'জুবিন ক্ষেত্রত নিশা গণ্ডগোল হ'লে তেওঁলোকেই দায়ী হ'ব', গৌৰৱ গগৈৰ সমদলক ঝুলন যাত্ৰাৰে তুলনা মুখ্যমন্ত্ৰীৰ

dainik janambhumi October 26, 2025

ডিজিটেল ডেস্ক : জুবিন ক্ষেত্ৰৰ সুৰক্ষাক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে ৰাজ্য চৰকাৰখনে। কালি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা স্পষ্ট কৰি দি কয়, 'আমি এটা নিয়ম বনাইছোঁ। নিয়মটো পালন কৰাটো মানুহৰ দায়িত্ব। আইন নেমানিলে, নিজেই বিপদত পৰিব।' আনহাতে, আৰক্ষীয়ে কাকো বাধা নিদিয়ে বুলি জনাই তেওঁ লগতে কয়, 'কোনোবাই যদি ৰাতি তালৈ যায় আৰু তাত যদি কিবা গণ্ডগোল হয় তেনেহ'লে তেওঁলোকেই দায়ী হ'ব। আমিতো জুবিনৰ সমাধিত পুলিচ, চি আৰ পি লগাব নোৱাৰোঁ। পাছত যদি কিবা বিপদ হয় তেনেহ'লে আইনে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিব।' উল্লেখযোগ্য যে অসম চৰকাৰে পুৱা ছয় বজাৰ পৰা নিশা এঘাৰ বজালৈকে জুবিন ক্ষেত্ৰত খোলা ৰখাৰ সিদ্ধান্ত লৈছে। একাংশ লোকে জুবিন ক্ষেত্রত উদ্ভণ্ডালি কৰাৰ বাবেই চৰকাৰখনে এনে সিদ্ধান্ত লোৱাৰ কথা খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। পিছে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যৰ দল-সংগঠনসমূহ নাৰাজ হৈ আছে। 

ইফালে অসম ভ্রমণলৈ অহা মেধা পাটেকাৰে কালি শিলসাঁকোৰ উচ্ছেদিত লোকসকলক সাক্ষাৎ কৰাৰ সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি ড° শৰ্মাই কয়, 'মেধা পাটেকাৰে যদি কয় উচ্ছেদ হ'ব নালাগে, তেনেহ'লে মই দুটা ঘৰ বেছিকৈ ভাঙি দিম। কাৰণ এইবোৰ মানুহে অসমৰ অৱস্থা বুজিব নোৱাৰে। আমাৰ মাটি, আমাৰ জাতি কোনে লৈ গৈছে? আমি কি মানসিক হেঁচাত আছোঁ আমিহে জানো। আমাৰ ছোৱালীক কোনে লৈ যায়, আমাৰ সত্ৰৰ মাটি কোনে দখল কৰে সেয়াটো মেধা পাটেকাৰে বুজি নাপায়। গতিকে মেধা পাটেকাৰ উচ্ছেদ বন্ধ কৰিবলৈ আজি আহিলেতো, গতিকে কাইলৈ মই দুটা ঘৰ বেছিকৈ ভাঙি দিম।' 

মেধা পাটেকাৰক সকীয়নি দিয়াৰ পাছতেই প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকো কটাক্ষ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্রদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ সমদলক ঝুলন যাত্ৰাৰ সৈতে তুলনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, 'গৌৰৱ গগৈৰ কোনো সমদল-তমদল নাই। তেওঁ দুশ, তিনিশ মানুহ লৈ মাজে মাজে ঝুলন যাত্ৰা কৰি থাকে। ইমানেই কথা।'

Share This