কোকৰাঝাৰত হিংসাৰ দাবানল, সেনাৰ ফ্লেগ মার্চ, গৰু চোৰৰ সন্দেহক লৈ দুটা সম্প্ৰদায়ৰ সংঘাত, দুজনৰ মৃত্যু

dainik janambhumi January 21, 2026

ডিজিটেল ডেস্ক : কোকৰাঝাৰ জিলাৰ কাৰিগাঁৱৰ গৌৰীনগৰত সোমবাৰে নিশা সংঘটিত এটা ঘটনাক কেন্দ্ৰ কৰি কালি কোকৰাঝাৰত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয়। পুৱাৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে কাৰিগাঁও আৰক্ষী চকী ঘেৰাও কৰে। সমান্তৰালভাৱে প্রতিবাদকাৰীসকলে টায়াৰ জ্বলাই কাৰিগাঁও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাত পৰিস্থিতি ক্রমান্বয়ে উত্তপ্ত হৈ পৰে আৰু এটা সময়ত প্রতিবাদকাৰীসকলে কাৰিগাঁও উপ- আৰক্ষী চকীৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে। প্রতিবাদকাৰীসকলে উপ-আৰক্ষী চকীত কালি নিশা ঘটনাৰে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ২২গৰাকী লোকক কাৰিগাঁও উপ- আৰক্ষী চকীত আবদ্ধ কৰি ৰাখিছে নেকি সেয়া বিচাৰি কোঠাই কোঠাই তালাচী অভিযান চলায়। ইয়াৰ সমান্তৰালভাৱে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰীয় ঘাইপথত দুখন মটৰচাইকেল জ্বলাই দিয়ে। প্রতিবাদকাৰীসকলে বীৰছা কমাণ্ডোৰ অস্থায়ী শিবিৰ, নিৰ্মাণাধীন বীৰসিং মুণ্ডা সাংস্কৃতিক প্রকল্প চৌহদত থকা শ্রমিকৰ গৃহ আৰু কাৰিগাঁৱৰ দাঁতি-কাষৰীয়া এলেকাৰ কেইবাটাও গৃহ জ্বলাই দিয়াৰ দিয়াৰ লগতে দোকানৰ ক্ষতিসাধন কৰে। আৰক্ষীয়ে প্রতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও প্রতিবাদকাৰীসকল কোনো কথা শুনিবলৈ মান্তি নহ'ল। প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত শাৰী শাৰী বাহন আবদ্ধ হৈ পৰে আৰু কেইবাখনো ভুটানৰ মালবাহী আৰু যাত্রীবাহী গাড়ী আবদ্ধ হয়। 

আনহাতে প্রতিবাদকাৰীসকলে অধিক উগ্ৰ ৰূপ ধাৰণ কৰাত লাহে লাহে আৰক্ষী কঠোৰ হ'বলৈ ধৰে। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত প্ৰতিবাদকাৰীসকল অলপ আঁতৰি যায় যদিও পুনৰাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰাখে। এনে এক উত্তেজনাময় পৰিৱেশৰ মাজতে আৰক্ষী মহাপৰিদৰ্শক বিবেক ৰাজ সিং ঘটনাস্থলীত উপস্থিত হৈ প্রতিবাদকাৰীসকলক অৱৰোধ কাৰ্যসূচী প্রত্যাহাৰ কৰিবলৈ আহ্বান জনায়। কিন্তু প্রতিবাদকাৰীসকল মান্তি নহয় আৰু প্ৰতিবাদকাৰীসকলৰ সৈতে আৰক্ষীৰ ঠেলা-হেঁচা আৰম্ভ হয়। এটা সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত লাঠীচালনা কৰি ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে। প্ৰতিবাদকাৰীসকলে এইবাৰ আৰক্ষীলৈ লক্ষ্য কৰি শিলাবর্ষণ আৰম্ভ কৰে আৰু যাৰ ফলত এগৰাকী আৰক্ষী বিষয়াসহ দুজন আৰক্ষীৰ জোৱান আহত হয়। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্রভংগ দিয়াবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে। কেইবাঘণ্টা যুঁজি অৱশেষত আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথ মোকলাবলৈ সক্ষম হয় আৰু আবদ্ধ হৈ পৰা যান-বাহনসমূহ এছক'র্ট দি পাৰাপাৰ কৰে। ইপিনে প্রতিবাদকাৰীসকলে বিশেষ সম্প্ৰদায়ৰ গাঁৱৰ ভিতৰলৈ সোমাই খেৰৰ পুঁজি পর্যন্ত জ্বলাই দিয়ে। বাতৰি লিখাৰ পৰলৈকে অঞ্চলটোত উত্তেজনা অব্যাহত আছে আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ দুটা বাহিনীৰ লগতে চি আৰ পি এফৰ বাহিনী মোতায়েন কৰা হৈছে। সেনা বাহিনীৰ দলে কাৰিগাঁও এলেকাত ফ্লেগমাৰ্ছ কৰাৰ লগতে কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। আনহাতে কাৰিগাঁও আৰু আওদাং বজাৰ এলেকাৰ দুয়োটা সম্প্ৰদায়ৰ কেইবাটাও পৰিয়ালে আতংকিত হৈ স্কুলৰ অস্থায়ী শিবিৰত আশ্রয় ল'বলৈ বাধ্য হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে কালিনিশা এটা ভুল বুজাবুজিৰ পৰিণতিতে কাৰিগাঁও আৰক্ষী চকীৰ পৰা এক-ডেৰ কিল মিটাৰ নিলগৰ গৌৰীনগৰত এটা ভয়ানক ঘটনা সংঘটিত হয়। কাৰিগঁৱৰ পৰা আওডাং বজাৰ যোৱা পথটো নিৰ্মাণৰ বাবে ঠিকা লাভ কৰা বাৰোন্দা বসুমতাৰী নামৰ ঠিকাদাৰজনৰ কেম্পৰ পৰা নিৰ্মাণ সামগ্রী আনিবলৈ বাৰোন্দা বসুমতাৰীৰ জোঁৱায়েক চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰীয়ে আন তিনি সংগীক লৈ স্কৰ'পিঅ' গাড়ীৰে ওলাই যায়। তেওঁলোক সামগ্রী লৈ ঘূৰি আহোঁতে গৌৰীনগৰৰ মাছিং এলেকাত একাংশ যুৱকে তেওঁলোকক গৰু চোৰ বুলি সন্দেহ কৰি গাড়ী ৰখাবলৈ চেষ্টা কৰে। সেই সময়তে স্কৰ'পিঅ'খন দুর্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাৰ ফলত গাড়ী ৰখাবলৈ চেষ্টা কৰা দুই স্থানীয় বাসিন্দা মহেশ মুর্মু আৰু সুনীল মুর্মু গুৰুতৰভাৱে আহত হয়। ইয়াৰ পাছতে যুৱকৰ দলটোৱে স্কৰপিঅ' বাহনখনলৈ শিলগুটি নিক্ষেপ কৰাত নিয়ন্ত্ৰণ হেৰুৱাই স্কৰপিঅ' বাহনখন সৰু খাল এটাত বাগৰি পৰাত যুৱকৰ দলটোৱে স্কৰপিঅ' বাহনত থকা লোকসকলক আক্রমণ কৰে। যুৱকৰ দলটোৰ আক্ৰমণত চিকনা জৌহালৌও বিস্মিত ওৰফে ৰাজা বসুমতাৰীৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে প্রভাত ব্রহ্ম আৰু যুগিৰাজ ব্রহ্মা গুৰুতৰভাৱে আহত হয়। দুর্ঘটনাত আৰু আক্রমণত আহত হোৱা চাৰিজনকে কোকৰাঝাৰ মেডিকেল কলেজ আৰু চিকিৎসালয়ত ভর্তি কৰোৱা হয়। আনহাতে স্কৰ'পিঅ'ৰ খুন্দাত আহত হোৱা সুনীল মুর্মু (৩২) নামৰ যুৱকজন আজি চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। ইপিনে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইছলাৰীয়ে এটা দুর্ঘটনাৰ আলম লৈ মাৰধৰ কৰি হত্যা কৰা আৰু উক্ত ঘটনাৰ আলম লৈ পৰৱৰ্তী পৰ্যায়ত অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি হোৱাটো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে। সকলো পক্ষকে শান্তি-সম্প্রীতি বর্তাই ৰাখিবলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে আইন হাতত তুলি নল'বলৈ সকলোৰে প্রতি আহ্বান জনাইছে।

এই অঞ্চলসমূহত বিভিন্ন সময়ত বিভিন্ন ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰি সেয়ে সকলো পক্ষকে শান্তি-সংযম বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। আনহাতে সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি বিমল কুমাৰ হেমব্রম আৰু সম্পাদক দীপাংকৰ হেমব্রমে আৰক্ষী সঞ্চালকপ্রধানলৈ দিয়া এখন পত্রত বিষয়টো সারধানে নিষ্পত্তি নকৰিলে সাম্প্রদায়িকতাৰ ফালে গতি কৰিব বুলি আশাংকা প্রকাশ কৰে। গণপ্ৰহাৰ ঘটনাৰে জড়িত থকাসকলক ফাষ্টট্রেক আদালতত বিচাৰৰ দাবী জনাই আহতসকলক পর্যাপ্ত চিকিৎসা সেবা দিবলৈ দাবী জনাইছে। উভয় পক্ষৰ গাঁওসমূহত অধিক অর্ধসামৰিক বাহিনী আৰু ৰেপিড একশ্যন ফ'ৰ্চ নিয়োগ কৰিবলৈ দাবী জনাই শান্তিৰ বাবে দুয়োপক্ষকে লৈ আগবাঢ়িবলৈ আহ্বান জনাইছে। প্রণিধানযোগ্য যে কালিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে কালি নিশাই ১৯জন আৰু আজি ৩জনক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আটকাধীন লোকসকল হ'ল ক্রমে সত্যনাথ টুডু (৪৭), গুদৰাই কিস্কু (৩০), গুনি মার্ডি (২৮), পৱন হেমব্রম (২২), মংগল মুর্মু (২০), বাজু বাস্কি (২৬), সোণীৰাম মুর্মু (৩০), ৰবিন হেমব্রম (৪৫), সোবান মার্ডি (৩৫), ৰবিন ছ'বেন (২৫), ববি হাছদা (৩৮), বাচিলিঅ'ছ ছ'ৰেন (২৩), চাবাহ মুর্মু (৬০) নিকোলাছ ছ'বেন (৩৫), সোম হেমব্রম (১৮), চেবাছ হেমব্রম (৪৪), সুনীল টুডু (৩৫) আৰু মন্টু মুর্মু (২৫)। ইতিমধ্যে অসম আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিৎ সিংসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল কাৰিগাঁৱত উপস্থিত হৈ পৰিস্থিতি পর্যবেক্ষণ কৰি আছে। আনহাতে আৰক্ষী মহাপৰিদৰ্শক অখিলেখ সিং কাৰিগাঁৱত উপস্থিত হৈ আইন কাকো হাতত তুলি ল'বলৈ দিয়া নহ'ব বুলি মন্তব্য কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰেপিড একশ্যন ফ'ৰ্চ আৰু অর্ধসামৰিক বাহিনী নিয়োগ কৰা বুলি সদৰী কৰে।

Share This