শান্ত হৈছে পশ্চিম কাৰ্বি আংলং

dainik janambhumi December 25, 2025

ডিজিটেল ডেস্ক: কাৰ্বি আংলং-পশ্চিম কাৰ্বি আংলং জিলাত পিজি আৰ-ভি জি আৰ ভূমিত হোৱা অখিলঞ্জীয়া লোকৰ অবৈধ বেদখল মুক্ত কৰাৰ দাবীৰে যোৱা ৮ ডিচেম্বৰৰ পৰা একাংশ সচেতন যুৱকে কৰা অনশনে হিংসাত্মক ৰূপ লোৱাৰ পাছত কালি পৰিস্থিতি ক্রমাৎ শান্ত হৈ পৰা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে শান্তিপূর্ণভাৱে আমৰণ অনশনত বহা যুৱকসকলৰ নেতা লিটচন ৰংফাৰকে ধৰি আন ৬জন যুৱকক আৰক্ষীয়ে যোৱা ২২ ডিচেম্বৰৰ পুৱতি নিশা অনশনস্থলীৰ পৰা জোৰজবৰদস্তি তুলি নি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈছিল। আৰক্ষীয়ে অনশনকাৰীসকলক উঠাই অজ্ঞাত স্থানলৈ নিয়া বুলি প্রচাৰ হোৱাৰ লগে লগে হাজাৰ হাজাৰ জনতা পথলৈ ওলাই আহি সমগ্র খেৰণি অঞ্চলত তীব্র প্রতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। পাছলৈ এই প্রতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে আৰু প্রতিবাদকাৰীসকল নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ খেৰণিৰ এটা বিশেষ সম্প্ৰদায়ৰ বাসগৃহ আৰু দোকানসমূহত আক্রমণ কৰাৰ লগতে লুটপাত আৰম্ভ কৰে 

২৩ ডিচেম্বৰৰ সমগ্ৰ দিনটো প্রতিবাদকাৰীয়ে এক প্রকাৰ খেৰণি অঞ্চলত উপদ্রৱ চলোৱাৰ উপৰি অগ্নিসংযোগ কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আৰক্ষীয়ে প্রতিবাদকাৰীসকলক নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম নোহোৱাত খেৰণিৰ উপৰি দাঁতি-কাষৰীয়া অঞ্চললৈ এই হিংসা বিয়পি পৰে। নিশাই অসম আৰক্ষীৰ সঞ্চালকপ্রধান, অসম চৰকাৰৰ মুখ্য সচিব, আই জি পি অখিলেশ সিং ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলাই যদিও আৰক্ষী বিফল হয়। মন্ত্রী ডাঃ ৰণোজ পেণ্ড ঘটনাস্থলীত উপস্থিত হৈ অনশনকাৰীসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্রী পেণ্ডৰ বুজনিত সৈমান হৈ প্রতিবাদকাৰীসকলে অহা ২৬ ডিচেম্বৰত দিছপুৰত মুখ্যমন্ত্রীৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয়। মন্ত্রী পেণ্ড খেৰণিৰ পৰা ওভতাৰ পাছতেই পৰিস্থিতি অধিক ভয়াবহ হৈ পৰে আৰু নিয়ন্ত্রণৰ বাহিৰলৈ যায়। সমগ্র দিনটো আৰক্ষীয়ে প্রতিবাদকাৰী আৰু বিহাৰী সম্প্রদায়ক শান্ত কৰিবলৈ চেষ্টা কৰে যদিও বিয়লি ৫ বজালৈকে সফল নহ'ল। অৱশেষত আৰক্ষীয়ে লাঠীচালনা কৰাৰ উপৰি গুলীচালনা কৰাত চিংথি তিমুং নামৰ এজন প্রতিবাদকাৰী ঘটনাস্থলীতে নিহত হয়। ইয়াৰ পাছত পৰিস্থিতি আৰক্ষীৰ নিয়ন্ত্রণলৈ আহে। 

আনহাতে, মঙ্গলবাৰে নিশা গৃহ বিভাগে অসম আৰক্ষীৰ ৮টা বেটেলিয়ন আৰু চি আৰ পি এফৰ ৫টা বেটেলিয়ন খেৰণিত মোতায়েন কৰাৰ উপৰি ৰেপিড এক্সন ফর্চ নিয়োগ কৰে। ইপিনে, খেৰণিত বাহৰ পাতি পৰিস্থিতিৰ তদাৰক কৰি থকা অসম আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিত সিঙে কালি পুৱাৰে পৰা ৪০খন গাড়ী লৈ সমগ্র খেৰণি অঞ্চলত পেট্রলিং কৰা পৰিলক্ষিত হয়। বাতৰি লিখাৰ পৰলৈকে খেৰণি অঞ্চলৰ পৰা কোনো বিক্ষিপ্ত ঘটনাৰ বাতৰি লাভ কৰা হোৱা নাই। শীর্ষ আৰক্ষী বিষয়াই জনোৱা মতে, পৰিস্থিতি এতিয়া সম্পূর্ণ নিয়ন্ত্রণাধীন। ইফালে, মঙ্গলবাৰে আৰক্ষীৰ গুলীত নিহত হোৱা চিংথি তিমুজৰ সৎকাৰ এতিয়া কাৰ্বি পৰম্পৰাগতভাৱে অনুষ্টুপীয়াকৈ কৰা হ'ব বুলি আন্দোলনকাৰী নেতা লিটচন ৰংফাৰে জানিবলৈ দি পৰিস্থিতি শান্ত হ'লে ৰাজহুৱাকৈ তিমুঙৰ শ্রাদ্ধ পতা হ'ব বুলি জানিবলৈ দিয়ে। একাংশ সূত্রই জানিবলৈ দিয়া মতে, খেৰণি অঞ্চলত বসবাস কৰা অখিলঞ্জীয়া লোকসকল নিৰাপদ তথা সুৰক্ষিত স্থানলৈ গতি কৰিছে। একেদৰে লংকাৰ ফৰেষ্ট বজাৰত কালি কিছু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। খেৰণিলৈ সোমোৱা পথ অৱৰোধ কৰি বাঙালী সম্প্রদায়ৰ লোকে প্রতিবাদ সাব্যস্ত কৰে। ২৩ ডিচেম্বৰৰ হিংসাত্মক ঘটনাত খেৰণিত আনভাৱে সক্ষম এজন ব্যৱসায়ীৰো কৰুণ মৃত্যু ঘটিছিল। সুৰজ দে' নামৰ ব্যৱসায়ীজনৰ মৃত্যুৰ ন্যায়ৰ দাবীত বাঙালী সম্প্রদায়ৰ লোকে প্রতিবাদ সাব্যস্ত কৰি প্রতিবাদকাৰী নেতা লিটচন ৰংফাৰক গ্রেপ্তাৰৰ দাবী জনায়। সামগ্রিকভাবে পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতি এতিয়া নিয়ন্ত্রণাধীন হৈ আছে।

Share This