জুবিন ক্ষেত্রত মদ্যপায়ীৰ প্ৰৱেশ নিষিদ্ধ

Kakali Deka October 24, 2025

ডিজিটেল ডেস্কঃ শিল্পী জুবিন গাৰ্গৰ সমাধিস্থলীত শ্রদ্ধাঞ্জলি জনাবলৈ গৈ একাংশ লোকে পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সমাধিস্থল দৰ্শনৰ বাবে সময় বান্ধি দিলে কামৰূপ মহানগৰ জিলা প্রশাসনে।

উল্লেখযোগ্য যে বিশেষকৈ নিশাৰ ভাগত সমাধিস্থলীত জুবিন অনুৰাগীৰ নামত একাংশই মদ্যপান কৰাৰ লগতে উদ্ভণ্ডালি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল। সেয়েহে স্থানীয় জনসাধাৰণৰ লগতে স্থানীয় সংগঠনৰ সৈতে আলোচনাৰ অন্তত আৰু কমাৰকুছিৰ হাতীমূৰাত থকা কিংবদন্তি গায়ক জুবিন গাৰ্গৰ সমাধিস্থলীৰ পুণ্যতা আৰু পৱিত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে জিলা আয়ুক্ত সুমিত সত্তাৱানে।

পুৱা ৬ বজাৰ পৰা দৰ্শনার্থীয়ে কিংবদন্তি গায়ক জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে সমাধিস্থলী খোলা থাকিব। নিশা ১০ বজাৰ পাছত সমাধিস্থলীত প্ৰৱেশৰ অনুমতি দর্শনার্থীক দিয়া নহ'ব। মদ্যপান কৰা ব্যক্তিক সমাধিস্থলীৰ চৌহদত প্ৰৱেশ কৰিবলৈ বা থাকিবলৈ দিয়া নহ'ব। সমাধিস্থলীত চৌহদৰ ভিতৰতে কোনো ধৰণৰ মাদক দ্রব্য সেৱন, পৰিৱেশন বা বিতৰণ কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে।

Share This