ডিজিটেল ডেস্কঃ ৰাজ্যবাসীৰ অন্তৰত এখন সুকীয়া স্থান লাভ কৰা, এইখন অসমৰ পলসুৱা মাটিৰ গোন্ধ আৰু সেউজীয়া প্ৰকৃতিৰ সুবাসত বর্ণাঢ্য জাতি-জনগোষ্ঠীৰ লোকজীৱনৰ পৰা সুৰ বুটলি আনি সেই সুৰক বিশ্বজনীন ৰূপ দিবলৈ দিন-ৰাতি একাকাৰ কৰি যোৱা আপোনভোলা শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ অকল্পনীয় খবৰ বিয়পি পৰাৰে পৰা বিগত এমাহ ধৰি অসমৰ গৰিষ্ঠ সংখ্যক লোকেই বুজাব নোৱাৰা এক অৱস্থাত শোকাচ্ছন্ন হৈ আছে।
শিল্পীজনৰ অকাল মৃত্যুৰ পাছতেই আৰম্ভ হোৱা দুর্গোৎসৱতো পৰম্পৰা ৰক্ষাৰে জাকজমকতা পৰিহাৰ কৰি পূজা সম্পন্ন হ'ল। দুর্গোৎসৱৰ পাছতেই বিগত দুদিন ধৰি দীপাৱলীত দেখা গ'ল হৃদয়হীন কঠুৱা অন্তৰৰ একাংশৰ নির্লজ্জ মানসিকতাৰ পৰিচয়। ৰাজ্যবাসীৰ গৰিষ্ঠসংখ্যক লোকেই প্রিয় শিল্পীজনক হেৰুওৱাৰ বেদনাত ম্রিয়মাণ হৈ থকাৰ সময়তে এইবাৰ দেৱালীত প্রিয় শিল্পীজনৰ প্রতি শ্রদ্ধা জনায়েই শব্দ প্ৰদূষণৰ পৰা বিৰত থাকি কেৱল চাকি-বন্তিৰে পোহৰৰ উৎসৱ পালনৰ বাবেও ৰাজ্যখনৰ প্ৰতিখন নগৰ-চহৰৰ সচেতন নাগৰিক আৰু বিভিন্ন সংগঠনেও আহ্বান জনাইছিল।
এই আহ্বানৰ প্ৰতি গৰিষ্ঠসংখ্যকেই সঁহাৰিও জনাইছিল। কিন্তু মূৰকত নগৰ অঞ্চলত দেখা গ'ল চাকি-বন্তি জ্বলাই সেউজ দীপাৱলীৰ বিপৰীতে একাংশৰ নিকৃষ্ট মানসিকতাৰ স্বাৰ্থলোভী, বেপৰোৱা পৰিচয়। ৰাজ্যখনৰ আন ঠাইৰ কথা বাদেই, যৌৱনত সংগীতৰ আদিপাঠ গ্রহণ কৰি এইখন যোৰহাটৰেই অলিয়ে- গলিয়ে সুৰৰ সুবাস বিলোৱা জুবিন গাৰ্গৰ নশ্বৰ দেহটো এঘণ্টাৰ বাবে হ'লেও যোৰহাটলৈ অনাৰ প্ৰবল দাবীৰে প্ৰায় ২৪ঘণ্টা ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি জুবিনৰ প্ৰেমত আমাৰ মনে হিয়া ঢাকুৰি কান্দিছিল। তেনেদৰে জুবিনৰ মৃত্যুৰ ১৩ দিনৰ দিনা যোৰহাট স্টেডিয়ামত চৰকাৰীভাৱে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ধর্ম, বর্ণ, ভাষা নির্বিশেষে যোৰহাটবাসীৰ অংশগ্রহণেৰে প্ৰাণৰ শিল্পী বুলি ভবা জুবিনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰা হৈছিল। উক্ত অনুষ্ঠানত যোৰহাটৰ বহিৰাগত বণিক গোষ্ঠীৰ এটা গোটে শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা অগণন জুবিন অনুৰাগীক কোনো মূল্য নোলোৱাকৈ শৃংখলাবদ্ধভাৱে খোৱাপানীৰ যোগান ধৰিছিল। এই কাৰ্যই বণিক গোষ্ঠীৰ জুবিনৰ প্ৰতি সহমর্মিতা প্রকাশ যেনেই অনুভৱ হ'ল। কিন্তু দিন বাগৰাৰ লগে লগে এইবাৰ দেৱালীত ব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ এ টি ৰ'ডৰ ঠাকুৰবাৰীৰ সমীপত আৰু মাৰোৱাৰী পট্টিকে ধৰি নগৰৰ বিভিন্ন অঞ্চলত ২০ অক্টোবৰৰ নিশা প্রায় ৯বজাৰ পৰা আৰু ২১ অক্টোবৰৰ সন্ধিয়া প্রায় ৮ বজাৰ পৰা দুপৰ নিশালৈকে বিগত বছৰসমূহৰ তুলনাত কম হ'লেও ফটকাৰ কাণতাল মৰা শব্দৰ পয়োভৰে জুবিনৰ আত্মাৰ লগতে আজিও অন্তৰে কান্দি থকা জুবিন অনুৰাগীক উপহাস কৰা যেনহে প্রতীয়মান হ'ল। কেৱল বহিৰাগত বণিক গোষ্ঠী বসবাস কৰা এলেকাতেই নহয়, কালিলৈকে জুবিনৰ অকাল মৃত্যুত অনুতপ্ত হৈ থকা নগৰখনৰ থলুৱা লোকৰ বসতি প্রধান অঞ্চলসমূহৰ মুষ্টিমেয় বাসিন্দাও পিছপৰি নাথাকিল ফটকাৰ কাণ তাল মৰা শব্দ সৃষ্টিৰে উৎসৱৰ আনন্দত নিজকে বিলাই দিয়াৰ বাবে।
অৱশ্যে এনে পৰিৱেশৰ মাজত একাংশ বিবেকবান বহিৰাগত ব্যৱসায়ীৰ লগতে থলুৱা লোকৰ বসতি প্রধান নগৰৰ বিভিন্ন এলেকাত প্রকৃততেই সচেতন গৰিষ্ঠ সংখ্যকেই এইবাৰ কেৱল চাকি-বন্তিৰে দেৱালীৰ পৰম্পৰা ৰক্ষা কৰাহে দেখা গ'ল। তৎসত্ত্বেও দীপাৱলীৰ আনন্দ-উল্লাসত নিজকে বিলাই দি তৃপ্তিৰে এসাঁজ খাবলৈ ভিৰ দেখা গ'ল মাজনিশালৈকে নগৰৰ নিৰ্দিষ্ট অঞ্চলত খোলা ৰখা একাংশ হোটেল, ৰেষ্টুৰেণ্টত। এনেকৈয়ে দীপাৱলী পালন কৰা হ'ল যৌৱনত সুৰ বিলাই ফুৰা জুবিনৰ যোৰহাটত। কালিলৈকে প্রিয় শিল্পীজনৰ অকাল মৃত্যুত মর্মাহত হৈ থকা সেই নির্দিষ্ট জুবিন অনুৰাগীয়ে কাণ তাল মৰা ভয়ানক শব্দৰ ফটকা ফুটাই জীৱনৰ চৰম তৃপ্তি লভাৰ সময়তো মনত নপৰিল গৰিমাৰ বেদনাবিধুৰ মুখখনলৈ।
এয়াই আমি জাতিটোক ভালপোৱা তথাকথিত অসমীয়া। এইজন প্ৰাণৰ শিল্পীয়ে এই মাটি-পানীৰ মৰমত জীয়াই থাকি অসমৰ গীত-মাতক বিশ্বমুখী কৰাৰ প্রয়াসেৰে ভিন্নতাৰ মাজত একতাৰ সুৰ বান্ধিবলৈ নিৰন্তৰ প্ৰয়াস কৰি গ'ল। লগতে এই উৰ্ব্বৰ মাটিৰ অধিকাৰৰ পৰা যাতে সৰু সৰু জাতি-জনগোষ্ঠী প্ৰমুখ্যে ৰাজ্যবাসী বঞ্চিত হ'ব নালাগে, তাৰ বাবেও গীতৰ মাজেৰেই সকলোকে সজাগ কৰি যোৱা সেইজন স্পষ্টবাদী, প্ৰাণৰ শিল্পীৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি ফুৰাৰ সময়তে এইবাৰ দীপাৱলীত বুকু ভেদি যোৱা ফটকাৰ ভয়ানক শব্দই আগন্তুক দিনৰ বাবে 'অসমীয়া'ক কোনে কিহৰ ইংগিত দি গ'ল, সেই কথা বাৰু আমি বুজিবলৈ চেষ্টা কৰিছোঁনে?