মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা- মই জানো

dainik janambhumi October 20, 2025

ডিজিটেল ডেস্ক : অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন এমাহ পূৰ্ণ হোৱাৰ দিনটোত সমগ্র ৰাজ্যবাসীয়ে কালি তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁৰ অবিহনে অকলশৰীয়া হৈ পৰা গৰিমা শইকীয়া গাৰ্গে কালিৰ দিনটোত জুবিন গাৰ্গলৈ মনত পেলাই ফে'চবুকত আৱেগিক প'ষ্ট দিলে- 'মোৰ ঈশ্বৰ পুৰুষ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো!' উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত ন্যায় বিচাৰি পত্নী গৰিমা শইকীয়া গাৰ্গে সৰৱ ভূমিকা লৈ আহিছে। স্বামীক হেৰুৱাই শোকত ভাগি পৰা গৰিমা শইকীয়া গার্গে স্বামী জুবিন গাৰ্গক সুঁৱৰি সামাজিক মাধ্যমত এটাৰ পাছত এটাকৈ ধাৰাবাহিক প'ষ্ট আপল'ড কৰি আহিছে। প্ৰাণৰ জুবিন অবিহনে তীব্র মনোকষ্টত দিন পাৰ কৰিবলগীয়া হোৱা গৰিমা শইকীয়া গার্গে তেওঁ নোহোৱা হোৱাৰ এমাহৰ দিনটোত সামাজিক মাধ্যমত লিখিছে- 'তুমি আছা... সদায় থাকিবা। মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ। তুমিয়েই সকলো ক'বা... হাজাৰ প্ৰশ্নৰ উত্তৰ আনি দিবা, বাট পোহৰাই খোজ দিয়াবা... মই জানো। তুমিয়েই শিকালা, সাহস আৰু বিশ্বাস দিলা, পৃথিৱী দেখুৱালা... মই মাথোঁ তোমাৰ আঙুলিত ধৰি গৈ থাকিলোঁ। মোৰ ঈশ্বৰপুৰুষ! তুমি মোক সদায়ে আৱৰি ৰাখিবা মই জানো! #JusticeForZubeen Garg'। 

উল্লেখযোগ্য যে ২০০২ চনৰ ৪ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ সৈতে গৰিমা শইৰীয়াই বিবাহ পাশত আবদ্ধ হৈছিল। মনৰ মানুহজন নোহোৱা হোৱাৰ পাছত প্রতিটো ক্ষণ, প্রতিটো পল প্রিয়জনৰ সান্নিধ্যৰ বাবে ব্যাকুল হৈ পৰা গৰিমা শইকীয়া গার্গে বেছিকৈ মনত পৰিলেই দৌৰি যায় সোণাপুৰত থকা স্বামীৰ সমাধিলৈ। স্বামীৰ সমাধিৰ কাষত বহি কৈ যায় মনৰ কথাবোৰ। ইফালে কালি তেওঁ সংবাদ মাধ্যমৰ সন্মুখত নিজৰ মনৰ ভাব ব্যক্ত কৰি কয় যে তেওঁ এতিয়াও আইনৰ ওপৰত আস্থা ৰাখিছে। জুবিন গার্গে যিদৰে নিজকে চিধা মানুহ, চিধা কথা বুলি কৈছিল সকলোবোৰ তেওঁ কোৱাৰ দৰেই চিধাকৈ হ'ব লাগে বুলিও কয়। ছিংগাপুৰত সেইদিনা আচলতে কি হৈছিল সকলোখিনি ঘটনা জনাবলৈ তেওঁ অনুৰোধ কৰে। মানুহে এতিয়াও আস্থা ৰখাৰ দৰেই ন্যায় প্রক্রিয়া আগবাঢ়িব লাগে বুলিও তেওঁ কয়। সকলোৱে শান্তিপূর্ণভাৱে অপেক্ষা কৰি থকাৰ কথাও তেওঁ সদৰী কৰে। নিয়মৰ মাজেৰেই সকলো আগবাঢ়ি যাওক। কিন্তু যিমান পাৰে সোনকালে হোৱাটো সকলোৱে বিচাৰিছে। 

তেওঁৰ মৃত্যুৰ কাৰণ নজনাৰ বাবে সকলো স্থবিৰ হৈ পৰা বুলি উল্লেখ কৰি সকলোৰে মনৰ ভিতৰত তীব্ৰ অন্তদ্বন্দ্ব আৰু অশান্তি কোনে বুজিব বুলি প্রশ্ন কৰি সমগ্ৰ অসমবাসীয়ে এতিয়া সেই এটা উত্তৰৰ বাবেই অপেক্ষা কৰি থকা বুলি কয়। আনহাতে সিদ্ধার্থ শৰ্মাৰ পৰা আৰম্ভ কৰি বাকী সকলোকে নিজৰ পৰিয়ালৰ সদস্য বুলিয়েই ইমানদিনে ভাবি আহিছিল বুলি উল্লেখ কৰি এতিয়া তেওঁলোকৰ কথা পাতি একো লাভনাই বুলিও গৰিমা শইকীয়া গার্গে প্রকাশ কৰে। তেওঁলোকৰ বিচাৰ কৰি থকা হৈছে আৰু এতিয়া কি হ'ব তেওঁ নাজানে বুলিও কয়।

Share This