধ কৰি দিয়ে বুলি জানিব পৰা গৈছে। বিসংগতিপূর্ণভাৱে পথ নিৰ্মাণৰ অভিযোগ তুলি সংগঠনটোৰ বিষয়ববীয়াসকলে কেৱল ধন ঘটাৰ অচিলাৰে পথটো সুন্দৰভাৱে নিৰ্মাণ নকৰি মাথোঁ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম সমাপ্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰিছে। লোকনির্মাণ বিভাগৰ বিষয়া-কৰ্মচাৰী থকাৰ পাছতো কিয় নিম্নমানৰ বালি ব্যৱহাৰ কৰি পথটো নিৰ্মাণ কৰিবলৈ ঠিকাদাৰক উদগনি যোগাইছে। সেই কথাহে বর্তমান নুবুজা সাঁথৰ হৈ পৰিছে। জানিব পৰা মতে, ঠিকাদাৰে পথটো নিৰ্মাণ কৰোঁতে প্রকৃত বালিৰ ঠাইত বালিচহীয়া মাটি ব্যৱহাৰ কৰিছে। এই ৰঙচুৱা বালিচহীয়া মাটিৰ ঠাইত প্রকৃত বালিৰে পথটো নিৰ্মাণ কৰিবলৈ বিভাগক স্থানীয় ৰাইজে আহ্বান জনাইছে।
উল্লেখযোগ্য যে নির্বাচনলৈ মাত্র কেইটামান দিন থকা অৱস্থাত এই পথছোৱা যাতায়াতৰ অনুপযোগী হৈ পৰিছিল। বৃহত্তৰ অঞ্চলবাসীয়ে ভাবিছিল নির্বাচনৰ পাছতে ঠিকাদাৰে পথটো নির্ধাৰিত প্ৰাক্কলন অনুসৰি নিৰ্মাণ কৰি জনসাধাৰণৰ সমস্যা সমাধান কৰিব। কিন্তু শতাধিক গাঁৱৰ জনসাধাৰণে যাতায়াত কৰা অতি ব্যস্ত পথটো নির্মাণক লৈ এতিয়া লোক নির্মাণ বিভাগে ল'ৰা-ধেমালি কৰাহে পৰিলক্ষিত হৈছে। কিয়নো যোৱা তিনি বছৰে মালৌআলি পথটো লোক নির্মাণ বিভাগে নির্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে। ঠিকাদাৰৰ প্ৰতি দৰদ দেখুওৱা লোক নির্মাণ বিভাগৰ বিষয়াই ৰাইজৰ অসুবিধা আজিও হৃদয়ংগম কৰিব নোৱাৰিলে। নিম্নমানৰ নিৰ্মাণ সামগ্ৰী ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ অভিযোগ উঠাৰ পাছতো লোক নিৰ্মাণ বিভাগৰ একো কৰণীয় নাইনে?