পশ্চিম যোৰহাটৰ মোমায়েকৰ ঘৰত কান্দোনৰ ৰোল

dainik janambhumi September 20, 2025

ডিজিটেল ডেস্ক : পশ্চিম যোৰহাটৰ ভাতেমৰা গাঁৱৰ সৰুচৰাই তিনিআলিৰ এখন ঘৰত  কান্দোনৰ ৰোল উঠিছে। জন্মৰে পৰা মৰমৰ আবদাৰে আৱৰি ৰখা সকলোৰে হিয়াৰ মণি জুবিন গাৰ্গ আৰু নাই- এই কথা যেন কোনো প্ৰকাৰে মানি ল'ব বিচৰা নাই ঘৰখনে। এইখন ঘৰেই হৈছে মৰমৰ শিল্পীগৰাকীৰ মোমায়েক নৃপেন্দ্র নাথ অধ্যাপকৰ ঘৰ। আজি এই প্রতিবেদকৰ সন্মুখত মোমায়েকগৰাকীয়ে কয় যে মই আজি ভাষাহীন হৈ পৰিছোঁ। আমাৰ হিয়াৰ আমঠুক নাই বুলি বুলি ভাবিব পৰা নাই। আমাৰ ছগৰাকী ভাই-বাই-ভনীৰ মাজত জুবিন গাৰ্গৰ মাতৃ ইলি বৰঠাকুৰ বাইদেউ ডাঙৰ আছিল। মেঘালয়ৰ তুৰাত জুবিনৰ জন্ম হোৱাৰ পাছদিনাই মই আৰু ভনী যোৰহাটৰ পৰা গৈছিলোঁ। ভনীজনীয়েই জুবিনক মাকতকৈও বেছি প্রতিপালন কৰিছিল। তেওঁ প্রথমে যোৰহাটৰ কাৰ্মেল স্কুলত পঢ়িছিল। কিন্তু ভিনদেউৰ চাকৰি সূত্রে বদলি হ'ব লগীয়া হোৱাৰ বাবে কৰিমগঞ্জ, বিজনী, তামুলপুৰত পঢ়াশুনা কৰিছিল। ইয়াৰ পাছত যোৰহাটলৈ অহাত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত পঢ়াৰ পাছত গুৱাহাটীৰ বি বৰুৱা কলেজত পঢ়ে। 

ভাগিনৰ আকস্মিক মৃত্যুত স্মৃতিগধুৰ হৈ পৰা মোমায়েক নৃপেন্দ্র নাথ অধ্যাপকে কয় যে বাইদেউৰ সংগীতৰ প্ৰতি অত্যধিক ৰূপ আছিল। বাইদেৱে তিনি বছৰৰে পৰাই নাচ, গান, নাটক কৰি ঘুৰি ফুৰিছিল। প্রায় ১৯৬৫চনতে দেউতাৰ মৃত্যু হৈছে। তেতিয়াই বাইদেউক ডিব্ৰুগড় ৰেডিঅ' চেণ্টাৰত অডিশ্যন দিবলৈ মাতিছিল যদিও দেউতা ঢুকুৱাৰ বাবে যাব নোৱাৰিলে। বাইদেৱে জুবিনক ঘৰতে সংগীতৰ শিক্ষা দিছিল। সেইদৰেই তেওঁ সংগীতৰ ক্ষেত্রত জিলিকি উঠে। আজি অত্যন্ত আৱেগিকভাৱে কৈ যায় মোমায়েকে। 

মোমায়েকৰ ঘৰৰ প্ৰতি শিল্পীগৰাকীৰ অত্যন্ত টান আছিল বুলি সদৰী কৰি তেওঁ কয় যে আমালৈ মনত পৰিলেই চাই যায়হি। আমাৰ লগত সম্পৰ্ক অতি মধুৰ আছিল। মামীয়েকৰ লগত আৰু মধুৰ আছিল সম্পর্ক। যোৰহাটলৈ আহিলেই মামীয়েকক ফ'ন কৰি মনে ভালপোৱা খাদ্য ৰান্ধিবলৈ কৈছিল। আজি আমি অত্যন্ত ভাগি পৰিছোঁ। দেশৰ প্রান্তে প্রান্তে জনপ্রিয়তা লাভ কৰা শিল্পীগৰাকীৰ আকস্মিক প্রস্থানে আমাৰ হৃদয় থান-বান কৰি দিলে।

Share This