ডিজিটেল ডেস্ক: অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিয়ে যোৱা ২৩ ডিচেম্বৰত ভাৰতৰ উপৰাষ্ট্রপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। অহা ৩১ জানুৱাৰী আৰু ১, ২ আৰু ৩ ফেব্রুৱাৰীত শ্রীমন্ত শংকৰদেৰ কলাক্ষেত্রত অনুষ্ঠিত হ'বলগীয়া অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক অধিৱেশনলৈ আদৰণী সমিতিয়ে উপৰাষ্ট্রপতি গৰাকীক নিমন্ত্রণ জনায়।
উপৰাষ্ট্রপতিগৰাকীক সাক্ষাৎ কৰা প্রতিনিধি দলটোত আদৰণী সমিতিৰ সভাপতি ড° হীৰালাল বৰা, উপ-সভাপতি প্রাণজিৎ শইকীয়া, বিষ্ণুৰাম মুনিছা, সাধাৰণ সম্পাদক বিষ্ণু দেৱী, সহকাৰী সম্পাদক দীপ্তি চমুরা, জ্যোৎস্না দেৱী আৰু কোষাধ্যক্ষ শশীন শর্মা উপস্থিত আছিল বুলি অসম সাহিত্য সভাৰ দ্বাদশ বিশেষ বার্ষিক পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ আদৰণী সমিতিৰ প্রচার উপ-সমিতির কার্যকরী সভাপতি আজিজুৰ ৰহমান শইকীয়াই জানিবলৈ দিছে। উপৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎকালত ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাও উপস্থিত থাকে।