ভিক্টৰ দাসৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু, গোচৰ ৰুজু কৰিছে ৰাজ্যিক মহিলা আয়োগে

Rashmi June 02, 2025

ডিজিটেল ডেস্ক : পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস। সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ক লৈ এতিয়া বিপদত পৰিছে ভিক্টৰ দাস। ইতিমধ্যে ভিক্টৰ দাসৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ।ভিক্টৰ দাসৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰিছে ৰাজ্যিক মহিলা আয়োগে। 

উল্লেখযোগ্য যে সামাজিক মাধ্যমত ভাইৰেল হৈছিল ভিক্টৰ দাসে এগৰাকী যুৱতীক প্ৰহাৰ কৰা ভিডিঅ'। ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতেই ভিক্টৰ দাসক লৈ চলিছে বহু চৰ্চা। কৃষাণু নামৰ এজন যুৱকৰ কোঠাত ভিক্টৰ দাসে যুৱতীগৰাকীক চলাইছিল নিৰ্যাতন। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত হৈছিল এই ঘটনাটো। সুৰাসক্ত অৱস্থাত  ভিক্টৰে যুৱতীগৰাকীক কৰিছিল অত্যাচাৰ।

আনহাতে, এই ঘটনাৰ বাবে বীৰ লাচিত সেনাই ভিক্টৰ দাসৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ। কিন্তু বীৰ লাচিত সেনাই দিয়া গোচৰ এতিয়াও পঞ্জীয়ন হোৱা নাই। ইফালে ভুক্তভোগী যুৱতীগৰাকীয়েও আৰক্ষীৰ সৈতে বৰ্তমানলৈ কোনো যোগাযোগ কৰা নাই বুলি জানিব পৰা গৈছে। ইতিমধ্যে আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধানত নামিছে যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

Share This