মাজুলীৰ ৯০০০ হেক্টৰ কৃষিভূমিত সৰিয়হ ফুলৰ হালধীয়া দলিচা, ৯০০ টন সৰিয়হ উৎপাদনৰ লক্ষ্য মাজুলী কৃষি বিভাগৰ

dainik janambhumi December 29, 2025

ডিজিটেল ডেস্ক : প্ৰকৃতিৰ সুন্দৰতাখিনি যেন এতিয়া নদীদ্বীপ মাজুলীৰ বুকুলৈ নামি আহিছে। কৃষি প্রধান জিলাখনৰ চৰ-চাপৰিসমূহ এতিয়া কৃষক ৰাইজৰ নেৰানেপেৰা শ্ৰমৰ ফলত সৰিয়হ ফুলৰ হালধীয়া আৱৰণে দলিচাৰ ৰূপ লৈ দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে বিগত কেইবছৰ মানৰ পৰা জিলাখনৰ একাংশ নিবনুৱা যুৱক-যুৱতীয়ে সৰিয়হ খেতিক উপাৰ্জনৰ মূল উৎস হিচাপে গ্ৰহণ কৰি চাৰি-পাঁচজন যুৱকে একোটা গোট গঠন কৰি চাপৰিসমূহৰ শ শ বিঘা আবাদী মাটিত সৰিয়হৰ খেতি কৰি সফলতা লাভকৰিবলৈ সক্ষম হৈছে। ২০২০ বর্ষলৈকে ৰাজ্যৰ বাহিৰত থাকি ছিকিউৰিটি গার্ডকে ধৰি বিভিন্ন কোম্পানীত কাম কৰি পৰিয়াল পোহ-পাল দিয়া অসমৰ বিভিন্ন জিলাৰ লগতে মাজুলীৰো একাংশ যুৱক কভিডৰ বাবে স্বগৃহলৈ উভতি আহিছিল। 

কর্মসংস্থাপনৰ চিন্তা, পৰিয়াল পোহ-পালৰ চিন্তাই নিদ্রা হৰণ কৰিছিল এই নিবনুৱা যুৱক সকলক। হতাশগ্রস্ত হৈ পৰিছিল বহুতো যুৱক। কিন্তু এই যুৱকসকলৰ মাজৰে ব্যতিক্ৰম আছিল জিলাখনৰ একাংশ কৃষক পৰিয়ালৰ যুৱক। বহিঃৰাজ্যৰ পৰা ঘূৰি অহা যুৱকসকলে স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰি পুনৰ আন ৰাজ্যলৈ ঘূৰি নোযোৱাকৈ স্বভূমিত কি কৰিব পৰা যায়, কিদৰে স্বাৱলম্বী হ'ব পাৰিব তাৰ পৰামৰ্শ গ্রহণ কৰিছিল। জ্যেষ্ঠ লোকসকলৰ লগত আলোচনা কৰি লুইতৰ ছন পৰা চাপৰিত কৃষি কৰ্মত জড়িত হোৱাৰ মন মেলে বহুতো যুৱকে। কথামতেই কাম, সেই যুৱকসকলে স্থানীয় আৰু যুৱকক লগত লৈ শ শ বিঘা মাটিত সৰিয়হ সিঁচে। বিগত বৰ্ষসমূহত এই যুৱকসকলে আশা কৰা মতে ফল লাভ কৰাৰ পাছত এই বর্ষত দুগুণ উৎসাহেৰে সৰিয়হৰ খেতি কৰিছে। মাজুলী জিলা কৃষি বিভাগৰ পৰা পোৱা তথ্য অনুসৰি, এইবাৰ জিলাখনৰ কৃষকসকলে প্রায় ৯০০০ হেক্টৰ কৃষি ভূমিত সৰিয়হৰ খেতি কৰিছে আৰু ইয়াৰ পৰা জিলাখনত প্রায় ৯০০টন সৰিয়হ উৎপাদন কৰিবলৈ সক্ষম হ'ব। 

অৱশ্যে বতৰৰ প্ৰতিকূলতাৰ বাবে বৰষুণৰ অভাৱত সৰিয়হৰ উৎপাদন কম হোৱাৰ সম্ভাৱনা আছে যদিও সৰিয়হৰ হালধীয়া ফুলে এতিয়া কৃষকৰ মুখত হাঁহি বিৰিঙাইছে। ইয়াৰ উপৰি জিলাখনৰ একাংশ কৃষকে সৰিয়হৰ লগতে প্রায় ১১৫০ হেক্টৰ ভূমিত মাটিমাহ, ৫০০ হেক্টৰ ভূমিত মগুমাহ, ১০০০ হেক্টৰ ভূমিত মটৰমাহ আৰু ৬৫০ হেক্টৰ ভূমিত আলু খেতি কৰি সফলতাৰ মুখ দেখিছে। জিলাখনৰ জলসিঞ্চন বিভাগটো সক্রিয় হোৱা হ'লে কৃষি প্রধান নদীদ্বীপটোত আৰু অধিক শস্য উৎপাদনৰ থল আছিল বুলি কৃষকসকলে জানিবলৈ দিছে।

Share This