চোৰাং কাঠৰ বেহাত মাফিয়াৰ দপদপনি

dainik janambhumi June 10, 2025

ডিজিটেল ডেস্ক : ক্রমশঃ ধ্বংসৰ দিশে গতি কৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ প্রাকৃতিক সৌন্দর্য। অৰুণাচলৰ
পৰা অসম হৈ অবৈধভাৱে বিভিন্ন প্রাকৃতিক সম্পদ সৰবৰাহ হৈ থকাৰ অভিযোগ দীর্ঘদিনীয়া। কেতিয়াবা যদি আপুৰুগীয়া বন্যপ্রাণী আকৌ কেতিয়াবা মূল্যৱান কাঠৰ চোৰাং বেহা চলি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে। উল্লেখযোগ্য যে অৰুণাচলৰ লোহিত আৰু নামচাই জিলাত ৫খনকৈ বন বিভাগৰ চে'ক গে'ট থকাৰ পাছতো সীমান্তৱৰ্তী ডিৰাক গে'ট হৈ কাকপথাৰৰ মাজেৰে অসমত প্ৰৱেশ কৰি এই চোৰাং সৰবৰাহ চলি থকা কাৰ্যক বিৰোধিতা কৰি বহু সচেতন পক্ষই বিভাগীয় কর্তৃপক্ষলৈ আৱেদন কৰি আহিছে। তৎসত্ত্বেও বিষয়টোৱে গুৰুত্ব নোপোৱাত বন বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি আস্থা হেৰুৱাই পেলাইছে অসম-অৰুণাচলৰ প্রাকৃতিকভাৱে সচেতন ৰাইজে। 

অৰুণাচলৰ মূল্যৱান গছ, যেনে- কাথা, হোলোং, চেগুন, ছপা, চাম আদি বহুলভাৱে উপলব্ধ অৰুণাচল প্ৰদেশৰ বহু ঠাই এতিয়া উন্মুক্ত হৈ পৰিছে। অৰুণাচলৰ অৰণ্যৰ লগতে বনানীকৰণ অঞ্চলৰ পৰা বনদস্যুৱে মুনাফা লাভৰ উদ্দেশ্যে এনেদৰে বন ধ্বংস কৰা কার্যত তীব্রভাৱে অসন্তুষ্ট হৈ পৰিছে সচেতন সমাজ। উল্লেখযোগ্য যে যোৱা ৬ জুনৰ নিশা অৰুণাচলৰ ডিগাৰু অঞ্চলত এজন অভিযোগকাৰী ব্যক্তিয়ে খেদি খেদি শিমলু গছৰ কুন্দাভর্তি এখন বাহন আগচি ৰখাই বন বিভাগ গতাই দিয়াৰ পাছত চোৰাং কাঠৰ বেহা অব্যাহত থকাটো পুনৰবাৰ প্রমাণিত হয়। স্থানীয় লোকজনে যোৱা ২৫ এপ্ৰিলত অবৈধ কাঠ সৰবৰাহ হৈ থকা বিষয়টোক কেন্দ্ৰ কৰি চৰকাৰী পক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল বুলি ব্যক্ত কৰে। ইফালে লোকজনৰ অভিযোগক নস্যাৎ কৰি বন বিভাগৰ বিষয়াই চোৰাং কাঠৰ বাহন পাৰ হোৱাৰ বিষয়টো অস্বীকাৰ কৰে আৰু লোকজনক প্রত্যাহবান জনাই প্রমাণ বিচাৰে। 

সেই অনুসৰি নিশা প্রায় ১-৩০ বজাত লোকজনে অকলশৰে এ এছ ০৬ বি চি ৫৬৭১ নম্বৰৰ শিমলু গছৰ কুন্দাভর্তি এখন বাহন ৰখায় আৰু পাছত বন বিভাগক গতাই দিয়ে। লোকজনে অভিযোগ কৰা অনুসৰি জব্দকৃত বাহনখনৰ পূৰ্বে প্রায় ৫/৬খনকৈ কুন্দাভর্তি বাহন চৌখাম, লাথাও, টেঙাপানী, নামচাই চে'ক গে'ট পাৰ হৈ ডিৰাক গে'ট, কাকপথাৰ হৈ পাৰ হৈ গৈছে। প্রতিখন চে'ক গে'টত দহ হাজাৰকৈ টকা আদায় কৰি বাহনসমূহ পাৰ হ'বলৈ দিয়ে বুলিও অভিযোগকাৰী লোকজনে প্রকাশ কৰে। ইফালে লোহিত জিলাৰ এটা চে'ক প'ষ্টত উক্ত সময়ছোৱাত কৰ্মৰত এগৰাকী কৰ্মীয়ে জনোৱা মতে মাজনিশা তেওঁলোকৰ অজ্ঞাতে বাহনখন পাৰ হৈ গৈছিল আৰু এয়া প্ৰথমবাৰৰ বাবে সংঘটিত হৈছে বুলি জনায়। চালকজন শদিয়াৰ বুলিও প্রকাশ কৰে বনকৰ্মীজনে। লোহিত জিলাৰ ডি এফ অ'জনে সাংবাদিকক জনোৱা অনুসৰি ইতিমধ্যে গাড়ীখন জব্দ কৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে আৰু চে'ক গে'টসমূহত ৫/৬গৰাকী কৰ্মী কৰ্তব্যত নিয়োগ কৰি ৰখাৰ পাছতো কিদৰে এনে বাহন পাৰ হৈ যায় তেওঁ অৱগত নহয় বুলি মন্তব্য কৰে। উল্লেখযোগ্য যে বন বিভাগৰ কৰ্তব্যৰত কৰ্মীৰ সোপাঢিলা নিৰীক্ষণ ব্যৱস্থা আৰু কমিশ্যনৰ অংকৰ বাবে এনে চোৰাং বেহা চলি আহিছে বুলি চর্চা চলি অহাৰ মাজতে উক্ত ঘটনাই যেন তাৰেই সত্যতা প্রমাণ কৰিলে। সম্প্রতি এনেদৰে দৈনিক গছ কাটি মুনাফা লাভৰ অংক কৰাত একাংশ বিভাগীয় কৰ্মীৰ লগতে মুনাফালোভীয়ে হাত উজান দিলে সম্পূৰ্ণ উত্তৰ-পূব মৰুভূমি হ'বলৈ বেছি পৰ নালাগিব বুলি সচেতন মহলে আশংকা ব্যক্ত কৰিছে।

Share This