ডিজিটেল ডেস্ক : তেওঁৰ সৈতে সেইদিনা প্রকৃততে কি হৈছিল সেইটো সকলোৱে জানিব লাগিব। জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ন্যায় বিচাৰিবলৈ ৰাইজলৈ আহ্বান জনালে পত্নী গৰিমা শইকীয়া গাৰ্গে। অসমীয়াৰ প্ৰাণৰ শিল্পীজনক হেৰুওৱা ২৩ দিন অতিক্ৰম কৰিলে। শুকুৰবাৰে নিশা হঠাৎ স্বামীৰ সমাধিস্থলীত উপস্থিত হৈ গৰিমা গার্গে অসমবাসীক প্রতিদিনে সামাজিক মাধ্যমত 'হেজটেক্ জাষ্টিচ ফৰ জুবিন গার্গ' (#Justiceforzubeengarg) লিখিবলৈ আহ্বান জনায়। শোকাতুৰ গৰিমা শইকীয়া গার্গে কয় যে জুবিনৰ এই ঘটনা কেনেকৈ হ'বলৈ পালে, সেয়া জানিবলৈ সকলোৱে যুঁজিবলৈ লাগিব। কিন্তু ধৈর্য আৰু শান্তিপূর্ণভাৱে। তেওঁ অসমবাসীলৈ আহ্বান জনায় যে 'আপোনালোকে সদায় জুবিনৰ বাবে প্রার্থনা কৰিব যাতে তেওঁ ন্যায় পায়।'
উল্লেখযোগ্য যে সোণাপুৰত চিৰনিদ্ৰাত থকা অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ কাষত কালিও ওৰেনিশাই অগণন অনুৰাগীৰ ভিৰ অব্যাহত আছে। শিল্পীজনৰ সমাধিস্থলীত শুকুৰবাৰে নিশা উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। অনুৰাগীৰ ভিৰৰ মাজতেই নিশা গৰিমা শইকীয়া গাৰ্গে স্বামীৰ সমাধিত শ্রদ্ধাঞ্জলি জনাই শোকত ভাগি পৰে। তেওঁ কান্দি কান্দি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ৰাইজৰ সহযোগ আহ্বান কৰে। নিশা প্রায় ১০-১৫ বজাত সোণাপুৰত উপস্থিত হোৱা গৰিমা শইকীয়া গার্গে স্বামীৰ সমাধিত বন্তি প্রজ্বলনেৰে স্বামীক স্মৰণ কৰে। শেষকৃত্যস্থলীৰ কাষতে চলি থকা নাম প্রসংগকাৰীসকলৰ সৈতে বহি আয়তীসকলৰ সৈতে তেওঁ নাম-প্রসংগও কৰে। প্ৰায় ১৫ মিনিট পাছত গৰিমা শইকীয়া গার্গে সেই অনুষ্ঠানৰ পৰায়ে আঁঠু কাঢ়ি উপস্থিত সকলো অনুৰাগীক কান্দি কান্দি হাত যোৰ কৰি স্বামীৰ ন্যায় বিচাৰি প্ৰতিদিনে সামাজিক মাধ্যমযোগে প'ষ্ট দিয়াৰ আহ্বান জনায়। আনহাতে, স্বামী জুবিন গাৰ্গৰ সমাধিৰ কাষত গৰিমা শইকীয়া গাৰ্গৰ হৃদয়বিদাৰক দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে সামাজিক মাধ্যমযোগে আৱেগিক প'ষ্ট দি অভিনেতা যতীন বৰাই কয় যে 'গৰিমা, তুমি ভাগি নপৰিবা। তুমি সাহস নেহেৰুৱাবা। এইমুহূর্তত তুমিয়ে হৈছা সমগ্ৰ অসমবাসীৰ সাহস। তোমাৰ শিৰত আমি প্রত্যেকেই জুবিনক দেখা পাওঁ। তোমাৰ চকুত বাৰে বাৰে চকুলো দেখা পালে আমি বৰ কষ্ট পাওঁ।' তেওঁ আৰু কয় যে 'আমি জানো তুমি এগৰাকী অত্যন্ত সাহসী নাৰী। আমি সকলোতো আছোঁৱেই তোমাৰ কাষত। ন্যায় নোপোৱালৈকে আমি কোনো ক্ষান্ত নহওঁ। জুবিনে ন্যায় পাবই লাগিব।' তেওঁ কয় যে গৰিমাই জুবিনক মাতৃৰ দৰে মৰম কৰি ৰাখিছিল। গৰিমাই এতিয়া মাথোঁ ন্যায় বিচাৰে। তেওঁ জানিব বিচাৰে কিয় এই ঘটনা সংঘটিত হ'ল। আনহাতে, জুবিনৰ মৃত্যুৰ ন্যায় প্রতিজন অসমীয়াক লাগিবই বুলিও উল্লেখ কৰি গৰিমাক ভাগি পৰিবলৈ দিব নোৱাৰে বুলি কয়। আনহাতে, গৰিমা শইকীয়া গাৰ্গৰ কাষত সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰৰ আন বহুকেইজন লোক থিয় দিছে।কালি কবি প্ৰণৱ কুমাৰ বৰ্মনেও সামাজিক মাধ্যমযোগে প'ষ্ট দি কয়, 'বহু কান্দিলে, আৰু নাকান্দিব। বুকু ডাঠ কৰক। আপোনাৰ এটা চিঞৰতে কিন্তু ন্যায় আহিবই।' কবি বর্মনে কয়, 'সকলোৰে এতিয়া এটাই দাবী- আমাক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। তেওঁ কয় যে 'আপুনি এদিন ৰাজপথলৈ ওলাই আহিলেই লাখ লাখ ৰাইজ যে ওলাই আহি ন্যায় আঁজুৰি আনিব।' গৰিমা শইকীয়া গার্গক উদ্দেশ্যি তেওঁ প্রকাশ কৰে যে 'গৰিমা শইকীয়া গাৰ্গ বৌক এটাই অনুৰোধ কৰোঁ- আপুনি প'ষ্টমর্টেম ৰিপ'ৰ্ট ঘূৰাই পঠিয়াই ৰাইজক প্রকৃত সত্য জনাৰ পৰা দূৰত ৰাখিলে। এতিয়া সমাধি নহয় গৰিমা বৌ, জুবিনদাৰ মৃত্যুৰ প্ৰকৃত ন্যায় বিচাৰি ৰাজপথলৈ আহক, অন্যথা সমাধিতে আমৰণ অনশন আৰম্ভ কৰক। আমি লাখ লাখ মানুহ লগত থাকিম।'
অভিনেতা ৰবি শৰ্মাই কয় যে 'জ্ঞাতে হওক বা অজ্ঞাতে হওক, জুইত হাত দিলে কিন্তু পুৰিব। #JusticeForZubeen Garg'। আনহাতে, অভিনেতা উৎপল দাসে কয়, 'আমাৰ হিয়াৰ আমঠু জুবিন দাক হেৰুওৱা আজি এমাহ হোৱাৰ দিশে। এই সময়ছোৱাত গৰিমা বৌৰ মানসিক স্থিতিৰ কথা আমি হয়তো কল্পনাও কৰিব পৰা নাই। মাত্র এটাই আশা, জুবিনদাৰ ন্যায় প্রক্ৰিয়াটো সম্পূৰ্ণ নিৰপেক্ষ হওক, গৰিমা বৌৰ লগতে জুবিনদাৰ মৰমৰ অসমবাসীয়ে প্রত্যাশিতভাবে ন্যায় লাভ কৰক। বৌ, আপুনি বর্তমান সমগ্ৰ অসমৰ সাহস, গতিকে আমি সকলো আপোনাৰ কাষত চিৰদিন থিয় দি থাকিম।'