১৪ জানুৱাৰীত আৰম্ভ ছিংগাপুৰত হ'ব জুবিন গাৰ্গৰ 'কৰ'নাৰ' তদন্ত

dainik janambhumi December 30, 2025

ডিজিটেল ডেস্ক: ভাৰতৰ জনপ্রিয় গায়ক-গীতিকাৰ-সংগীতজ্ঞ, অসমৰ হার্টথ্রব জুবিন গাৰ্গৰ কৰ'নাৰ (আওমৰণ অন্বেষক) তদন্ত ১৪ জানুৱাৰীত ছিংগাপুৰত আৰম্ভ হ'ব। ন্যায়ালয়ৰ ৰেকৰ্ডৰ পৰা এই কথা জানিব পৰা গৈছে। 

সোমবাৰে নিউজ এছিয়া চেনেলে জনোৱা মতে সেই সন্দৰ্ভত ৰাষ্ট্ৰীয় ন্যায়ালয়সমূহত (ষ্টেট ক'র্ট) শুনানি গ্রহণ কৰা হ'ব। উল্লেখযোগ্য যে ছিংগাপুৰত ৰাষ্ট্ৰীয় ন্যায়ালয় জিলা আৰু দণ্ডাধীশ আদালতেৰে গঠিত। উচ্চতম ন্যায়ালয়ৰ আওতাত নপৰা দেৱানী আৰু ফৌজদাৰী গোচৰসমূহ এই ন্যায়ালয়ে নিষ্পত্তি কৰে। ইয়াৰ আগতে আৰক্ষীয়ে কৈছিল যে তেওঁলোকে তদন্তত পোৱা সাক্ষ্য-প্রমাণ তথ্যসমূহ গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্তৰ বাবে ৰাষ্ট্ৰীয় কৰ'নাৰ আডম নাখোডাক প্রদান কৰিব। 

উল্লেখযোগ্য যে এক সাংস্কৃতিক উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া দিনটোৰ আগদিনা, ১৯ ছেপ্টেম্বৰত ৫২ বছৰীয়া গাৰ্গৰ মৃত্যু হৈছিল। ছিংগাপুৰৰ আৰক্ষীয়ে আগতে কৈছিল যে তেওঁলোকে সেই দিনা ছেইণ্ট জন্‌ছ দ্বীপৰ পৰা সহায়ৰ বাবে এটা ফ'নকল পাইছিল। গার্গক অচেতন অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসালয়তে তেওঁৰ মৃত্যু হৈছিল। ছিংগাপুৰ আৰক্ষীয়ে এই মাহৰ আগভাগত জনাইছিল যে গাৰ্গৰ মৃত্যুৰ ঘটনাৰ এতিয়াও তদন্ত কৰি থকা হৈছে তথা ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত উক্ত ঘটনাৰ কৰ'নাৰ তদন্ত হ'ব। তেতিয়ালৈকে কৰা তদন্তৰ ভিত্তিত আৰক্ষীয়ে আৰু কৈছিল যে গাৰ্গৰ মৃত্যুত কোনো 'ফাউল প্লে'ৰ (অপৰাধমূলক কার্য) তেওঁলোকে সন্দেহ কৰা নাই। ছিংগাপুৰ আৰক্ষীয়ে জনপ্রিয় সংগীতজ্ঞজনৰ মৃত্যুৰ বিষয়ে কোনো গুণা-গঁথা নকৰিবলৈ আহ্বান জনাইছিল। 

কৰ'নাৰ তদন্ত হৈছে কিদৰে, কেতিয়া আৰু ক'ত এজন লোকৰ মৃত্যু হৈছিল সেই কথা প্রতিষ্ঠা কৰিবলৈ এজন কৰ'নাৰৰ (আওমৰণ অন্বেষক) নেতৃত্বত সত্য উদঘাটনৰ (ফেক্ট চেক) প্ৰক্ৰিয়া। কৰ'নাৰ হৈছে এজন ন্যায়িক বিষয়া। কৰ'নাৰৰ তদন্ত সাধাৰণতে এখন মুকলি আদালতত হয়। চেনেলটোৰ প্ৰতিবেদনৰ মতে তেনে এক তদন্ত এদিনতে সমাপ্ত হ'ব পাৰে নাইবা কেইবাদিনো লাগিব পাৰে। তদন্তৰ শেষত কৰ'নাৰে মৃত্যুৰ পৰিস্থিতি সম্পৰ্কত সিদ্ধান্ত দিব।

Share This