ডিজিটেল ডেস্কঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা ৭ অভিযুক্তক পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু ঘটাৰ ঘটনাত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা শ্যামকানু মহন্ত, সিদ্ধার্থ শর্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্রভামহন্ত, সন্দীপন গার্গকে ধৰি ৭ অভিযুক্তৰ কালি ন্যায়িক জিম্মাৰ ম্যাদ অন্ত পৰিছিল ফলত কালি বিয়লি তেওঁলোকক ভার্চুৱেল পদ্ধতিৰে পুনৰ আদালতত হাজিৰ কৰা হয়। ন্যায়াধীশে তেওঁলোকক পুনৰ ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে শ্যামকানু, সিদ্ধার্থকে ধৰি পাঁচজন অভিযুক্তক বাক্সা কাৰাগাৰত ৰখা হৈছে। ইফালে শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্রভা মহন্তক হাফলং কাৰাগাৰাত কাৰাবন্দী কৰি ৰখা হৈছে।
তেওঁলোকৰ শুনানি ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে সম্পন্ন কৰা হয়। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰি থকা এছ আই টিয়ে সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত ৰাখিছে। কালি এছ আই টিৰ সন্মুখত কেইবাজনো লোকে সাক্ষ্য দিয়ে। জুবিনৰ সহযোগী কণ্ঠশিল্পী জুবলী বৰুৱাৰ উপৰি জুবিন গাৰ্গৰ সহঃ শিল্পী মৰমী শৰ্মা আৰু হৰেশ্বৰ মহন্ত নামৰ এজন লোকে সাক্ষ্য দিয়ে। মৰমী শৰ্মাই 'ৰৈ ৰৈ বিনালে' ছবিত জুবিন গাৰ্গৰ সৈতে গীতত কণ্ঠদান কৰিছিল। আনহাতে, হৰেশ্বৰ মহন্তই জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱা সন্দৰ্ভত মন্তব্য কৰিছিল। নয়নজ্যোতি বৰুৱা নামৰ আন এজন ব্যক্তিয়েও কালি সাক্ষ্যদান কৰে।
উল্লেখযোগ্য যে জুবলী বৰুৱাৰ পৰা এছ আই টিয়ে আঢ়ৈ ঘণ্টাজুৰি ভাষ্য গ্রহণ কৰে। সাক্ষ্যদান কৰি ওলাই অহাৰ সময়ত তেওঁ সংবাদ মাধ্যমৰ সন্মুখত উচুপি উঠাৰ লগতে সিদ্ধার্থ শৰ্মাই জুবলীৰ লগত কোনো আর্থিক খেলিমেলি নকৰা বুলি মন্তব্য কৰে। জুবিন গাৰ্গৰ সৈতে সেইদিনা প্রকৃততে কি হৈছিল সেই কথা সোনকালেই জানিবলৈ লাগে বুলিও তেওঁ কয়। তেওঁ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখিছে বুলি উল্লেখ কৰি জুবিন গার্গে ন্যায় পাব বলি আশা প্রকাশ কৰে।