নির্বাচন আয়োগে ঘোষণা কৰিলে ৫ ৰাজ্যৰ নিৰ্বাচন সূচী, ৯ এপ্রিল বিহুৰ আগতে ৰাজ্যত ভোট

dainik janambhumi March 16, 2026

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিৰোধী দলসমূহে বহাগ বিহুৰ আগে-পাছে কেইবাটাও পর্যায়ত নির্বাচন অনুষ্ঠিত কৰা নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল যদিও নির্বাচন আয়োগে কালি কৰা ঘোষণা অনুসৰি অহা ৯ এপ্রিলত এটা পৰ্যায়তে অসম বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ'ব। 

উল্লেখযোগ্য যে দেশৰ নির্বাচন আয়োগৰ পূৰ্ণাংগ দল অসম ভ্রমণলৈ অহাৰ সময়ত ৰাজ্যিক বিজেপিয়ে অসমত এটা পর্যায়ত বহাগ বিহুৰ পূৰ্বে বিধানসভাৰ নিৰ্বাচন বিচাৰি স্মাৰক-পত্ৰ প্ৰদান কৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মায়ো বিহুৰ পূৰ্বে এটা পর্যয়তে ভোটগ্রহণ হোৱাৰ পোষকতা কৰিছিল। সেই অনুসৰিয়েই কালি এটা পর্যায়তে অসমত নির্বাচন অনুষ্ঠিত কৰাৰ কথা আয়োগে ঘোষণা কৰে।

অসমৰ লগতে কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু পুডুচেৰীৰ নিৰ্বাচনৰ দিনো নিৰ্বাচন আয়োগে ঘোষণা কৰে। অহা ৪ মে'ত কেউখন ৰাজ্যত একেলগে কৰা হ'ব ভোট গণনা। কাইলৈ কেউখন ৰাজ্যত আয়োগে আনুষ্ঠানিক নির্বাচনী অধিসূচনা জাৰি কৰিব। মুখ্য নির্বাচন আয়ুক্তই ঘোষণা কৰা নিৰ্বাচনী সূচী অনুসৰি ২৩ এপ্রিল মনোনয়ন দাখিলৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছে। ২৪ এপ্ৰিলত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব। প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰৰ দিন নিৰ্ধাৰণ কৰা হৈছে ২৬ এপ্রিল। ৬ মে'ত নিৰ্বাচনৰ সকলো প্রক্রিয়া সমাপ্তি ঘটিব। 

উল্লেখযোগ্য যে অসমত ১-১-২০২৬ক ভিত্তি হিচাপে লৈ বিশেষ সংশোধিত (এছ আৰ) ভোটাৰ তালিকা যোৱা ১০ ফেব্ৰুৱাৰীত প্রকাশ হৈছে আৰু এই ভোটৰ তালিকাৰ ভিত্তিতে অসমত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে অসমত পুনৰ গঠিত সমষ্টিৰ ভিত্তিত ২০২৪-ত লোক সভা নির্বাচন অনুষ্ঠিত হৈ গৈছে যদিও নতুন সমষ্টিৰ ভিত্তিত বিধানসভাৰ নিৰ্বাচন পোন প্ৰথমবাৰৰ বাবে ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। সমষ্টি পুনৰ গঠন অনুসৰি অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯টা, অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা ৯টা। 

২০২৪ চনত অনুষ্ঠিত লোক সভাৰ নিৰ্বাচনত ৰাজ্যত ভোট কেন্দ্ৰৰ সংখ্যা আছিল ২৮৬৫০টা, বিধানসভাৰ নিৰ্বাচনত ৩১৪৮৬টালৈ ভোেট কেন্দ্ৰৰ সংখ্যা বৃদ্ধি হৈছে। সর্বাধিক সংখ্যক ১২০০ গৰাকী ভোটাৰক লৈ ভোট কেন্দ্রসমূহ গঠন কৰা হৈছে। অসমত মুঠ ২,৫০,২১,৪০৮ গৰাকী ভোটাৰে ৯ এপ্ৰিলত ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে সাধাৰণ ভোটাৰৰ সংখ্যা ২,৪৯,৫৮, ১৩৯গৰাকী আৰু ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ৬৩, ২৬৯গৰাকী। বিশেষ সংশোধনীৰে এই বছৰৰ বাবে প্ৰকাশ হোৱা ভোটাৰ তালিকাত ১৮-১৯ বছৰৰ ৫,৭৫,২৫৮ গৰাকী নতুন ভোটাৰৰ নাম অন্তর্ভুক্ত হৈছে। ভোটাৰ তালিকাত অন্তর্ভুক্ত হোৱা দিব্যাংগ সংখ্যা ২,০৩,৭০৯গৰাকী, তৃতীয় লিংগ ভোটাৰ ৩৪৩গৰাকী আৰু ৮৫ বছৰৰ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা ১,০৪,২৩৮ গৰাকী। 

ভোটাৰসকলে ভোটদানৰ সময়ত ফটোযুক্ত ভোটাৰ পৰিচয় পত্র দেখুৱাব নোৱাৰিলে ১২ বিধ মূল নথি প্ৰদৰ্শন কৰিও ভোটদান কৰাৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে। এই নথিসমূহৰ ভিতৰত আছে আধাৰ কার্ড, এম জি এনৰেগাৰ জবৰ্কাড, ফটো সংলগ্ন বেংক বা ডাক ঘৰৰ পাছবুক, শ্রম মন্ত্ৰ্যালয়, আয়ুষ্মান ভাৰতৰ হেলথ কার্ড বা হেলথ ইঞ্চিউৰেন্সৰ স্মার্ট কার্ড, ড্রাইভিং লাইচেঞ্চ, পানকাৰ্ড, আৰ জি আয়ে প্ৰদান কৰা স্মার্ট কার্ড, পাছপ'র্ট, ফটো সংলগ্ন হৈ থকা পেঞ্চনৰ নথি, কেন্দ্ৰীয়, ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা খণ্ডত কাম কৰা কৰ্মচাৰীৰ পৰিচয় পত্র, সাংসদ-বিধায়কে প্ৰদান কৰা চৰকাৰী পৰিচয় পত্র, কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ে প্রদান কৰা দিব্যাংগৰ পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিও ফটোযুক্ত ভোটাৰৰ পৰিচয় পত্র নথকা ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে।

Share This