অসমৰ পৰা বিলাতী সুৰা কঢ়িয়াই নিয়া ট্ৰাক পশ্চিম বংগ সীমান্তত জব্দ 

Rashmi May 30, 2025

ডিজিটেল ডেস্ক : কাষৰীয়া পশ্চিম বংগৰ বক্সিৰহাট আৰক্ষীৰ বৃহৎ সফলতা । অসমৰ পৰা বিলাতী সুৰা কঢ়িয়াই নিয়া ট্ৰাক পশ্চিম বংগ সীমান্তত জব্দ ।

যোৱা নিশা দহমান বজাত গোপন খবৰৰ ভিত্তিত বক্সিৰহাট আৰক্ষীয়ে অসমৰ পৰা পশ্চিম বংগত প্ৰৱেশ কৰাৰ সময়তে জোৰাই মড়ত থকা নাকা চেকপইণ্টত MP09DY8169  নম্বৰৰ এখন ট্ৰাক আটক কৰে। ট্ৰাকখনত বিশেষকৈ বনোৱা চেম্বাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা লুকুৱাই নিয়া হৈছিল।

পূৰ্বৰ পৰাই পশ্চিম বংগ আৰক্ষীয়ে এই তথ্য লাভ কৰিছিল। সেই অনুসৰি, বক্সিৰহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে সীমান্ত অঞ্চলত খাপ পিটি আছিল। ট্ৰাকখন অসমৰ পৰা পশ্চিম বংগত প্ৰৱেশৰ লগে লগে আৰক্ষীয়ে চালক, হেণ্ডিমেনসহ ট্ৰাকখন জব্দ কৰি থানালৈ নিয়ে। থানাত তালাচী চলোৱাত গোপন চেম্বাৰৰ পৰা কেইবা লাখ টকাৰ বিলাতী সুৰা জব্দ কৰে আৰক্ষীয়ে।

উৎস: প্ৰাগ নিউজ ডিজিটেল

Share This