ডিজিটেল ডেস্কঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক উচটনি দি সাগৰৰ পানীত নমোৱা হৈছিল। সাগৰলৈ লৈ যোৱাৰ উদ্যোগ লৈছিল ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ সৈতে জড়িত ।
কেইগৰাকীমান প্ৰৱাসী অসমীয়াই। এই কথা পোহৰলৈ আহিছে শেহতীয়াকৈ ভাইৰেল হোৱা এটা ভিডিঅ'ত। উক্ত ভিডিঅ'টোত জুবিন পানীত নামি যোৱাৰ সময়ত পাৰত ৰৈ একাংশৰ অট্টহাস্য শুনা গৈছে। নিশা সুৰাৰ পাৰ্টি কৰোৱাই পুৱাই জুবিন গাৰ্গক সাগৰলৈ লৈ গৈছিল সন্দীপন গার্গ, সিদ্ধার্থ শর্মা আৰু শেখৰ গোস্বামীৰ লগতে ছিংগাপুৰত থকা প্ৰৱাসী অসমীয়াকেইগৰাকীয়ে।
আনকি জুবিনক খালী গাৰে পানীত নামিবলৈ প্ৰৰোচিত কৰোৱা হৈছিল। পানীত নামিবলৈ মন নকৰা আৰু মানসিকভাৱে প্ৰস্তুত হৈনথকা জুবিন গাৰ্গক পানীত নামিবলৈ জুবিনৰেই দীর্ঘকালৰ বিশ্বস্ত সহযোগী শেখৰ গোস্বামীয়েও কৈছিল।
ভাইৰেল হৈ পৰা ভিডিঅ'টোত স্পষ্টকৈ দেখা গৈছে যে প্রথমে জুবিনে শেখৰ গোস্বামীক সাঁতোৰ শিকোৱা বুলি উল্লেখ কৰিছে। তাৰ পাছতেই শেখৰে জুবিনক 'ব'লা, তালৈ যাওঁ ব'লা' বুলি কৈ পানীত নামি সিপাৰলৈ যাবলৈ অনুৰোধ কৰিছিল। শেখৰক জুবিনে কয়, 'যাবা?' তেতিয়া আকৌ শেখৰে কৈছিল, 'ব'লা।' সেই মুহূৰ্তৰ পাছতেই তাত উপস্থিত থকা এজনে কোৱা শুনা গৈছে এনেদৰে- 'গৈ কিন্তু আকৌ ঘূৰি আহিব লাগিব দেই।' গৈ ঘূৰি অহাৰ কথা কোৱাৰ পাছত আন এজনে অট্টহাস্য কৰি কৈছে, 'ঘূৰি আহিব লাগিব দেই। এইটো বেষ্ট। যোৱাটো সহজ।' আন এজনে কৈছে, 'জুবিন দাক লাইফ জেকেট এটা দি দে।' তাৰ পাছত আন এজনে লাইফ জেকেট এটা আনি পিন্ধাই দিব খুজিছিল যদিও জুবিনে সোলকাই দিয়া দেখা গৈছে। তাৰ পাছত এজনে কৈছে, 'এনেকৈ নামা, ঠেলি দিওঁ নেকি? জুবিন দাক লগত লৈ যোৱা। জুবিন দা, ই গৈ আছে লগত।' এনেধৰণৰ কথোপকথনে এতিয়া অধিক ৰহস্যৰ মাজলৈ লৈ গৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ ৰহস্য। জুবিন গাৰ্গৰ দৰে অসমীয়া জাতিৰ সম্পদৰ ক্ষেত্ৰত চৰম বহুৱালি আৰু দায়িত্বহীনতা প্রদর্শন কৰা আটাইকেইগৰাকীকে ধিক্কাৰ দিছে অসমবাসীয়ে। আনকি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বাবেও দাবী জনাইছে সকলোৱে।