ডিজিটেল ডেস্ক : পৰিয়ালৰ ইচ্ছা অনুসৰিয়ে জনতাৰ শিল্পী জুবিন গাৰ্গৰ ৰাজ্যিক মর্যাদাৰে শেষকৃত্য সম্পন্ন হ'ব যোৰাবাটৰ পৰা নাতিদূৰৈৰ দিচাং ৰিজ'ৰ্টৰ কাষৰ কমাৰকুছিত। পৰিয়ালৰ মত অনুসৰিয়ে কালি কেবিনেটে এই আনুষ্ঠানিক সিদ্ধান্তত অনুমোদন জনাইছে। যোৰহাটৰ ৰাইজৰ আহ্বানৰ প্ৰসংগত কেবিনেটৰ পাছত দিছপুৰত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে জুবিন গাৰ্গৰ পেট আৰু মুখ কফিনৰ ভিতৰত ফুলি উঠিছে। সেয়েহে যোৰহাটবাসীয়ে শেষ দৰ্শনৰ বাবে প্রবল ইচ্ছা প্রকাশ কৰিছিল যদিও জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰে নসহে। সেয়েহে চৰকাৰে তেনে কৰাৰ দুৰন্ত সাহস কৰা নাই। যোৰহাটবাসীৰ আৱেগক সন্মান জনাই মুখ্যমন্ত্রীয়ে কয় যে শিল্পীজনৰ ভস্ম যোৰহাটলৈ লৈ যোৱা হ'ব আৰু যোৰহাটতো সমাধি ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। জনতাৰ শিল্পীজনক শেষ দৰ্শন কৰাৰ বাবে ৰাইজৰ বিপুল আগ্ৰহৰ পৰিপ্ৰেক্ষিতত আজি সৰুসজাই ষ্টেডিয়ামত নশ্বৰ দেহ ৰখা হ'ব আৰু কাইলৈ পুৱা ৮ বজাত অন্তিম যাত্ৰা হ'ব কমাৰকুছিলৈ। সেয়েহে ৰাজ্যিক শোকৰ দিন ২৩ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।
এই সময়ছোৱাত চৰকাৰৰ কোনো আঁচনি, আমোদ-প্রমোদৰ কাৰ্যসূচী নাথাকে। শেষকৃত্য সম্পন্ন কৰাৰ দিনটোত হ'বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দুই বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে কমাৰকুছি এন চি ভিলেজৰ শেষকৃত্য সম্পন্ন হ'বলগীয়া স্থানত ১০ বিঘা মাটি আছে। এই স্থানত ৫৬ হাজাৰ লোকহে সমৱেত হ'ব পাৰিব। যিহেতু শেষকৃত্য ধর্মীয় নীতি-নিয়মেৰে সম্পন্ন হ'ব সেয়েহে পৰিয়ালৰ উপৰি যিসকল লোক নগ'লে নহয় তেওঁলোককহে সেই স্থানত উপস্থিত হ'বলৈ আহ্বান জনায় মুখ্যমন্ত্রীয়ে। তেওঁ আৰু কয় যে জ্যোতি-বিষ্ণুৰ সমাধিস্থল তেজপুৰত আছে, ড° ভূপেন হাজৰিকাৰ সমাধিস্থল গুৱাহাটীত আছে, সেয়েহে যোৰহাটবাসীয়ে যোৰহাটত শেষকৃত্যৰে সমাধিস্থল স্থাপনৰ পোষকতা কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবর্গই জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গকে ধৰি পৰিয়ালৰ সদস্যসকলক লগ কৰিছিল। মন্ত্রী ডাঃ ৰণোজ পেগু, কেশৱ মহন্ত আৰু বিমল বড়ায়ো পৰিয়ালৰ মতামত গ্রহণ কৰিছিল। পৰিয়ালে গুৱাহাটীৰ আশে-পাশে সমাধিৰ স্থান নিৰ্বাচন কৰাটো বিচাৰিছিল। পৰিয়ালৰ মতে তেওঁলোকে পৰৱৰ্তী সময়ত শ্রদ্ধা জনাবলৈ গুৱাহাটীৰ ওচৰে-পাঁজৰে হ'লে সুবিধা হ'ব। তদুপৰি পিতৃৰ বয়স যিহেতু আশীৰ ঊর্ধ্বত সেয়েহে যোৰহাটলৈ লৈ যোৱাৰ ক্ষেত্ৰত স্বাস্থ্যই নকয়।
মুখ্যমন্ত্রীয়ে কয় যে জুবিন গাৰ্গৰ শেষকৃত্য সন্দৰ্ভত চৰকাৰে সিদ্ধান্ত ল'ব নোৱাৰে। পৰিয়ালৰ সিদ্ধান্ত মতেহে চৰকাৰে কৰিব লাগিব। অসম সাহিত্য সভাৰো মত চৰকাৰে গ্ৰহণ কৰিছিল আৰু সাহিত্য সভাই যোৰহাটত শেষকৃত্যৰ সপক্ষে মতামত দিছিল। পৰিয়ালে বিচৰা মতে যোৰাবাটৰ কমাৰকুছিত ১০ বিঘা মাটি ঠিক কৰা হৈছে। এই মাটিত স্থানীয় লোকৰ এখন শ্মশান আৰু এখন নাৰ্চাৰী আছিল। ৰাইজে এৰি দিবলৈ সন্মত হৈছে। সৰহখিনি মাটিয়ে খালী হৈ আছিল। কাষতে থকা অম্বৰীশ হোটেলৰ স্বত্বাধিকাৰী পুষ্পেন্দ্ৰ বৰাই কাষতে থকা তেওঁৰ মাটি এৰি দিবলৈ সন্মত হৈছে। মুখ্যমন্ত্রীয়ে সৰুসজাই ষ্টেডিয়ামৰ পিছফালৰ গে'টেৰে মন্ত্ৰী-বিধায়কে প্ৰৱেশ কৰি জুবিন গাৰ্গক শ্রদ্ধা নিৱেদন কৰা কাৰ্যত আক্ষেপ প্রকাশ কৰিছে। মুখ্য সচিবক এইক্ষেত্রত কঠোৰ নির্দেশ দি কয় যে ভি আই পি কালচাৰ গঢ়িব নোৱাৰিব। যদি শ্রদ্ধা জনাবলৈ মন আছে তেন্তে ৰাইজৰ লগত শাৰী পাতিহে শ্রদ্ধা জনাব লাগিব।