ডিজিটেল ডেস্ক : চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো প্রতিবছৰে আজি তেওঁৰ জন্মস্থান গুজৰাটৰ একতা নগৰত, নতুন দিল্লীত গণৰাজ্য দিৱসত হোৱাৰ দৰে বিশাল পেৰেডেৰে ৰাষ্ট্ৰীয় একতা দিৱসৰূপে পালন কৰা হয়। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে এই কথা জনায়।
আনহাতে, পেটেলৰ ১৫০সংখ্যক জয়ন্তীৰ আৰম্ভণি উপলক্ষে নৱেম্বৰত শ্বাহে পষেকজোৰা ৰাষ্ট্ৰীয় উদ্যাপন 'ভাৰত পর্ব ২০২৫'-ৰ শুভাৰম্ভ কৰে। আজি চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০সংখ্যক জন্মবার্ষিকী উদযাপনৰ পেৰেডৰ নেতৃত্ব দিয়ে মহিলা আৰক্ষী বিষয়াই। এই পেৰেডত থাকে অসম আৰক্ষীৰ মটৰচাইকেলৰ ডেয়াৰ ডেভিল শ্ব', বিভিন্ন ৰাজ্যৰ ব্যক্তিৰ দ্বাৰা সাংস্কৃতিক প্রদর্শন তথা বি এছ এফৰ কেমেল কন্টিনজেন্ট, গুজৰাটৰ মাউন্টেড কেভেলৰী আদি। ভাৰতীয় বায়ু সেনাৰ সূৰ্য কিৰণ দলে দেখুৱায় শক্তিশালী 'এয়াৰ শ্ব”।
আজি ৰাষ্ট্ৰীয় একতা দিৱসৰ বিশাল পেৰেডত দেখা যায় সীমান্ত নিৰাপত্তা বাহিনী (বি এছ এফ), কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ), কেন্দ্রীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী (চি আই এছ এফ), ইণ্ডো তিব্বেটান ব'ৰ্ডাৰ পুলিচ (আই টিবি পি), সশস্ত্র সীমা বল (এছ এছ বি)ৰ জোৱান তথা অসম, ত্ৰিপুৰা, ওড়িশা, ছট্টিশগড়, মধ্য প্রদেশ, মহাৰাষ্ট্ৰ, পঞ্জাব, জম্মু-কাশ্মীৰ, কেৰালা আৰু অন্ধ্র প্রদেশ আৰক্ষীৰ জোৱান। এন চি চিৰো এটা দল পেৰেডত থাকে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।