ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ ৰঙিয়াত আয়োজিত এখন বিশাল জনসভাত ৰঙিয়া বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৩২,৭৮৭ গৰাকী উদ্যমী মহিলালৈ মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰ টকাকৈ চে'ক প্রদানৰ শুভাৰম্ভ কৰে। চে'ক লাভ কৰা মহিলাসকলৰ ৩০,৬৬৫গৰাকী গ্রামাঞ্চলৰ আৰু ২,১২২গৰাকী নগৰাঞ্চলৰ। মুখ্যমন্ত্ৰীয়ে ৰঙিয়া চহৰৰ ৪নং ৱাৰ্ডত পৌৰসভাৰ কাৰ্যালয়ৰ সমীপত ৰঙিয়াৰ প্রথম মুক্তিযোদ্ধা, আধুনিক ৰঙিয়াৰ ৰূপকাৰ শান্তিৰাম লহকৰ উদ্যান উদ্বোধন কৰে। তেওঁ উদ্যানখনৰ ভিতৰত স্থাপন কৰা মুক্তিযোদ্ধা শান্তিৰাম লহকৰৰ এটা পূর্ণাবয়র প্রতিমূর্তি আৰু তেওঁৰ স্মৃতিত প্রণীত এখন গ্রন্থও উন্মোচন কৰে। মুখ্যমন্ত্ৰীয়ে উদ্যানখনত নির্মিত এটা সুদৃশ্য ক্লক টাৱাৰো মুকলি কৰে। ড° শৰ্মাই লগতে ৰঙিয়া টাউনত লোকনিৰ্মাণ বিভাগৰ এটা পৰিদৰ্শন বঙলা আৰু লোকনির্মাণ বিভাগৰ উত্তৰ কামৰূপ পথ সংমণ্ডল আৰু উপ-সংমণ্ডলৰ নৱনির্মিত কার্যালয় উদ্বোধন কৰে। মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ কালি এই সভাৰ আৰম্ভণিতে মুখ্যমন্ত্রীয়ে লাচিত দিৱস উপলক্ষে মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অর্পণেৰে বীৰ যোদ্ধাগৰাকীলৈ গভীৰ শ্ৰদ্ধা নিৱেদন কৰে।
সভাত ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই মহাবীৰ লাচিত বৰফুকনৰ জন্মদিৱসত অসম মাতৃৰ বীৰ সন্তানগৰাকীলৈ শ্রদ্ধা নিৱেদন কৰি কয় যে লাচিত বৰফুকনৰ সাহস, বীৰত্ব, শৌর্য আৰু বীৰ্যৰ বাবেই আহোম সেনাই মোগলক পৰাজিত কৰি অসমীয়াৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। তেওঁ লাচিত বৰফুকনৰ আদৰ্শেৰে উজ্জীৱিত হৈ অসম মাতৃক, অসমৰ মাটিক ৰক্ষা কৰাৰ বাবে অসমৰ নৱ প্ৰজন্মক আহ্বান জনায়। ভাষণত ড° শর্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যোৰহাটত এখন জনসভাত প্রদান কৰা ভাষণত দেশৰ তিনি কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্পৰ কথা ঘোষণা কৰিছিল। মহাত্মা গান্ধীয়ে অসমৰ মহিলাই তাঁতশালত সপোন ৰচিব পাৰে বুলি কৰা মন্তব্যৰ উদ্ধৃতিৰে প্রধানমন্ত্রীয়ে অসমীয়া মহিলা উদ্যোগী, সকলো ফালৰে পৰা আগবঢ়া, সুযোগ আৰু সুবিধা পালে লাখপতি বাইদেউ হ'ব পাৰিব বুলি মন্তব্য কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শ মর্মে অসমৰ ৪০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা বুলি ড° শর্মাই কয়। তেওঁ কয় যে অসমৰ বহু লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। বছৰি ১০ লাখ টকা বা তাতকৈ অধিক উপাৰ্জন কৰি অসমৰ বহু মহিলা মহা লাখপতি বাইদেউ হৈছে। তেওঁ কয় যে অহা জানুৱাৰী মাহৰ ভিতৰত অসমৰ ৩২ লাখ মহিলাক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰা হ'ব। ড° শর্মাই কয় যে প্রথম কিস্তিত প্ৰদান কৰা ১০ হাজাৰ টকা আৰম্ভণিহে। এই ধন উৎপাদনমূলক কামত খৰচ কৰিলে পৰৱৰ্তী সময়ত অধিক ধন প্ৰদান কৰা হ'ব। প্রথম কিস্তিৰ ১০ হাজাৰ টকা কেনেদৰে ব্যৱহাৰ কৰি সেই সন্দৰ্ভত ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যমিতা পুঁজি হিচাপে লাভ কৰা ১০ হাজাৰ টকাৰ প্ৰথম কিস্তিৰ ধন যদি মহিলাসকলে নিজৰ আত্মসহায়ক গোটত জমা কৰে, তেনেহ'লে ১ লাখ টকাৰ এটা পুঁজি গঠন হ'ব। এই পুঁজিৰে আৰু বেংকৰ পৰা ঋণ লৈ তেওঁলোকে সমূহীয়াভাৱে কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে। নতুবা তেওঁলোকে নিজস্বভাৱেও কোনো ব্যৱসায় আৰম্ভ কৰিব পাৰে, নাইবা পৰিয়ালৰ পূৰ্বতে থকা ব্যৱসায়ৰ সম্প্ৰসাৰণৰ কামতো এই পুঁজি ব্যৱহাৰ কৰিব পাৰে। ৬-৭মাহ মানৰ পাছত চৰকাৰে এই পুঁজিৰ ব্যৱহাৰৰ মূল্যায়ন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে মহিলাসকলে প্ৰাৰম্ভিক পুঁজি হিচাপে লাভ কৰা এই ১০ হাজাৰ টকা সদ্ব্যৱহাৰ কৰিলে দ্বিতীয় বছৰত ২৫ হাজাৰ টকা আৰু এই ধন উৎপাদনমুখী কামত খৰচ কৰিলে তৃতীয় বছৰত ৫০ হাজাৰ টকা লাভ কৰিব। অসমৰ মহিলাই কষ্ট কৰি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে বহুতে নিজকে লাখপতি আৰু মহা লাখপতি বাইদেউ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে ৰঙিয়া সমষ্টিৰ কেইগৰাকীমান লাখপতি বাইদেউৰ উদাহৰণ দাঙি ধৰে।
তেওঁ কয় যে ৰঙিয়া উন্নয়ন খণ্ডৰ আকাশীগংগা চি এল এফৰ অধীনৰ মণিকাঞ্চন আত্মসহায়ক গোটৰ সদস্যা নমিতা কলিতাই ৰেষ্টুৰেণ্ট আৰু খাদ্য ব্যৱসায়ৰ জৰিয়তে নিজকে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। তেওঁ মাহে প্রায় ১২ হাজাৰ টকা উপার্জন কৰে। একেদৰে সমষ্টিটোৰ তুলসীবাৰী গাঁৱৰ মহীয়সী চি এল এফৰ অধীনৰ সোঁৱণশিৰি আত্মসহায়ক গোটৰ সদস্যা ববিতা চৌধুৰীয়ে নাৰ্ছাৰী ব্যৱসায়েবে মাহে প্রায় ১৫ হাজাৰ টকা উপার্জন কৰিবলৈ সক্ষম হৈছে। ৰঙিয়া সমষ্টিত নতুনকৈ তিনি হাজাৰ মহিলাক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ'ব বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় কেৱল ধন প্ৰদানৰ আঁচনি নহয়, ইয়াৰ জৰিয়তে ঘৰত মহিলাসকলৰ সন্মান বৃদ্ধি পাইছে। তেওঁ কয় যে ৰঙিয়া সমষ্টিত বর্তমান ৩৩,৭৮৪টা পৰিয়ালে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। ৪০,১৭৮ গৰাকী হিতাধিকাৰীয়ে বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে, ৪,৩৭৬গৰাকী ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰিছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত অসম চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত ৰাইজৰ বাবে নিৰন্তৰ কাম কৰি আছে। নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি ৰাজ্য চৰকাৰে ১ লাখৰো অধিক লাখ যুৱক-যুৱতীক স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে মেধাৰ ভিত্তিত চৰকাৰী চাকৰি প্রদান কৰিছে। অনুষ্ঠানত পৰিৱেশ আৰু বন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰাজ্য সভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, লোক সভাৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক ভৱেশ কলিতা, সুমন হৰিপ্রিয়া, কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, সমাজকর্মী ভাস্কৰ কলিতা, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, যুৱ আয়োগৰ ৰাষ্ট্ৰীয় সদস্য ৰাতুল শৰ্মা, অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ প্ৰকল্প সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈ, কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
'ইফালে ১২৬টা বিধানসভা সমষ্টিৰ ১২৬টাতে আমি প্রার্থী দিম। ইয়াৰে ২২টা সমষ্টিত আমি নিজিকোঁ। ১০৩ সমষ্টিত আমি যুঁজ দিম। কেৱল বিজেপি বুলি নহয়, অগপ-বিজেপি মিলি আমি যুঁজ দিম।' এই ঘোষণা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। ৰঙিয়াত কালি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চে'ক বিতৰণ অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে ড° শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, '২২টা সমষ্টিত আমি নিজিকোঁ। কিয়নো তাত আমাৰ পৰিৱেশ নাই। 'ডেমগ্রাফি' নাই। বিধানসভাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ প্রার্থী বাছনিৰ ক্ষেত্ৰত 'ৰিপ'ৰ্ট কার্ড' গুৰুত্বপূৰ্ণ হ'ব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ৰাইজে যাকে ভাল পায় তেওঁকে টিকট দিয়া হ'ব। ৰাইজে ভাল পালেই হ'ল। ইয়াত বেলেগ কোনো কথা নাই। আসন বুজাবুজিৰ ক্ষেত্ৰত অসম গণ পৰিষদৰ সৈতে কথা-বতৰা হৈছেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অগপৰ নেতৃবৰ্গৰ সৈতে কথা-বতৰা হৈয়েই থাকে। যেতিয়াই কেবিনেট বৈঠক হয় তেতিয়াই আমি কথা পাতিয়েই থাকোঁ। ৰঙিয়া সমষ্টি কোনো কাৰণতে অগপক এৰি দিয়া নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰঙিয়াত বিজেপিৰ বিধায়ক আছে। এনেক্ষেত্রত সমষ্টিটোত অহাবাৰো বিজেপিৰ বিধায়কেই থাকিব। অগপক যিমান পাৰি আসন দিব লাগিব বুলি তেওঁ তাৎপর্যপূর্ণ মন্তব্য কৰে।