চিৰাঙৰ বিজনীত ঘৰত কোনো নথকাৰ সুযোগত কিশোৰীক মাৰপিট ৩ যুৱকৰ

Rashmi April 11, 2026

ডিজিটেল ডেস্ক:  চিৰাং জিলাৰ বিজনী মহকুমাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, য’ত এজন প’লিং এজেণ্টৰ বাসগৃহত দুৰ্বৃত্তই উপদ্ৰৱ চলোৱাৰ লগতে এজনী  কিশোৰীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, অক্সিগুৰি অঞ্চলৰ বাসিন্দা সুদীপ কুমাৰ মল্লিকে যোৱা ৯ এপ্ৰিলত অনুষ্ঠিত ভোটগ্ৰহণত ওচৰৰ এটা ভোট কেন্দ্ৰত প’লিং এজেণ্ট হিচাপে দায়িত্ব পালন কৰি আছিল। সেই সময়ত ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ কেইজনমান দুৰ্বৃত্তই তেওঁৰ বাসগৃহত প্ৰৱেশ কৰে।

অভিযোগ অনুসৰি, দুৰ্বৃত্তই ঘৰখন ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ঘৰত থকা উচ্চ মাধ্যমিকৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰা কিশোৰীজনীক চুলিত ধৰি টানি আনি মাৰপিট কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ঘটনাটোৰ সৈতে জড়িত দুজন যুৱকক প্ৰসেনজিৎ মল্লিক আৰু সুজিত মল্লিক বুলি চিনাক্ত কৰিছে।  আনহাতে, এজনক এতিয়াও চিনাক্ত কৰিব পৰা নাই। কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি, বহু দিনৰে পৰা তাই ওপৰত বেয়া দৃষ্টি আছিল প্ৰসেনজিৎ মল্লিক নামৰ যুৱকজনৰ। পীড়িত কিশোৰীজনীয়ে দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

এই সন্দৰ্ভত বিজনী মহকুমা আদালতত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে।





উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This