দুই-এদিনতে নগাঁৱত চলিব উচ্ছেদ, মিঞাক সমালোচনা কৰি মুখ্যমন্ত্ৰী

dainik janambhumi November 21, 2025

ডিজিটেল ডেস্ক : 'নির্বাচন নহওঁতেই কংগ্রেছে হাত দাঙি দিলে, তেওঁলোকে কৈ দিলে অসমত বিজেপিৰে চৰকাৰ হ'ব। সেয়েহে তেওঁলোকক এতিয়াই শপত গ্রহণ অনুষ্ঠানলৈ নিমন্ত্রণ জনাইছোঁ।' এই মন্তব্য মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ। নির্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ পাছতেই কংগ্ৰেছে এনে সংশোধনৰ ফলত বিধানসভা নির্বাচনত বিজেপি জয়ী হ'ব বুলি মত প্ৰকাশ কৰাৰ বাবে বিৰোধী দলটোৰ নেতাসকলক ধন্যবাদ জনায় মুখ্যমন্ত্রীয়ে। 

আনহাতে কালি মিঞাসকলকো পুনৰ সমালোচনাৰ লক্ষ্য কৰি লয় ড° শৰ্মাই। তেওঁ কয়, 'মই মুখ্যমন্ত্রী হৈ থকালৈকে অসমত মিঞা শান্তিত থাকিব নোৱাৰে। এইটো পাক্কা কথা। যিসকল মিঞা সন্দেহযুক্ত নাগৰিক, তেওঁলোকক কষ্ট দিয়াই মোৰ কাম। গতিকে কষ্ট পাই থাকিব। সাংবাদিকৰ
আগত তেওঁলোকে দুখ বৰ্ণনা কৰিয়েই থাকিব, ইয়াৰ বাহিৰে তেওঁলোকৰ আৰু কোনো গত্যন্তৰ নাই।' ইফালে গোৱালপাৰাৰ পাছত দুই-এদিনতে নগাঁৱতো উচ্ছেদ চলিব বুলি মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, 'যিমানে উচ্ছেদক লৈ কথা কৈ থাকিব, সিমানেই উচ্ছেদ চলি থাকিব। আমাৰ বিৰুদ্ধে কথা নক'লে, শান্তিত থাকিলে, সেয়া বেলেগ কথা। কিন্তু মই মুখ্যমন্ত্রী হৈ থকালৈকে সন্দেহযুক্ত মিঞাৰ শান্তি নহ'ব। মোৰ ঘৰলৈ আহিলেও, জুবিনৰ সমাধিলৈ গ'লেও, গৌৰৱ গগৈৰ মিটিং, ৰকিবুল হুছেইনৰ মিটিঙলৈ গ'লেও শান্তি নাপাব। মুঠতে মিঞাই শান্তি নাপাব। সন্দেহযুক্ত মিঞালৈ মোৰ বাণী-মোক মুখ্যমন্ত্রী ভাঙিব লাগিব। তেতিয়াহে তেওঁলোকে শান্তি পাব।' 

আনহাতে বিহাৰে অসমৰ আৰ্হি লৈ চৰকাৰী আঁচনি ৰূপায়ণ কৰি সফলতা লাভ কৰাৰ কথা ব্যক্ত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'আজি বিহাৰলৈ যাওঁতে তাত মোক সকলোৱে ধন্যবাদ জনাইছে। তেওঁলোকে আমি ৰূপায়ণ কৰা আঁচনি আৰ্হি লৈ বিহাৰত একে ধৰণৰ আঁচনি ৰূপায়ণ কৰাত মহিলাসকলে বহুত ভাল পাইছে। অসমৰ অৰুণোদয়ৰ দৰে আঁচনি ছট্টিশগড়ত, কর্ণাটক, পশ্চিম বংগ, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশত চলি আছে। অসমৰ আত্মসহায়ক গোটক সহায় কৰাৰ আঁচনি এতিয়া বিহাৰত আৰম্ভ হ'ব। আশা কৰোঁ আন ৰাজ্যতো আৰম্ভ হ'ব। সূৰ্য উত্তৰ পূবত উদয় হয়। গতিকে বিভিন্ন চৰকাৰী আঁচনিৰ কল্পনাও অসমৰ পৰাই আৰম্ভ হৈছে বুলিও কয় ড° শর্মাই।

Share This