ডিজিটেল ডেস্ক : যোৰহাটৰ চিটিকার্ট নামৰ শ্বপিংমলত এগৰাকী যুৱতী কৰ্মচাৰীক বিপণীৰ পৰিচালকে অশ্লীল আচৰণ কৰা ঘটনাৰ গইনা লৈ বীৰ লাচিত সেনা যোৰহাট জিলা সমিতিৰ সভাপতি আৰু মুখ্য সচিবৰ বিৰুদ্ধে ধনবাদী কৰাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পাছত দেওবাৰে একেদিনাই আছুৰ নাম লৈ টায়াৰৰ দোকানত ভাবুকিৰে ধনদাবী কৰাৰ অভিযোগত যোৰহাটৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে কেইগৰাকীমান ভুক্তভোগী ব্যৱসায়ীয়ে। যোৰহাট জিলা ছাত্ৰ সন্থাৰ সদস্য তথা পূব যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা অৰ্ণৱ বৰা নামৰ যুৱকজনৰ লগতে তিনিজন আছু সদস্যই ভোগদৈ দলঙৰ পৰা কেন্দুগুৰি বাইপাছস্থিত টায়াৰৰ দোকানৰ লগতে বিভিন্ন দোকানৰ স্বত্বাধিকাৰীসকলক ধনদাবী কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে দহগৰাকী ব্যৱসায়ীয়ে স্বাক্ষৰ কৰি যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে।
এজাহাৰখনত উল্লেখ কৰা অনুসৰি, অৰ্ণৱ বৰাৰ লগতে তিনিজন আছুৰ সদস্যই টায়াৰৰ দোকানসমূহলৈ গৈ প্রতিখন দোকানৰ পৰা বছৰেকীয়াকৈ ৭ হাজাৰৰ পৰা ১০ হাজাৰ টকা দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে, আছুৰ নাম লৈ যোৱা তিনি মাহৰ পৰা ভয়-ভাবুকিৰে মোটা অংকৰ ধনদাবী কৰি আহিছে। ইফালে দাবী কৰা ধন আদায় দিব নোৱাৰিলে দোকান বন্ধ কৰাই দিয়াৰ ভাবুকি দিয়া বুলি এজাহাৰখনত উল্লেখ কৰিছে। দীর্ঘদিনৰ পৰা যুৱকৰ দলটোৱে ভয়-ভাবুকি প্রদান কৰাত নিৰাপত্তাহীনতাত ভুগিছে বুলিও এজাহাৰখনত উল্লেখ কৰিছে। এজাহাৰখনৰ লগত ধনদাবী কৰাৰ ঘটনাৰ চি চি টিভি কেমেৰাৰ ফটোও সংলগ্ন কৰি দিছে। যোৰহাটত আছুৰ দৰে জাতীয় সংগঠনৰ নেতাৰ নামত ধনদাবীৰ অভিযোগ উত্থাপন কৰাৰ ঘটনাই যোৰহাটত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে যোৰহাটৰ এ টি ৰ'ডৰ ভোগদৈ দলঙৰ পৰা বাইপাছলৈকে থকা টায়াৰৰ দোকানসমূহত প্রধানতঃ হিন্দীভাষী মুছলমান লোকে ব্যৱসায় চলাই আহিছে। সেইসকলকে আছুৱে ধনদাবী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। এজাহাৰখনত পাৰভেজ আলম, চানী আহমেদ, ইছমাইল আলম, এম আনচাৰী, অশোক কুমাৰ, হাচিম আলম, মহম্মদ আজাদ, ইমতিয়াজ আলমকে ধৰি দহগৰাকী ব্যৱসায়ীয়ে স্বাক্ষৰ কৰিছে।
লক্ষণীয় যে যোৰহাটত জাতীয় সংগঠনৰ নামত একাংশ লোকে ধন ঘটাৰ মাধ্যম কৰি সংগঠনসমূহৰ ব্যৱহাৰ কৰি তোলাটোৱে ৰাইজৰ মাজতো তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেইদিনমানৰ পূৰ্বে যোৰহাটৰ শ্বপিংমলত মহিলা কৰ্মচাৰীক অসৎ ব্যৱহাৰ কৰাৰ অভিযোগত মলটোৰ পৰিচালকক বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ বিষয়ববীয়াই লপাথপা দি আৰক্ষীক গতাই দিছিল। জাতীয় দায়িত্ব পালন কৰা বুলি ক'ব খোজা এই বিষয়ববীয়াই আকৌ মলটোৰ লগত ধনদাবী কৰা ভিডিঅ' ভাইৰেল হোৱা ঘটনাই সংগঠনসমূহ কোন পথে গতি কৰিছে, সেই কথা সহজে অনুমেয় হৈছে। ধন ঘটাৰ অচিলাৰে একাংশ লোকে সমাজত বিষবাষ্প বিয়পাই সমাজখন বিপথগামী কৰি তোলা ঘটনা সচেতন ৰাইজে সহজভাৱে লোৱা নাই। আনহাতে, বীৰ লাচিত সেনাৰ যোৰহাট জিলা সমিতিৰ পৰা সভাপতি আদিত্য সাগৰ পানীফুকন আৰু সচিব সুজিত দত্তক অব্যাহতি দিয়া হৈছে বুলি কেন্দ্রীয় সমিতিয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে।