বকোত বনৰীয়া হাতীৰ তাণ্ডৱ চাৰিটা পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড

dainik janambhumi May 19, 2025

ডিজিটেল ডেস্কঃ কামৰূপ জিলাৰ বকোত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। দিনক দিনে সংকুচিত হৈ অহা পশ্চিম কামৰূপ বন সংমণ্ডৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলসমূহৰ পৰা জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীৰ জাকে দীর্ঘদিন ধৰি তহিলং কৰি আহিছে গঞাৰ বাসগৃহ, খেতি-বাতি, সা- সম্পদ আদি। যাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। এইক্ষেত্রত কুম্ভকর্ণ নিদ্রাত মগ্ন হৈ আছে বন বিভাগ।

উল্লেখযোগ্য যে যোৱা নিশা বনৰীয়া হাতীৰ জাকে বকোৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত গাধপোতা চৈকাটাত তাণ্ডৱ চলাই চাৰিটাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰে। 

জানিব পৰা মতে, মাজনিশা গাধপোতা চৈকাটাৰ চন্দ্ৰকান্ত ৰাভা, মিলন ৰাভা, অনন্ত ৰাভা আৰু ফণীন্দ্ৰ বচনেটৰ বাসগৃহত বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰি চাৰিওটা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে। নিশা দবাপিটা বৰষুণ দি থকাৰ অৱস্থাত বনৰীয়া হাতীৰ জাকে চলোৱা আক্ৰমণত পৰিয়ালকেইটাৰ সদস্যসকল দৈৱক্ৰমেহে ৰক্ষা পৰে। 


বনৰীয়া হাতীৰ জাকটোৱে ঘৰৰ পকী দেৱাল ভাঙি পেলোৱাত ইটাৰ তলত পৰি মৰণক শৰণ দি নিশা শুই থকা মিলন ৰাভাৰ ৮৫ বছৰীয়া মাতৃ সাজো ৰাভা আহত হয়। লগতে ৰক্ষা পৰে ৯০ বছৰীয়া বৃদ্ধ পিতৃ ভুৱনেশ্বৰ ৰাভাৰ লগতে ঘৰৰ বাহিৰত থকা চন্দ্ৰকান্তৰ দুই পুত্ৰ আৰু এগৰাকী কন্যা। 

তদুপৰি, বনৰীয়া হাতীৰ এই আক্ৰমণত দৈৱক্ৰমে ৰক্ষা পৰে ৪টা পৰিয়ালৰ সকলো সদস্যই। পৰিয়ালকেইটাৰ ভঁৰাল ঘৰো লণ্ডভণ্ড কৰি ধান-চাউল খাই ভঁৰাল উছন কৰি থৈ যায় বনৰীয়া হাতীৰ দলটোৱে। উল্লেখযোগ্য যে বনৰীয়া হাতীৰ এই আক্ৰমণত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ২১নং জাৰিহাট পৰিষদীয় সমষ্টিৰ পাৰিষদ আনন্দ ৰাভাই পৰিয়াল চাৰিটাৰ বাসগৃহত। উপস্থিত হৈ পৰিয়ালৰ সদস্যৰ সৈতে মত-বিনিময় কৰে।

Share This