কাজিৰঙাত সষ্টম পশু চিকিৎসা বিভাগ

dainik janambhumi May 25, 2025

ডিজিটেল ডেস্ক : পোহনীয়া গাহৰিৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিৰ সুৰক্ষা আৰু সম্ভাব্য ছোৱাইন ফিভাৰক লৈ সষ্টম হৈ পৰিছে কাজিৰঙাৰ কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়। আফ্রিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণৰ আশংকা কৰি জনসাধাৰণৰ মাজত সজাগতাৰ পোষকতা কৰিছে চিকিৎসালয়খনৰ চিকিৎসক, কর্মীয়ে। পশু চিকিৎসক ডাঃ বিশ্বজিৎ বৰুৱাই শনিবাৰে প্ৰকাশ কৰা মতে, আফ্রিকান ছোৱাইন ফিভাৰ অতি মাৰাত্মক, কিয়নো বৰ্তমানলৈকে ইয়াৰ ভেনি আৱিষ্কাৰ হোৱা নাই। তদুপৰি, গাহৰিৰ এই ৰোগ হ'লে মৃত্যুৰ সম্ভাৱনা প্রায় ১০০ শতাংশ বুলি প্রকাশ কৰি বৰুৱাই কয়, এনে ৰোগাক্রান্ত গাহৰিৰ ২৪ৰ পৰা ৪৮ ঘণ্টাৰ ভিতৰত মৃত্যু হয়। এনেক্ষেত্ৰত ৰাইজে পালন কৰা গাহৰিসমূহলৈ গাতে আফ্রিকান ছোৱাইনৰ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটোহে মূল কথা। 

বৰপেটাত শেহতীয়াকৈ আফ্রিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ কথা উল্লেখ কৰি বৰুৱাই কয় যে কাজিৰঙাত বৰ্তমানলৈকে ইয়াৰ প্রাদুর্ভাৱ হোৱা নাই। কিন্তু যদি হ'বলৈ হয় তেন্তে কাজিৰঙাৰ গ্রামাঞ্চলৰ পোহনীয়া গাহৰিৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিসমূহো বিপদত পৰাৰ সম্ভাৱনা প্রবল। কিয়নো, উদ্যানৰ একেবাৰে গাতে লাগি থকা গ্রামাঞ্চলসমূহত বনৰীয়া গাহৰিয়ে সঘনাই বিচৰণ কৰাৰ লগতে পোহনীয়া গাহৰিৰ সংস্পৰ্শলৈ আহে। গতিকে, নিজৰ গাহৰি বচোৱাৰ লগতে ৰাষ্ট্ৰীয় উদ্যানৰ গাহৰিক সুৰক্ষা দিবলৈ সকলো তৎপৰ হ'ব লাগিব বুলিও বৰুৱাই কয়। বৰুৱাই ৰাজ্যৰ অন্য প্রান্তত এনে প্রাদুর্ভাৱ ঘটাৰ এই সময়ছোৱাত কাজিৰঙাৰ আশেপাশে থকা গাহৰি পালকসকলক নিজৰ নিজৰ গাহৰি বান্ধি থোৱাৰ ব্যৱস্থা কৰাৰ লগতে বাহিৰৰ পৰা কিনি অনা দানা খুৱাবলৈ বাৰণ কৰিছে। পশু চিকিৎসক বৰুৱাই আৰু জানিবলৈ দিয়া মতে গাহৰিলৈ এই বীজাণু যিকোনো প্ৰকাৰে বিয়পিব পাৰে। সেয়ে বাহিৰৰ পৰা অহা কিনি অনা দানা পৰিহাৰ কৰাটো অতি প্রয়োজন। 

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত যথেষ্টসংখ্যক বনৰীয়া গাহৰিৰ বিচৰণ পৰিলক্ষিত হয়। ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱে ঘৰচীয়া গাহৰিৰ লগতে বনৰ গাহৰিকো বিপদত পেলাব পাৰে। অৱশ্যে পূর্বে এনেধৰণৰ এক পৰিস্থিতিত ৰাষ্ট্ৰীয় উদ্যান আৰু একেবাৰে কাষৰীয়া গাঁৱৰ সীমাত নলা খান্দি বনৰীয়া গাহৰি আৰু পোহনীয়া গাহৰি যাতে সংস্পৰ্শলৈ নাহে তাৰ ব্যৱস্থা কৰিছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাৰ্ত বসবাস কৰা লোকৰ গাহৰিৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গাহৰিৰ সংস্পৰ্শ সঘনাই হৈ থকাটো স্বাভাৱিক বুলি সাধাৰণ ৰাইজে গণ্য কৰে যদিও এই ক্ষেত্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কোনো বিপদ ঘটাৰ পূৰ্বে বিহিত ব্যৱস্থা গ্রহণ কৰাটো উত্তম হ'ব বুলি প্রণী বিজ্ঞানীয়ে মত প্রকাশ কৰে। কাৰণ পোহনীয়া গাহৰিক নিয়ন্ত্ৰণ কৰিব পাৰিলেও ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিক নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ।

Share This