ডিজিটেল ডেস্কঃ হৃদয়ৰ শিল্পী জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰুৱাই শোকবিহ্বল অসমবাসী। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা অহা খবৰটোৱে ব্যথিত কৰিছিল প্ৰতিগৰাকী অসমীয়াক। হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ খবৰে স্তব্ধ কৰে সমগ্ৰ ৰাজ্য।
অনাকাংক্ষিত খবৰটো যেন মানি ল'ব পৰা নাছিল ৰাজ্যবাসীয়ে। অৱশেষত যাৱতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি ছিংগাপুৰৰ পৰা বিমানেৰে গুৱাহাটীলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ খবৰৰ পাছত অসমত আকুলতাৰে বাট চাইছিল লাখ লাখ অনুৰাগীয়ে। ইফালে জুবিনৰ পাৰ্থিৱ শৰীৰ মাতৃভূমিত উপস্থিত হোৱাৰ পাছত সম্ভাব্য পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছিল অসম আৰক্ষী তথা প্রশাসন। আৱেগবিহ্বল লাখ লাখ অনুৰাগীক কিদৰে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব তাক লৈ উদ্বিগ্ন হৈছিল অসম আৰক্ষী। বিমান বন্দৰৰ পৰা কাহিলিপাৰাৰ বাসগৃহ তথা সৰুসজাইলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহটো লৈ যোৱাটো আৰক্ষীৰ বাবে আছিল এটা বৃহৎ প্রত্যাহ্বান। কাৰণ লাখ লাখ অনুৰাগীয়ে জুবিনক চাবলৈ সমৱেত হোৱাটো আছিল নিশ্চিত। এই সম্ভাব্য পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষীয়ে ৰচিছিল বৃহৎ পৰিকল্পনা। ২০ ছেপ্টেম্বৰত বৰঝাৰ বিমান বন্দৰলৈ অনা হৈছিল জুবিন গাৰ্গৰ মৃতদেহ। নিশাৰ ভাগত জুবিন গাৰ্গৰ মৃতদেহ আহি পোৱাত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। নিশাৰ ভাগতে বিমান বন্দৰত উপস্থিত হৈছিল হাজাৰ হাজাৰ অনুৰাগী। জুবিন গাৰ্গক শেষবাৰৰ বাবে চোৱাৰ বাবে বিমান বন্দৰত ভিৰ কৰা অনুৰাগীসকলে সৃষ্টি কৰা উত্তেজনাময় পৰিস্থিতি অতি কৌশলেৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আনকি পৰিস্থিতি নিয়ন্ত্ৰণত আৰক্ষী সঞ্চালক প্রধান হৰমিৎ সিং, মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তকে ধৰি শীৰ্ষ আৰক্ষী বিষয়াসকলো নামি পৰে। ইয়াৰ পাছতে জুবিন গাৰ্গৰ নশ্বৰ দেহ অনা হৈছিল কাহিলিপাৰাৰ বাসগৃহলৈ। জুবিন গাৰ্গৰ কাহিলিপাৰা বাসগৃহতো সমৱেত হৈছিল হাজাৰ হাজাৰ অনুৰাগী। কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ সামূহিক শ্রদ্ধাঞ্জলিৰ বাবে নিয়া হৈছিল সৰুসজাই ষ্টেডিয়ামলৈ। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা লোকে জুবিন গাৰ্গক শেষ শ্রদ্ধা জনোৱাৰ বাবে সৰুসজাই ষ্টেডিয়ামলৈ অহাত সেই স্থানত বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে কোনো ধৰণৰ অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ মহানগৰ আৰক্ষীয়ে পৰিচালনা কৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী। ইয়াৰ পাছতে নিখুঁত পৰিকল্পনাৰে পুৱাই সৰুসজাইৰ পৰা জি এম চি এইচলৈ আৰু তাৰ পৰা সৰুসজাই হৈ সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা পাহাৰলৈ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ। নশ্বৰ দেহ লৈ যোৱাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপাৰে সমৱেত হয় অসংখ্য অনুৰাগী। এই সময়ত যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সষ্টম আছিল মহানগৰ আৰক্ষী। এই সময়ছোৱাত অনুৰাগীয়ে বহুকেইবাৰ উত্তেজিত হ'লেও পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষী। বিগত ৫ দিন ধৰি দিনে-নিশাই অবিৰতভাৱে নিষ্ঠাৰে কৰ্তব্য পালন কৰে মহানগৰ আৰক্ষীয়ে। কৰ্তব্যৰ মাজতে হিয়াৰ আমঠু জুবিন গাৰ্গক চিৰদিনৰ বাবে হেৰুৱাই উচুপি উঠে প্ৰতিগৰাকী আৰক্ষী। ইফালে প্রতিকূল বতৰকো নেওচি মহানগৰ আৰক্ষীয়ে সুকলমে চলাই নিয়ে শ্রদ্ধাঞ্জলি তথা অন্ত্যেষ্টিক্রিয়া। মহানগৰ আৰক্ষীৰ উপৰি ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষীয়ে সহযোগ কৰে জুবিন গাৰ্গৰ অন্তিম যাত্ৰাৰ কাৰ্যসূচীত। উল্লেখযোগ্য যে বিমান বন্দৰৰ পৰা কাহিলিপাৰা আৰু তাৰ পৰা সৰুসজাইলৈ অনাৰ সময়ত তথা শ্রদ্ধাঞ্জলি আৰু অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত অগণন জনতাই অংশ গ্ৰহণ কৰাৰ পাছতো মহানগৰ আৰক্ষীয়ে সকলো পৰিস্থিতি দক্ষতাৰে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱাটো এক বৃহৎ সফলতা হিচাপে বিবেচিত হৈছে।