১ লাখ যুৱক
Dainik Janambhumi
August 30, 2024
ডিজিটেল ডেস্কঃ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছে নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে? ১৫ আগষ্টত লালকিল্লাত দিয়া ভাষণ আৰু তাৰ পিছৰ ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনঃপুনবাৰ দোহাৰিলে এটা বিষয়–সেয়া হ’ল দেশৰ ৰ লাখ যুৱক, যাৰ পৰিয়ালবিলাকৰ ৰাজনীতিৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাই, তেওঁলোক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোত সোমাই পৰা উচিত৷ প্ৰধানমন্ত্ৰীয়ে কিয় ৰাজনীতিত বিচাৰিছে এনেকুৱা ধৰণৰ এক লাখ সক্ষম যুৱকক৷ উদ্দেশ্য হয়তো এটাই– সাম্প্ৰতিক দেশৰ পৰিয়াল নিয়ন্ত্ৰিত ৰাজনৈতিক ব্যৱস্থাটোৰ অৱসান ঘটাব নোৱাৰিলে দেশখন বিকাশৰ সঠিক পথেৰে আগবাঢ়ি যোৱাটো সম্ভৱ নহয়৷
সহজ ভাষাত প্ৰধানমন্ত্ৰীৰ আহ৩ানক এনেদৰে বুজিব লাগিব যে পৰিয়ালতন্ত্ৰই দেশৰ গণতন্ত্ৰ নষ্ট কৰিছে৷ গণতন্ত্ৰক মুক্ত আৰু স্বচ্ছ কৰিবলৈ হ’লে ৰাজনীতিত নিৰপেক্ষ যুৱ সমাজৰ বৃহৎ অংশ এটাৰ পদাৰ্পণ ঘটিব লাগিব, যাৰ কোনো ৰাজনৈতিক উত্তৰাধিকাৰৰ পৰিচয় নাই৷ প্ৰধানমন্ত্ৰীৰ এই আহ৩ানক ন্যস্ত স্বাৰ্থজড়িত বুলি ভবাৰ কোনো অৱকাশ নাই, কাৰণ এই আহ৩ান মুক্ত, কাৰো পৃষ্ঠপোষকতাৰ কথা নাই৷ কিন্তু প্ৰশ্ন হ’ব – কিয় এই আহ৩ান প্ৰধানমন্ত্ৰীয়ে দিলে? দেশৰ এই প্ৰধানমন্ত্ৰীগৰাকী নিজেইতো এটা অৰাজনৈতিক পৰিয়ালৰ সন্তান, যাৰ পিতৃ আছিল এটা অখ্যাত ৰে’ল ষ্টেছনৰ চাহ দোকানী৷ আমাৰ দেশৰ ৰাষ্ট্ৰপতিগৰাকীৰ বংশ-পৰিয়ালত নাছিল কোনো ৰাজনীতিৰ ৰেশ; অতি দৰিদ্ৰ শ্ৰমিক-পৰিয়ালৰ সন্তান তেওঁ৷ লাল বাহাদুৰ শাস্ত্ৰী, অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানি, ড॰ মনমোহন সিং– এওঁলোক কোনোৱেইতো নাছিল ৰাজনৈতিক পৰিয়ালৰ সন্তান৷
যোগী আদিত্য নাথ, ড॰ হিমন্ত বিশ্ব শৰ্মা, মমতা বেনাৰ্জী, নীতিন গডকাৰি, অমিত শ্বাহ, ৰাজনাথ সিং, অৰবিন্দ কেজৰিৱাল, সৰ্বানন্দ সোণোৱাল, মল্লিকাৰ্জুন খৰ্গে, কানহায়া কুমাৰ, সীতাৰাম য়েচুৰী– এওঁলোকৰেই বা আছে কি ৰাজনৈতিক পাৰিবাৰিক ঐতিহ্য? বৰ্তমান দেশৰ ক্ষমতাত থকা বা বিৰোধী পক্ষত থকা বেছিভাগ ৰাজনৈতিক নেতা-কৰ্মীৰ বংশলতা পৰ্যবেক্ষণ কৰি চালে দেখা যাব যে, এওঁলোক প্ৰত্যেকেই নিজস্বভাৱে গঢ়া এটা পথেৰে ৰাজনীতিত প্ৰৱেশ কৰিছে, নিজৰ প্ৰতিভাৰ জোৰত বিভিন্ন স্তৰৰ ৰাজনৈতিক নেতৃত্ব গ্ৰহণ কৰিছে৷ পাৰিবাৰিক ৰাজনীতিৰ আশীৰ্বাদ এওঁলোক কাৰোৰে মূৰৰ ওপৰত নাই৷ তেনেহ’লে প্ৰধানমন্ত্ৰীয়ে কিয় বংশবাদৰ পৰা মুক্ত এক লাখ তৰুণ প্ৰজন্মৰ সন্তানক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰৱেশ কৰাৰ আহ্বান জনাইছে৷
দুটা কথা হ’ব পাৰে – এক, তেওঁ নেহৰু-গান্ধী পৰিয়াল, লালু প্ৰসাদ যাদৱৰ পৰিয়াল, তামিলনাডুৰ মাৰাণ পৰিয়াল, ৰাজস্থানৰ সিন্ধিয়া পৰিয়াল, জম্মু-কাশ্মীৰৰ আব্দুল্লা পৰিয়াল –এইবোৰক দেখি তেওঁ ৰাজনৈতিক বংশ নথকা যুৱকক দেশৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বিচাৰিব পাৰে, যাতে দেশৰ ৰাজনীতি এনেকুৱা বংশবাদী প্ৰকৃতিৰ পৰা মুক্ত হয়৷ দ্বিতীয়তে, তেওঁৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাটোৰ প্ৰতি বিৰাগ জন্মিব পাৰে, যিটো প্ৰত্যক্ষ বংশবাদ নাথাকিলেও পৰোক্ষভাৱে এটা সামগ্ৰিক ৰাজনৈতিক বংশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে৷ ইয়াৰ প্ৰথম কাৰণটো সীমিত৷
কাৰণ ৰাজনৈতিক পৰিয়ালৰ সন্তান হোৱাৰ পৰিচয়েও উত্তৰ প্ৰজন্মবিলাকক বিশেষ উপকৃত কৰা নাই৷ ইন্দিৰা গান্ধী ৰাহুল বা প্ৰিয়ংকা গান্ধীৰ বাবে আশীৰ্বাদ নহয়, বৰঞ্চ বহু ক্ষেত্ৰত হেঙাৰহে৷ ইন্দিৰা গান্ধীয়ে আৰোপ কৰা জৰুৰী অৱস্থাৰ উত্তৰ এতিয়া ৰাহুল-প্ৰিয়ংকাই দিব লাগে৷ তেনেদৰে লালুপ্ৰসাদ যাদৱৰ পশু খাদ্য কেলেংকাৰিৰ চেকাই তেজস্বী যাদৱক বহুক্ষেত্ৰত ৰাজনৈতিক জীৱনত অসুবিধাতহে পেলায়৷ কংগ্ৰেছৰ মাধৱ ৰাও সিন্ধিয়াৰ সন্তান হৈও জ্যোতিৰাদিত্য সিন্ধিয়া বিজেপি হ’ব লগা হৈছে এই কাৰণেই যে কেৱল পাৰিবাৰিক পৰিচয়েই এজন নেতাৰ বাবে যথেষ্ট নহয়৷ এনে অৱস্থাৰ দ্বিতীয়টো সম্ভাৱনাহে দকৈ ভাবি চাবলগীয়া৷ ভাৰতীয় গণতন্ত্ৰৰ ব্যৱস্থাটোৰ সুযোগ লৈ স্বৰাজোত্তৰ সময়ছোৱাত কিছুমান ৰাজনৈতিক বংশৰ সৃষ্টি হৈছে৷ যেনে– কংগ্ৰেছ বংশ, বিজেপি বংশ, চি পি আই বংশ, চি পি আই [এম] বংশ, সমাজবাদী বংশ, ডি এম কে বংশ, এ আই এ ডি এম কে বংশ, অগপ বংশ, টি এম চি বংশ, আৰ জে ডি বংশ, এন চি পি বংশ, নেশ্যনেল কনফাৰেন্স বংশ, তেলুগু দেশম বংশ, জনতা দল [ইউ] বংশ, জনতা দল [এছ] বংশ ইত্যাদি ইত্যাদি৷ আমাৰ দেশৰ ৰাজনৈতিক ব্যৱস্থাটো এতিয়া এনেকুৱা যে কোনেও মুক্ত হৈ দেশৰ ৰাজনীতিৰ পথাৰখনত প্ৰৱেশ কৰিব নোৱাৰে৷ ৰাজনৈতিক ব্যক্তি হিচাপে জীৱন যাপন কৰিব বিচাৰিলে এনেকুৱা এটা দলীয় পৰিয়ালৰ সদস্য [সন্তান]ৰ পৰিচয় আহৰণ কৰি ল’ব লাগিব৷ সেই একোটা দলীয় বংশৰ সন্তানৰূপে সোমাই পৰাৰ পিছত তেওঁৰ দেশ-জাতিৰ প্ৰতি থকা নিজস্ব চিন্তাবোৰ বাদ দি দলীয় বংশটোৰ চিন্তাৰ গণ্ডীৰ ভিতৰলৈ নিজক লৈ যাব লাগিব৷
এনেকুৱা দলীয় [বংশীয়] আবেষ্টনীৰ মাজত নেতা-কৰ্মীসকলে কিমান দূৰলৈকে বা কিমান নিৰপেক্ষভাৱে নিজস্ব চিন্তা-চৰ্চাক দেশ-জাতিৰ স্বাৰ্থত প্ৰয়োগ কৰিব পাৰে, সেইটো প্ৰত্যেকেই নিজৰ গাত চিকুটি চালেই উপলব্ধি কৰিব পাৰিব৷ এনে অৱস্থাত বংশৰ ৰাজনৈতিক ঐতিহ্য নথকা এক লাখ যুৱকে আহি বৰ্তমানৰ ব্যৱস্থাটোৰ মাজত কিনো বিশেষ পৰিৱৰ্তন সাধিব পাৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাবিছে সেইটো স্পষ্ট হোৱা উচিত৷ সাধাৰণভাৱে বুজিবলৈ হ’লে দেশৰ বৰ্তমানৰ পৰিধিভুক্ত ৰাজনৈতিক ব্যৱস্থাটোৰ সংশোধন নঘটালে শাসনৰ ধাৰাটো বা চৰকাৰ পৰিচালনাৰ ধাৰাটো মুক্ত নহ’ব৷ কেৱল এখন সংবিধানেই সকলো শ্ৰেণীৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰে যদি শাসন ব্যৱস্থাটো পৰিধিমুক্ত নহয়৷ এনে অৱস্থাত এক লাখ কিয় দহ লাখ ওপৰত উল্লিখিত চৰিত্ৰৰ যুৱক ৰাজনীতিৰ ক্ষেত্ৰখনলৈ আহি লাভ নাই৷ এতিয়াৰ নিৰ্বাচনত প্ৰাৰ্থী জিকে ‘ছিম্বল’, অৰ্থাৎ ‘দলীয় প্ৰতীক চিহ্ন’ৰ জোৰত৷
সেই ‘ছিম্বল’টোৱেই হৈছে দলীয় বংশৰ প্ৰতীক৷ যি বংশ শক্তিশালী, সেই বংশৰ বিজয়ৰ সম্ভাৱনা সৰ্বাধিক৷ যিমানেই উপযুক্ত নহওক কিয় প্ৰাৰ্থী বৰ্তমানৰ ব্যৱস্থাটোত গৌণ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে সঁচাকৈয়ে যদি দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ পৰিৱৰ্তন বিচাৰিছে, তেনেহ’লে নিৰ্বাচনৰ ‘দলীয় প্ৰতীক’ৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰাৰ ব্যৱস্থা লওকচোন – দেখিব কেনেকৈ ব্যৱস্থাটোৰ পৰিৱৰ্তন ঘটে! তেতিয়াহে পৰিৱৰ্তনকামী এচাম মুক্ত মানুহ ৰাজনৈতিক ক্ষেত্ৰখনলৈ আহিবলৈ উৎসাহিত হ’ব৷
Share This