ডিজিটেল ডেস্ক : সংসাৰৰ মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ'ল অসমীয়াৰ হিয়াৰ আঁমঠু জুবিন গাৰ্গ। বুকুৰ আপোন শিল্পীগৰাকীক হেৰুৱাই এতিয়া শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। গানেৰে জগত জিনাৰ অসীম যুঁজত নিজকে সপি দিয়া জুবিনৰ এই যাত্রা আৰম্ভ হৈছিল নব্বৈ দশকত। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বর্ণ পদক অর্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টার্নিং পইন্ট। ইয়াতেই জুবিনে কণ্ঠশিল্পীৰূপে জীৱনত প্রথমবাৰৰ বাবে সফলতা আৰু বিশ্বাসৰ সোৱাদ পায়। ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্র বজোৱাৰ উপৰি জুবিন এজন কৃতি কী-ব'ৰ্ড প্লেয়াৰ। ১৯৯২ চনত প্রথম এলবাম অনামিকা মুক্তি হোৱাৰ লগে লগে তেওঁ পেছাদাৰী সংগীত জগতখনত সোমাই পৰে। তাৰ পাছত 'মায়া'। এই অগতানুগতিক এলবাম দুটাই অতি কম সময়তেই সমগ্ৰ উত্তৰ-পূব ভাৰততে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। তাৰ পাছত জুবিনে পিছলৈ আৰু ঘুৰি চাব লগা হোৱা নাই। নিজৰ নামতে শতাধিক এলবামৰ উপৰি ভালেকেইখন হিন্দীৰ লগতে বঙালী আৰু ২৪খনতকৈ অধিক অসমীয়া চলচ্চিত্ৰৰ সংগীত পৰিচালনাৰে জুবিনে সংগীত কেৰিয়াৰ অব্যাহত ৰাখিছিল। বঙালী চিনেমা 'শুধু তুমি'ৰ কাৰণে ২০০৫ চনত তেওঁ শ্রেষ্ঠ সংগীত বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলী গীতটোৰ বাবে ২০০৭ চনত গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত তেওঁ শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল।
ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচি) ছবিৰ বাবে শ্রেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা ৰজত কমল লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। যদিও জুবিনে নিজকে এজন সংগীতজ্ঞ বুলিহে গণ্য কৰে, তথাপি এতিয়ালৈকে হিন্দী, তামিল, তেলুগু, পঞ্জাবী, ওড়িয়া, মাৰাঠী, নেপালী আদিকে ধৰি ৪০টা ভাষাত তেওঁ ৩২,০০০তকৈ অধিক গীত গাইছে। ফিজা, কাঁটে, মুড্ডা, ব্রাইডছ ব্রান্টেড, গেংষ্টাৰ, প্যাৰ কে ছাইড ইফেক্ট ইত্যাদিৰ দৰে চলচ্চিত্ৰত হিন্দী ভাষাত জুবিনৰ সংগীতৰ দক্ষতাৰ নিদর্শন পোৱা যায়। ২০০০ চনত জুবিনে তেওঁৰ নিজা অসমীয়া চলচ্চিত্র 'তুমি মোৰ মাথোঁ মোৰ'ৰ কাহিনী লিখাৰ লগতে পৰিচালনা আৰু অভিনয় কৰিছিল। ২০০৫ চনত ৰাষ্ট্ৰীয় বঁটা পোৱা অসমীয়া চলচ্চিত্র 'দীনবন্ধু'ত জুবিনে অভিনয় কৰাৰ উপৰি সহঃপ্রযোজনা কৰিছিল আৰু সংগীতেৰে সজাইছিল। তেওঁ সঞ্জয় ঝাৰদ্বাৰা পৰিচালিত হিন্দী চিনেমা ষ্ট্ৰীংছৰ সংগীত পৰিচালনা কৰিছিল।
আনহাতে তেওঁ সংগীত পৰিচালনা কৰা অসমীয়া ছবিকেইখন হৈছে ক্রমে যোদ্ধা, ভাইমন দা, চিকাৰ, ৰাঘৱ, দ্য শ্লেমবুক, ডক্তৰ বেজবৰুৱা, প্রতিঘাত, কাঞ্চনজংঘা, ৰত্নাকৰ, দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্রিয়া, মিছন চাইনা, গানে কি আনে, ৰ'দৰ চিঠি, এখন নেদেখা নদীৰ সিপাৰে, মন যায়, আমি অসমীয়া, অধিনায়ক, দীনবন্ধু, বং, বাৰুদ, জোনাকবিহীন এই জীৱন, অগ্নিসাক্ষী, বিধাতা, প্রিয়া মিলন, জুমন সুমন, জোনাকী মন, প্রেম আৰু প্রেম, জীৱন নদীৰ দুটি পাৰ, কন্যাদান, নায়ক, শেষ উপহাৰ, দাগ, তুমি মোৰ মাথোঁ মোৰ, হিয়া দিয়া নিয়া আদি। আনহাতে তেওঁ অভিনয় কৰা কেইখনমান মুখ্য অসমীয়া ছবি হ'ল ৰাজনীতি, কাঞ্চনজংঘা দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্রিয, মিছন চাইনা, গানে কি আনে, সাত নম্বৰৰ সন্ধানত, অহেতুক্য ৰ'দৰ চিঠি ৰামধেনু, মন যায, দীনবন্ধু, প্ৰেম আৰু প্রেম, তুমি মোৰ মাথোঁ মোৰ, ডক্তৰ বেজবৰুৱা আদি।