কাৰ্বি আংলঙলৈ যোৱা পাচলি ব্যৱসায়ীক বাধা

dainik janambhumi December 16, 2025

ডিজিটেল ডেস্ক: হোজাই জিলাৰ ডবকাৰ একাংশ ক্ষুদ্র পাচলি ব্যৱসায়ীৰে সীমান্তৱর্তী পাহাৰীয়া জিলা কার্বি আংলঙৰ একাংশ লোকৰ সংঘাতে চৰম পৰ্যায় পাইছেগৈ। এই সংঘাতৰ ফলত কার্বি আংলঙত পাচলিসহ অন্যান্য অত্যাৱশ্যকীয় বয়-বস্তুৰ মূল্য আকাশলংঘী হোৱাৰ অভিযোগ উঠিছে। 

বিগত প্রায় পষেক দিন ধৰি এই সংঘাত চলি আহিছিল যদিও যোৱা ১০ ডিচেম্বৰৰ পৰা এই সংঘাতে চৰম পর্যায় পায়। অভিযোগ মতে, কার্বি আংলঙৰ বিভিন্ন প্রান্তত সাপ্তাহিক বজাৰলৈ যোৱা ডবকাৰ স্থানীয় শাক-পাচলি ব্যৱসায়ীক বাধা প্রদান কৰি তেওঁলোকৰ পাচলিভর্তি ট্রাক একাংশ কার্বি লোকে আদবাটৰ পৰাই ওভতাই পঠিয়ায়। হোজাই কার্বি আংলং সীমান্তবর্তী ডেনগাঁৱৰ সমীপৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা যোৱা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ পাচলিভর্তি ট্রাক ওভতাই পঠাইছে এটা ছিণ্ডিকেট চক্ৰই। অভিযোগ মতে, ছিণ্ডিকেট চক্ৰৰ দাবী যে ডবকাৰ ব্যৱসায়ীয়ে কাৰ্বি আংলঙত নিব নোৱাৰিব পাচলি। ছিণ্ডিকেট চক্ৰৰ পৰাহে ক্রয় কৰিব লাগিব আলু-পিঁয়াজ, নহৰুসহ সকলো ধৰণৰ পাচলি। 

উল্লেখযোগ্য যে সাধাৰণ বজাৰত পাচলি বা আলু-পিঁয়াজৰ মূল্যতকৈ ছিণ্ডিকেট চক্ৰৰ পৰা ক্ৰয় কৰা বস্তুৰ মূল্য ৩০-৩৫ শতাংশ অধিক বুলি ক্ষুদ্ৰ ব্যৱসায়ীৰ দাবী। অভিযোগ মতে, ছিণ্ডিকেট চক্রত একাংশ কাৰ্বি লোকৰ লগতে গোপনে ডবকাৰ পাচলি বজাৰৰ একাংশ ব্যৱসায়ীও জড়িত থকাৰ অভিযোগ পোৱা গৈছে। যুগ যুগ ধৰি কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰত সাপ্তাহিক বজাৰত শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দি অহা এই ক্ষুদ্র ব্যবসায়ীসকলৰ অৱস্থাৰ সৃষ্টি হৈছে। কিয়নো ডবকাৰ পৰা যোৱা পাচলিভর্তি ট্রাক আবদ্ধ কৰা হৈছে ডেনগাঁৱত। দুয়োখন জিলাৰ আয়ুক্তৰ লগতে কার্বি পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই বিষয়টোত হস্তক্ষেপ কৰাৰ আহ্বান জনাইছে ক্ষুদ্র ব্যৱসায়ীসকলে। আনকি সাধাৰণ ৰাইজো প্রভাবিত হৈছে এই ছিণ্ডিকেট চক্ৰৰ কেঁকোৰাচেপাত। এই ছিণ্ডিকেটৰ বাবেই পাচলিৰ লগতে কণী, আনকি খোৱাপানীৰ বটলৰো দাম বৃদ্ধি হৈছে পাহাৰীয়া জিলাখনত। বিভিন্ন সূত্ৰৰ মতে, এই সমগ্ৰ ঘটনাৰ আঁৰত বকলীয়া আৰু লাংহিঙৰ দুই বৃহৎ ব্যৱসায়ী গোষ্ঠী জড়িত আছে।

Share This