ডিজিটেল ডেস্কঃ অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ দাবী জনাই নৱ গঠিত মৰিয়নি সমষ্টিৰ বনাই বাৰেঘৰৰ এদল সচেতন মহিলাই সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে।এই সমদলৰ যোগেদি মহিলাসকলে মদৰ পৰা সৃষ্টি হোৱা বিভিন্ন অপ্ৰীতিকৰ পৰিস্থিতিৰ কথা শ্ল'গানেৰে ৰাইজক অৱগত কৰিবলৈ চেষ্টা কৰে।
উল্লেখযোগ্য যে বিগত সময়চছোৱাত মদৰ ঘাটি উচ্ছেদৰ সন্দৰ্ভত আবকাৰী বিভাগক অভিযোগ দিছিল যদিও আবকাৰী বিভাগে কেৱল কৰ্তব্যৰ খাটিৰত আহি অঞ্চলটি পৰিদৰ্শন কৰে আৰু মদৰ দোকানীৰ সৈতে মিতিৰালি কৰা দেখিও নেদেখাৰ ভাও ধৰে বুলি অভিযোগ তুলিছে মহিলাসকলে।
ইপিনে বহুবাৰ আবকাৰী বিভাগে কোনে তেওঁলোকক খবৰ দিওঁতাৰ পৰিচয় গোপনে ৰখাৰ পৰিৱৰ্তে সেই কথাও মদৰ দোকানীক জনাই পৰিৱেশ বিনষ্ট কৰিছে আৰু গাঁৱৰ মাজতে শত্ৰুতা কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে বুলিও মন্তব্য কৰিছে।সেয়ে এইবাৰ কোনো বিভাগ তথা আৰক্ষী প্ৰশাসনলৈ বাট নাচাই অঞ্চলৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে মহিলাসকলে নিজে পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল