ছিংগাপুৰ ভ্ৰমণৰ সংগীয়ে খুলিছে মুখ, জুবিনৰ লগত যোৱা অমৃতপ্রভা মহন্তই ক'লে সেইদিনা কি ঘটিছিল

dainik janambhumi September 23, 2025

ডিজিটেল ডেস্ক : কি পৰিস্থিতিত, কেনেদৰে ছিংগাপুৰৰ ছানটেক চিটিত হেৰাই গ'ল হার্টথ্রৱ জুবিন গাৰ্গ? যিমানেই সময় বাঢ়িছে সিমানেই বাঢ়িছে সন্দেহ। সন্দেহ ঘনীভূত হোৱাৰ লগে লগে খোল খাইছে নতুন নতুন ৰহস্যৰ দুৱাৰ। ছিংগাপুৰৰ পৰা উভতি আহি জুবিনৰ সৈতে যোৱা ইজনৰ পিছত সিজনে খুলিছে মুখ। এইবাৰ মুখ খুলিলে জুবিনৰ সৈতে সাগৰলৈ যোৱা নলবাৰীৰ শিল্পী অমৃতপ্রভা মহন্তই। কালি তেওঁ কয় যে মই ডেৰ বছৰে জুবিনদাৰ লগত কাম কৰি আছোঁ। ছিংগাপুৰলৈ যাবলৈ জুবিনদাই মোক লগ ধৰিছিল। ১৭ ছেপ্টেম্বৰত ছিংগাপুৰলৈ গৈছিলোঁ। সিদিনা হোটেলতে আছিলোঁ। ছিংগাপুৰ ফুৰিবলৈ জুবিনদাৰ ইচ্ছা আছিল। জুবিনদাই আমাক ফুৰাবলৈ নিম বুলি কৈছিল। আছাম এছ'চিয়েশ্যনৰ মেম্বাৰ এজনে আমাক ৰিছিভ কৰিছিল। ছিংগাপুৰৰ সময় মতে দিনৰ ১টা বজাত আমাক ৰিছিভ কৰাৰ কথা আছিল। আমি সেইমতে ৰূমৰ পৰা ওলাই আহিছিলোঁ। ছিংগাপুৰত ফুৰিবলৈ উৎফুল্লিত হৈ পৰিছিল জুবিন দা, ফুৰিবলৈ বহুত প্লেন বনাইছিল। আমি য়াটখনত গৈছিলোঁ। তাত জুবিন দা, সিদ্ধার্থ দা, সন্দীপন দা, শেখৰ দা, আছাম এছ'চিয়েশ্যনৰ সদস্যকে ধৰি প্ৰায় ১১গৰাকী মানুহ আছিল। মোৰ বাবে সেয়া আছিল নতুন অভিজ্ঞতা। আমি আয়লেণ্ডত কিছু সময় ৰোৱাৰ কথা আছিল। সিদ্ধার্থ দা, সন্দীপন দা, শেখৰ দা সকলো সাঁতুৰিবলৈ সাজু হৈছিল। জুবিনদায়ো ছুইমিং কৰি আছিল। জুবিনদাই ছুইমিং ভাল পাইছিল। আমাৰ লগত থকা আন এগৰাকী ছোৱালীৰ সৈতে মই কথা পাতি আছিলোঁ। সেই সময়তে মোৰ ফ'ন এটা আহিছিল। য়াটখনৰ ওপৰলৈ গৈ কথা পাতি আছিলোঁ। সেই সময়তে এজন লোকে আহি কৈছিল জুবিনদা অচেতন হৈ গৈছে, মুখেৰে ফেন ওলাইছে। তেতিয়া আমি দৌৰি গৈছিলোঁ। অলপ দূৰত দেখিছিলোঁ যে তেওঁলোক জুবিনদাৰ কাষত আছিল। জুবিনদাৰ মুখেৰে ফেন ওলাই আছিল। সকলোৱে জুবিনদাক য়াটখনলৈ লৈ আহিছিল। সকলোৰে আশা আছিল জুবিনদা সুস্থ হৈ উঠক। জুবিনদাৰ জিভাখন অলপ ওলাই আছিল। সকলোৱে জুবিনদা-জুবিনদা বুলি চিঞৰি আছিল। সন্দীপন দাই জুবিনদাক চি পি আৰ দি আছিল। পুলিচেও জুবিনদাক চি পি আৰ দিছিল। জুবিনদাই বমি কৰিছিল। ইয়াৰ পাছতে আমাক য়াটৰ পৰা হস্পিটেললৈ লৈ গৈছিল। আৰক্ষীয়ে আমাক য়াটতে সোধা-পোছা কৰিছিল। 

সেইখিনি সময়ত কি হৈ আছিল মই ধৰিবই পৰা নাছিলোঁ। সকলোৱে জুবিন দা ঘূৰি আহিব বুলি ভাবি আছিল। মই এনেকুৱা কিবা এটা হ'ব বুলি কল্পনা কৰা নাছিলোঁ। ঘটনা সন্দৰ্ভত অমৃতপ্রভাই কয় যে মোৰ ফ'ন অহা বাবে তাতে কি হৈছিল গম পোৱা নাছিলোঁ। জুবিন দাই লাইভ জেকেট খুলি ছুইমিং কৰিছিল। মই ওপৰলৈ গুচি গৈছিলোঁ। প্রকৃততে সেই মুহূর্তত কি হৈছিল মই নাজানো। মোক মতাৰ পাছতে মই নামি আহিছিলোঁ। হস্পিটেললৈ সিদ্ধার্থ গৈছিল। সেইখিনি সময়ত কোনে কি কৰিছে একো ধৰিব পৰা নাছিলোঁ। পুলিচে আমাৰ ষ্টেটমেন্ট লৈছিল। জুবিন দাৰ লগত চিনাকি সকলোকে সোধা-পোছা কৰিছিল। হোটেললৈও পুলিচ আহিছিল। মই ভিনদেউ এজনৰ ঘৰলৈ গ'লোঁ। আনহাতে, আগদিনাৰ অনুষ্ঠান সন্দর্ভত অমৃতপ্রভাই কয় যে আগদিনা আমাৰ ফ'ন ৰিছিভ কৰা দাদাজনে এখন ঠাইলৈ লৈ গৈছিল। কার্কি নামৰ ঠাই, ফুড হাবৰ দৰে। তাতে দাদা মিউজিকৰ দোকানলৈ গৈছিল। তাত মিউজিক চলি আছিল। সেইখিনি সময়তে দাদাই বব মার্লিৰ গান গাইছিল। তাত দাদাক চিনাকি কৰাই দিছিল। তেতিয়াই দাদাই এটা গান গাইছিল। তাৰ পিছত আমি খোজকাঢ়ি ওলাই আহিছিলোঁ। কিন্তু পাছত কেব বুক কৰি আনিছিল। 

তাৰ পাছত মই মোৰ নিজৰ হোটেলৰ ৰুমত সোমালোঁ। হোটেলৰ কোঠাত কি হৈছে মই নাজানো। সিদ্ধার্থ দাৰ লগত মোৰ যোগাযোগ হোৱা নাই। সিদিনাই মই প্রথম শ্যামকানু দাক লগ পাইছিলোঁ। ২০ তাৰিখে জুবিন দাৰ গীতৰ অনুষ্ঠান আছিল। উল্লেখযোগ্য যে জুবিন দাক জোৰ কৰি য়াটলৈ নিব বিচৰা যেন লগা নাই বুলি সদৰী কৰি দাদা বহুত উৎফুল্ল হৈ আছিল বুলিও অমৃতপ্রভাই মন্তব্য কৰে।

Share This