ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ডাঙৰীয়া, জুবিনদাৰ মৃত্যুৰ পাছত আপোনাৰ আচৰণৰ পৰিৱৰ্তন যেন কিবা এটা লুকুৱাব খুজিছে, আপুনি যেন ভয়াতুৰ হৈ পৰিছে, সেয়ে নিজক লুকুৱাবলৈ আপোনাৰ এই আস্ফালন নহয়নে?' মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাক পোনপটীয়াকৈ এই প্রশ্ন কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় যে ৰাইজে সংযম আৰু ধৈৰ্যৰে তেওঁলোকৰ প্ৰাণৰ শিল্পীজনৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰিছে আৰু তাকে মুখ্যমন্ত্রীজনে উন্মাদনা বুলি অপব্যাখ্যা কৰিছে।
মুখ্যমন্ত্ৰীৰ এনে অপপ্ৰচাৰ আৰু গোৱেবলচীয় ব্যাখ্যাই অসমৰ মানুহক এতিয়া আৰু তলাব নোৱাৰে বুলি তেওঁ কয়। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচৰাটো উন্মাদনা কেনেকৈ হ'ব বুলি প্রশ্ন কৰি অখিল গগৈয়ে কয় যে জনতাৰ সবল দাবীৰ সন্মুখত মুখ্যমন্ত্ৰীহে উন্মাদ হৈ পৰিছে, উন্মাদৰ দৰে আচৰণ কৰিছে।
তেওঁ মুখ্যমন্ত্ৰীক কয় যে মানুহৰ প্ৰিয়তম শিল্পীজনৰ ন্যায়ৰ দাবী কৰাটো যদি উন্মাদনা হয়, অভিযুক্তৰ শাস্তি বিচৰাটো যদি উন্মাদনা হয়, আৰু জনতাৰ ন্যায়ৰ দাবীক যদি শাসকৰ প্ৰতি মানুহে জনোৱা ভাবুকি বুলি ব্যাখ্যা কৰা হয় তেন্তে সেই শাসকক গণতান্ত্রিক দেশৰ শাসকৰ পৰিৱৰ্তে ৰজা বুলি ক'ব লাগিব।