ডিজিটেল ডেস্ক: আজি অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য হ’ব নিৰ্ণয়।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৰাজ্যৰ প্ৰায় আঢ়ৈ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ২৪ লাখ ৭৫হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। লগতে আছে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ।
৩১৪৮৬টা ভোটকেন্দ্ৰত হ’ব ভোটগ্ৰহণ। সকলো ভোটগ্ৰহণ কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। এইবাৰ নিৰ্বাচনত মুঠ ১ লাখ ৫১ হাজাৰ ১৩২ গৰাকী ভোটগ্ৰহণ বিষয়াক নিয়োগ কৰা হৈছে।
সুচাৰুৰূপে ভোটগ্ৰহণ কৰাৰ বাবে আৰক্ষীৰ লগতে মোতায়েন কৰা হৈছে CRPF। ৭২২ প্ৰাৰ্থীৰ ভিতৰত পুৰুষ প্ৰাৰ্থীৰ সংখ্যা ৬৬৩গৰাকী আৰু মহিলা প্ৰাৰ্থীৰ সংখ্যা ৫৯গৰাকী।
উৎস: প্ৰাগ নিউজ ডিজিটেল