ডিজিটেল ডেস্ক: সিদ্ধার্থ শৰ্মাই জুবিন গাৰ্গৰ ' ধন আত্মসাৎ কৰিবৰ বাবে আৰু শ্যামকানু মহন্তই জুবিন গাৰ্গৰ গাহৰি অপমান সহ্য কৰিব নোৱাৰি প্ৰাণৰ শিল্পীজনক হত্যাৰ পৰিকল্পনা কৰিছিল।
আনহাতে দুয়ো শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক ব্যৱহাৰ কৰিছিল। ইফালে ভাতৃ জুবিন গাৰ্গ মৃত্যুৰ দুৱাৰৰ্ডলিত থকাৰ পাছতো উদ্ধাৰ কৰাৰ বাবে কোনো চেষ্টা নকৰাৰ দোষত অভিযুক্ত হৈছে জুবিনৰ আৰক্ষী ভাতৃ সন্দীপন গাৰ্গ। অসম আৰক্ষীৰ এছ আই টিয়ে আদালতত দাখিল কৰা জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযোগনামাত উল্লেখ কৰিছে এই বিস্ফোৰক তথ্য।
আঢ়ৈ হাজাৰ পৃষ্ঠাজোৰা অভিযোগনামাখনৰ ৩০৫টা পৃষ্ঠাত জুবিন হত্যাৰ মূল কথাখিনি উল্লেখ আছে। অভিযোগনামাত অন্যতম মূল অভিযুক্ত শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গ অচেতন অৱস্থাত থকা ৭৫ মিনিট ধৰি তেওঁৰ চিকিৎসা প্রদানত কৰা অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে। জুবিন গাৰ্গ অচেতন হৈ থকাৰ কথা গম পায়ো শ্যামকানুৱে তেওঁক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে এম্বুলেঞ্চৰ ব্যৱস্থা নকৰাৰ উপৰি তেওঁৰ স্বাস্থ্যৰ যত্ন লোৱাত সম্পূৰ্ণ অৱহেলা কৰিছিল। চিকিৎসকৰ পৰামৰ্শৰ বিপৰীতে শ্যামকানু মহন্তই জুবিন গাৰ্গক অত্যধিক সুৰাপান কৰোৱাইছিল। আনকি ছিংগাপুৰত নোপোৱা 'ব্লেক এণ্ড হোৱাইট' ব্ৰেণ্ডৰ প্রিমিয়াম মল্ট হুইস্কি জুবিন গাৰ্গক সেৱন কৰোৱাৰ ব্যৱস্থাহে কৰিছিল।
আনহাতে য়ট পাৰ্টিৰ আয়োজকক নিয়ম অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্যৰ বিষয়ে শ্যামকানুৱে অৱগত নকৰাই লুকুৱাই ৰাখিছিল। ইয়াৰ উপৰি ছিংগাপুৰতো জুবিন গাৰ্গৰ মেনেজমেন্ট টীমক তেওঁৰ স্বাস্থ্যৰ বিষয়ে শ্যামকানু মহন্তই জনোৱা নাছিল। আনহাতে জুবিন গাৰ্গৰ সবাতোকৈ ঘনিষ্ঠ হোৱাৰ পাছতো সাগৰত বিপদাপন্ন প্ৰাণৰ শিল্পীজনক ৰক্ষা কৰাৰ চেষ্টা কৰা নাছিল মেনেজাৰ সিদ্ধার্থ শর্মাই। লাইফ জেকেট অবিহনে সাগৰৰ পানীত নমাৰ পাছতো জুবিন গাৰ্গক বাধা প্রদান নকৰিলে মেনেজাৰ সিদ্ধার্থ শর্মাই। লক্ষণীয় যে মৃত্যুৰ পূৰ্বে জুবিন গার্গে যথেষ্ট পানী খাইছিল। মৰণোত্তৰ পৰীক্ষাত এই কথা ধৰা পৰিছিল। ইফালে জুবিন গাৰ্গৰ অসুস্থতাৰ বিষয়ত সিদ্ধার্থ শৰ্মাই অৱহেলা কৰাৰ অভিযোগো আছে। ভ্ৰমণৰ পূৰ্বে তেওঁৰ মেডিকেল ফিটনেছ চার্টিফিকেট লোৱা নাছিল সিদ্ধার্থই। সাগৰত ছিজাৰ এটেক হৈ অচেতন হৈ পৰা জুবিন গাৰ্গক গেষ্ট্ৰিকৰ সমস্যা বুলি কৈ অধিক অৱহেলা কৰিছিল। কোটি কোটি টকা আত্মসাৎ কৰাৰ পাছত জুবিন গাৰ্গৰ মেনেজাৰ পদৰ পৰা আঁতৰি যোৱাৰ পৰিকল্পনাও কৰিছিল সিদ্ধার্থ শৰ্মাই। ইয়াৰ উপৰি জুবিন গাৰ্গ বিপদত পৰাৰ পাছতো সিদ্ধার্থ শর্মাই তেওঁক 'যাব দে যাব দে' বুলি কৈ বাকীসকলক বাধাহে প্রদান কৰিছিল। শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ হ'ল- সাগৰত জুবিন গাৰ্গক পানীলৈ আগুৱাই যোৱাত প্ৰৰোচিত কৰিছিল। অসুস্থতাৰ কথা জনাৰ পাছতো তেওঁক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰা নাছিল শেখৰজ্যোতি গোস্বামীয়ে।
ইফালে সাগৰত ভাগৰত জুৰুলা হৈ পৰা জুবিন গাৰ্গক উৎসাহিত কৰি অধিক বিপদৰ মুখলৈ ঠেলি দিছিল সহঃ শিল্পী অমৃতপ্রভা মহন্তই। জুবিন গাৰ্গ পানীত ডুবিবলৈ ধৰাৰ সময়তো নিজৰ ম'বাইলত ভিডিঅ' সংগ্ৰহ কৰাতহে ব্যস্ত আছিল অমৃতপ্রভা মহন্ত। য়টৰ কেপ্টেইনক ব্যৱস্থা গ্রহণ কৰাৰ কোনো অনুৰোধ কৰা নাছিল তেওঁ। আনহাতে জুবিন গাৰ্গে গ্রহণ কৰা ঔষধৰ বিষয়ে লুকুৱাই ৰখা অমৃতপ্রভা মহন্তই প্ৰাণৰ শিল্পীজন বিপদত পৰাৰ পাছতহে সেই কথা প্রকাশ কৰে। ইয়াৰ উপৰি জুবিন গাৰ্গক ঘটনাৰ আগনিশা অত্যধিক সুৰাপান কৰোৱাইছিল অমৃতপ্রভা মহন্তই। ইফালে জুবিন গাৰ্গৰ ভাতৃ সন্দীপনে তেওঁৰ অসুস্থতাৰ কথা জনাৰ পাছতো পানীত সাঁতুৰিবলৈ প্ৰৰোচিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অভিযোগনামাত। য়টত জুবিনৰ কাষতে বহি থকা সত্ত্বেও সন্দীপনে তেওঁক পানীত জঁপিয়াবলৈ দিছিল। বিপদৰ উমান পাই প্রৱাসী অসমীয়াসকলে চিঞৰ-বাখৰ কৰাৰ পাছতহে তেওঁ পানীত জঁপিয়াইছিল। জুবিন গাৰ্গে সাঁতুৰিব নোৱাৰি পানী খাই থকাৰ পাছতো সন্দীপনে ৰক্ষা কৰাৰ চেষ্টা কৰা নাছিল। তদুপৰি সময়মতে তেওঁ য়টৰ কেপ্টেইনকো ঘটনাটো অৱগত নকৰি অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈছে।