ব'হাগক উত্তাল কৰি ৰখা জুবিন গাৰ্গৰ কণ্ঠ এনে হ'ল কিয়? আপোনাৰ অনুভৱ কেনে?  

Kakali Deka April 15, 2024

ডিজিটেল ডেস্কঃ জুবিন গাৰ্গ। কেৱল অসমৰে নহয় , সমগ্ৰ ভাৰতৰে সাংস্কৃতিক জগতৰ এটা পৰিচিত নাম। অসমৰ সমানেই পশ্চিম বংগতো জুবিনৰ গান বুলিলেই জনপ্ৰিয় গান। চোখেৰ জলে ভাছিয়ে দিলামকে ধৰি  বহু গান বংগত অতি জনপ্ৰিয়। অসমীয়া জনসাধাৰণৰো সিৰাই সিৰাই  সোমাই  আছে জুবিনৰ গান। কিন্তু পহিলা বহাগৰ দিনাই জুবিনে কি কৰিলে!

আজাৰাৰ বিহুতলীত গীত গাবলৈ গৈ জুবিনে নিজৰ গীতেই পাহৰিলে। ৰুণ জুণ নুপূৰে মাতে... নাই নিজৰেই গান গাব নোৱাৰিলে জুবিনে। বহুতে কোৱা অনুসৰি জুবিনৰ হয়তো গা বেয়া , সেই বাবেই গান গাব পৰা নাই। বহুতৰ মতে জুবিনে বেছিকৈ পগলা পানীবিধ খোৱা বাবেই গান গাব নোৱাৰিলে। জুবিনক জনতাই ভালপায়, সেয়ে তেওঁৰ গা বেয়া থাকিলে অনুষ্ঠানলৈ নহাই ভাল। লগতে বেছিকৈ সুৰাপান কৰিবলগীয়া থাকিলে নিজৰ ঘৰতে খাই বৈ থকাই ভাল বুলিও মতামত দিছে। কথাটো হ'ল ভূপেন হাজৰিকায়ো সুৰা গ্ৰহণ কৰিছিল। কিন্ত তেওঁ ৮০ বছৰৰ ওপৰলৈকে গান গাইছিল। জুবিনে সৃষ্টি কৰাৰ দৰে পৰিবেশ ভূপেন হাজৰিকাই কোনো অনুষ্ঠানতে কৰা নাছিল। বহুতে এই বুলি কৈছে- জুবিনে অনুষ্ঠানৰ নামত ১০-১২ লাখ টকা লয় আৰু শেষত বহুৱালি কৰে। তেওঁ এতিয়া গান নাগাই ঘৰতে বহি নিজৰ মনৰ মতে খানা-পানী  খাই থকা ভাল বুলিও বহুতে কৈছে। জুবিনৰ এনে অধঃপতন কোনেও  মানি লব পৰা নাই বাবেই হয়তো তেনেদৰে কৈছে।

Share This