ডিজিটেল ডেস্ক: ৰাজ্যৰ ৰাজনীতিত মহিলা শক্তিৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে। নির্বাচনত মহিলাসকলে নিৰ্ণায়ক হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে ৰাজ্যৰ মহিলাসকল যাতে অধিক উপকৃত হয়, তাৰ প্রতি লক্ষ্য ৰাখি তেওঁলোকক আকৰ্ষিত কৰিব পৰাকৈ নতুন নতুন আঁচনি ৰূপায়ণ কৰিছে। সদ্য প্রকাশিত বিশেষ সংশোধিত ভোটাৰ তালিকাত ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৭৪টা সমষ্টিত অর্থাৎ ৫৮ শতাংশ সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে ২০২৪ চনৰ ২৯ অক্টোবৰত প্ৰকাশিত খচৰা ভোটাৰ তালিকাত ৬৯ টা সমষ্টিত মহিলা ভোটাৰ সংখ্যাগৰিষ্ঠ আছিল। ২০২৫ৰ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে প্রকাশ কৰা খচৰা ভোটাৰ তালিকাত মহিলা ভোটাৰ সংখ্যাগৰিষ্ঠ হোৱা সমষ্টিৰ সংখ্যা যোৱা বছৰতকৈ আৰু ৫টা বৃদ্ধি পাইছে। প্রকাশিত খচৰাত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২,৫২,০১,৬২৪ গৰাকী। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰৰ সংখ্যা ১,২৫,৭২,৫৮৩ জন হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছেগৈ ১,২৬,২৮.৬৬২ গৰাকী। অর্থাৎ সদ্য প্রকাশিত খচৰা ভোটাৰ তালিকা অনুসৰি ৰাজ্যত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা ৫৬,০৭৯ গৰাকী অধিক হৈছে।
সংখ্যালঘু ভোটাৰৰ প্রাধান্য থকা সমষ্টিসমূহৰ তুলনাত খিলঞ্জীয়া লোকৰ বসতি প্রধান উজনি অসম আৰু পার্বত্য জিলাৰ সমষ্টিসমূহত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাৰ তথ্য খচৰা ভোটাৰ তালিকাত প্রতিফলিত হৈছে। পুৰুষতকৈ মহিলা ভোটাৰ থকা সমষ্টিসমূহ ক্রমে কোকৰাঝাৰ জিলাত দতমা, কোকৰাঝাৰ আৰু বাওখুংগ্ৰী, ধুবুৰীৰ জিলাৰ বিলাসীপাৰা, গোৱালপাৰা জিলাৰ গোৱালপাৰা (পশ্চিম) আৰু দুধনৈ, চিৰাং জিলাৰ চিদলী-চিৰাং, কামৰূপৰ বকো-ছয়গাঁও, পলাশবাৰী, হাজো-শুৱালকুছি আৰু কমলপুৰ। কামৰূপ মহানগৰ জিলাৰ ৫টা সমষ্টিতে অর্থাৎ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেপ্টেল আৰু জালুকবাৰী সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্য অধিক হৈছে। বাক্সা জিলাক বাক্সা সমষ্টি, তামুলপুৰ জিলাৰ গোৰেশ্বৰ, ওদালগুৰিৰ চাৰিওটা সমষ্টি ক্রমে ভেৰগাঁও, ওদালগুৰি, মাজবাট আৰু টংলাত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা বেছি।
মৰিগাঁও জিলাৰ জাগীৰোড আৰু মৰিগাঁও সমষ্টি, নগাঁও জিলাৰ বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা, শোণিতপুৰৰ বৰছলা, তেজপুৰ, ৰঙাপৰা আৰু নদুৱাৰ, বিশ্বনাথ জিলাৰ বিশ্বনাথ, বিহালী আৰু গহপুৰ, লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী, লখিমপুৰ সমষ্টিতো মহিলা ভোটাৰৰ সংখ্যা পুৰুষ ভোটাৰতকৈ বেছি। উজনি অসম আৰু পাৰ্বত্য জিলাৰ দুই-এটা সমষ্টিৰ বাদে অধিক সংখ্যক সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাৰ তথ্য সদ্য প্রকাশিত খচৰা ভোটাৰ তালিকাই পোহৰলৈ আনিছে। ধেমাজি জিলাৰ ধেমাজি, জোনাই, তিনিচুকীয়া জিলাৰ ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ মাকুম আৰু তিনিচুকীয়া, ডিব্রুগড় জিলাৰ আটাইকেইটা সমষ্টি ক্রমে চাবুৱা, লাহোৱাল, ডিব্ৰুগড়, খোৱাং, দুলীয়াজান, টিংখং আৰু নাহৰকটীয়া, চৰাইদেউৰ দুয়োটা সমষ্টি ক্রমে সোণাৰি আৰু মাহমৰা, শিৱসাগৰ জিলাৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা, যোৰহাটৰ আটাইকেইটা সমষ্টি টীয়ক, যোৰহাট, মৰিয়নি, তিতাবৰ, গোলাঘাটৰো কেউটা সমষ্টি ক্রমে দেৰগাঁও, গোলাঘাট, বোকাখাত, খুমটাই আৰু সৰুপথাৰ, কাৰ্বি আংলঙৰ তিনিওটা সমষ্টি বোকাজান, হাওৰাঘাট আৰু ডিফু পশ্চিম। কার্বি আংলঙৰ আমৰি, ডিমা হাছাওৰ হাফলং, কাছাৰ জিলাৰ লক্ষীপুৰ, উদৰবন্দ, বৰখলা আৰু ঢলাই সমষ্টিত পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰৰ সংখ্যা অধিক। প্রতিবছৰে পুৰুষ ভোটাৰতকৈ মহিলা ভোটাৰ বৃদ্ধি হৈ ৰাজ্যৰ ৰাজনীতিত মহিলা ভোটাৰসকল নিৰ্ণায়ক শক্তি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মহিলাসকলক আকৰ্ষিত কৰিব পৰাকৈ এখনৰ পাছত আন এখন নতুন আঁচনি ৰূপায়ণত গুৰুত্ব দি আহিছে। সেই আঁচনিসমূহৰ ভিতৰত অন্যতম ৩৮ লাখ মহিলালৈ প্রতি মাহে ১২৫০ টকাৰ সাহায্যৰে 'অৰুণোদয়'। এই আঁচনিৰ অধীনত আহি থকা বিধানসভা নিৰ্বাচনৰ আগে আগে অহা ফেব্ৰুৱাৰী মাহত চাৰিমাহৰ 'অৰুণোদয় 'ৰ ধনৰ লগত তিনি হাজাৰ টকা যোগ দি মুঠ ৮ হাজাৰ টকা বেংক একাউণ্টত ৰাজ্য চৰকাৰে ভৰাই দিব।
বিধানসভা সমষ্টিয়ে সমষ্টিয়ে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ৩৯ লাখ মহিলালৈ ১০ হাজাৰ টকাকৈ স্বাৱলম্বিতাৰ লক্ষ্যৰে ধন প্রদান কৰি থকা হৈছে। ৰাজ্যৰ উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতক, স্নাতকোত্তৰ স্তৰলৈ প্রতিমাহে অধ্যয়নৰ সহায় হোৱাকৈ নগদ ধনৰ সাহায্য, ৭০ লাখ মহিলাৰ নামত খাদ্য সুৰক্ষা আঁচনিৰ ৰেছন কার্ড থকা মহিলাক বিনামূলীয়া চাউলৰ লগতে এশ টকাত এক কেজিকৈ মচুৰ দাইল, নিমখ আৰু চেনিৰ যোগান, ৭০ লাখ মহিলা আৰু তেওঁলোকৰ পৰিয়াললৈ ৫ লাখ টকা পর্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধাৰে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থাৰ লগতে ছাত্ৰীক স্কুটী প্রদান আদি আঁচনিসমূহ আছেই। মহিলা ভোটাৰৰ সংখ্যা অধিক হোৱাত তেওঁলোকক একত্ৰিত কৰিয়েই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিছে এখনৰ পাছত এখন আঁচনি।