জুবিন গাৰ্গৰ নামেৰে নতুন নামকৰণ প্ৰজাতিৰ উদ্ভিদৰ, গুৱাহাটী বিশ্ববিঃৰ গৱেষকৰ আৱিষ্কাৰ

dainik janambhumi March 14, 2026

ডিজিটেল ডেস্ক : প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ কোণত সুপ্ত হৈ থকা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামেৰে এটা নতুন উদ্ভিদ প্রজাতিৰ নামকৰণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিত এই নতুন উদ্ভিদৰ প্ৰজাতিটো আৱিষ্কাৰ কৰিছিল। জুবিন গাৰ্গৰ অসমীয়া সংস্কৃতি আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰতি অৱদানক স্বীকৃতি জনাই সন্মানস্বৰূপে উদ্ভিদজোপাৰ নাম অছবেকিয়া জুবিনগার্গিয়ানা (Osbeckia zubeengargiana) ৰখা হৈছে। আন্তঃৰাষ্ট্ৰীয় টেক্স'নমি জার্নেল Phytotaxa-ত প্রকাশিত পত্ৰত এই নাম ইতিমধ্যে সন্নিৱিষ্ট হৈছে। 

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ গৱেষক দলটোৱে আৱিষ্কাৰ কৰা এই নতুন উদ্ভিদ প্রজাতিটোৰ বিষয়ে জার্নেলখনত ব্যাখা কৰিছে। গৱেষকসকলে জনোৱা অনুসৰি, ২০২১ চনৰ পৰা ২০২৫ চনৰ ভিতৰত চলি থকা এক গৱেষণা প্ৰকল্পৰ সময়ত বৰ্ণালী দাস, প্রশোভ পুলপ্ৰা আৰু নমিতা নাথে এই প্রজাতিটো চিনাক্ত কৰিছিল। প্ৰায় ৩.৫ মিটাৰ পৰ্যন্ত ওখ হ'ব পৰা এই জোপোহা উদ্ভিদজোপাত আকর্ষণীয় গোলপীয়া ৰঙৰ ফুল ফুলে। আনহাতে, উদ্ভিদবিধৰ গঠনৰ সৈতে অছবেকিয়া ৰষ্ট্ৰেটাৰ কিছু মিল থাকিলেও পাত, ফুল আৰু বীজৰ ক্ষেত্ৰত কিছু সুকীয়া বৈশিষ্ট্য পৰলক্ষিত হৈছে। বিশেষকৈ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনি অঞ্চলত এই উদ্ভিদবিধ প্ৰচুৰ পৰিমাণে দেখা পোৱা যায়। প্রজাতিটোৱে ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা জানুৱাৰীলৈকে ফুল আৰু ফল ধাৰণ কৰে। 

উল্লেখযোগ্য যে এই নতুন উদ্ভিদ প্ৰজাতিৰ আৱিষ্কাৰে মানস ৰাষ্ট্ৰীয় উদ্যানৰ চহকী উদ্ভিদ বৈচিত্র্যৰ ভঁৰাল চহকী কৰাৰ লগতে উত্তৰ-পূব ভাৰতৰ জৈৱ-বৈচিত্র্যৰ অধ্যয়নত নতুন দিশৰ সঞ্চাৰ কৰিব বুলি গৱেষকসকলে আশা প্রকাশ কৰিছে। আনহাতে, প্রকৃতি আৰু সংস্কৃতিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে অসমত প্ৰথমবাৰৰ বাবে এগৰাকী শিল্পীৰ নামেৰে এনেদৰে এটি নতুন উদ্ভিদ প্রজাতিৰ নামকৰণ কৰা পদক্ষেপে সকলোকে আনন্দিত কৰি তুলিছে।

Share This