ডিজিটেল ডেস্কঃ আশিস চাঞ্চালানি, ৰণবীৰ এলাহাবাদীয়াৰ পাছত এইবাৰ গুৱাহাটীৰ ক্রাইম ব্ৰান্সত হাজিৰ হ'লহি ইউটিউবাৰ সময় ৰাইনা। ইণ্ডিয়াজ গট লেটেণ্ট নামৰ এটা শ্ব'ত অশ্লীল মন্তব্য কৰাৰ বাবে দেশজুৰি ঘৃণা আৰু ধিক্কাৰৰ সন্মুখীন হোৱা পাঁচটা ইউটিউবাৰক ক্রাইম ব্রান্সে গুৱাহাটীত হাজিৰ হ'বলৈ জাননী জাৰি কৰিছিল।
ইমানদিন সময় ৰাইনা হাজিৰ হোৱা নাছিল যদিও কালি বলিউডৰ এজন বহু প্রভাৱশালী ব্যক্তিক লগত লৈ ৰাইনা ক্রাইম ব্ৰান্সত উপস্থিত হয়হি। বর্তমান তেওঁক ক্রাইম ব্রান্সে জেৰা চলাই আছে। সমাজত এক বিষাক্ত বার্তা বিয়পাই ভাৰতীয় সংস্কৃতিকে বিকৃত কৰিবলৈ চেষ্টা কৰা এই পাঁচটা ইউটিউবাৰৰ বিৰুদ্ধে অসম আৰক্ষীৰ উপৰি মহাৰাষ্ট্ৰ আৰক্ষীয়েও গোচৰ ৰুজু কৰিছে।