ডিজিটেল ডেস্ক : পোনপ্ৰথমবাৰৰ বাবে ছমহীয়া পৰীক্ষাত অন্তর্ভুক্ত হ'ল অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গার্গবিষয়ক প্রশ্ন।
উল্লেখয্যেগ্য যে বজালী শিক্ষাখণ্ডৰ অন্তৰ্গত বিদ্যালয়সমূহত ৬ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বার্ষিকৰ ছমহীয়া পৰীক্ষা আৰু পৰীক্ষাৰ প্ৰথম দিনটোতেই আছিল ইংৰাজী বিষয়ৰ পৰীক্ষা। দ্বিতীয় বার্ষিকৰ পৰীক্ষাৰ প্রশ্নকাকতত প্রথমবাৰৰ বাবে সন্নিৱিষ্ট হ'ল জুবিন গাৰ্গবিষয়ক প্রশ্ন।
প্রশ্নকাকতখনৰ প্ৰথম অংশতে Reading Skills: Comprehension প্রশ্নত জুবিন গাৰ্গবিষয়ক, পিতৃ-মাতৃ সন্দৰ্ভত আহিল প্রশ্ন আৰু বজালী জিলাৰ শিক্ষা খণ্ডৰ অধীনস্থ বিদ্যালয়ৰ শিক্ষার্থীয়ে লিখিলে ৫ নম্বৰৰ জুবিন গাৰ্গবিষয়ক প্ৰশ্নৰ উত্তৰ। প্ৰাণৰ শিল্পীগৰাকীক লৈ প্ৰথমবাৰৰ বাবে অহা এনেকুৱা প্রশ্নই শৈক্ষিক মহলত বিশেষ চর্চা লাভ কৰাৰ লগতে শিক্ষার্থীসকলেও আনন্দ প্রকাশ কৰে।