গংগাৰ পানী কিয় নষ্ট নহয় ? ইয়াৰ আঁৰত আছে এটা বিশেষ কাৰণ

Kakali Deka August 10, 2023

ডিজিটেল ডেস্কঃ পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। এই কথাটো আপোনালোকে হয়তো নিশ্চয় পঢ়িছে বা শুনিছে। মানুহে হয়টো ভাত নোখোৱাকৈ দুদিন তিনিদিন থাকিব পাৰিব কিন্তু পানী নোখোৱাকৈ দুই তিনিদিন থাকিব নোৱাৰিব। পৃথিৱীৰ আধা অংশ পানীৰে আবৃত। ইয়াৰ পিছতো কিন্তু পৃথিৱীত পানীৰ নাটনি হৈছে। ইয়াৰ কাৰণ হ’ল খোৱাপানীৰ অভাৱ। কিন্তু নদী বা হ্ৰদবোৰ পানী খোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। কিন্তু লেতেৰাৰ বাবে ভাৰতৰ প্ৰায়বোৰ নদীৰ পানী এতিয়া খোৱাৰ বাবে অনুপযোগী।
ভাৰতত এনে বহু নৈ বৈ গৈছে তাৰ ভিতৰত গংগা নদীৰ গুৰুত্ব বেছি । হিন্দু ধৰ্মত গংগা নদীৰ পানী পূজাৰ বাবে ব্যৱহাৰ কৰা হয়। কোৱা হয় কোনো অশুদ্ধ বস্তুত গংগাৰ পানী ছটিয়াই দিলে সেই অশুদ্ধ বস্তু হৈ পৰে বিশুদ্ধ । ইয়াৰ বাবেই প্ৰতিঘৰ হিন্দুৰ ঘৰতে এই গংগা পানী ৰখা হয়। গংগাৰ পানী কেতিয়াও নষ্ট নহয়। সাধাৰণ পানী বটলত ৰাখি দুই-তিনিদিন ৰাখিলে বেয়া হৈ যায় আৰু গোন্ধ ওলাবলৈ ধৰে। কিন্তু গংগাৰ পানী গোন্ধ নোলায়।
ইয়াৰ পবিত্ৰতাৰ আছে এক বিশেষ কাৰণ । ইয়াৰ কাৰণ হ’ল গংগাৰ উৎপত্তি । গংগাৰ উৎপত্তিস্থল হিমালয় পৰ্বতমালাৰ ওপৰত। এই ঠাইত বহু ধৰণৰ বনৌষধি আৰু খনিজ লৱণ পোৱা যায়। এই সকলোবোৰ গংগাৰ পানীৰ সংস্পৰ্শলৈ আহি তাৰ লগত দ্ৰৱীভূত হয়। এই কাৰণেই গংগাৰ পানীত অলৌকিক গুণ পোৱা যায় আৰু কেতিয়াও বেয়া নহয় ।

Share This