ডিজিটেল ডেস্ক: প্রতিযোগিতামূলক টি-২০ ক্রিকেটত ৱেষ্ট ইণ্ডিজৰ ক্রিকেট তাৰকাই চমক সৃষ্টি কৰিছে। চুটি সংস্কৰণৰ খেলবিধত ৬০০ উইকেট দখল কৰা প্ৰথমগৰাকী ক্রিকেটাৰত পৰিণত হৈছে সুনীল নাৰিন।
বিশ্ব আই এল টি-২০ ক্রিকেটত শ্বাৰজাহ ৱাৰিয়ৰ্ছৰ বিৰুদ্ধে বুধবাৰৰ খেলখনত আবু ঢাবি নাইট ৰাইডাৰ্ছৰ হৈ সেই অভিলেখৰ গৰাকী হয় কেৰিবিয়ান তাৰকা স্পীনাৰগৰাকী। টম আবেলৰ উইকেট দখল কৰি মাইলৰ খুঁটি স্পর্শ কৰে ৩৭ বছৰীয়া নাৰিনে। এই অভিলেখেৰে টি-২০ ক্রিকেটৰ সৰ্বকালৰ অন্যতম শ্রেষ্ঠ বলাৰ হিচাপে নিজকে পুনৰ তুলি ধৰে। ৱেষ্ট ইণ্ডিজৰ তাৰকাগৰাকীয়ে কলকাতা নাইট ৰাইডাৰ্ছৰ লগতে আবু ঢাবি নাইট ৰাইডাৰ্ছ, ত্রিনবাগ নাইট ৰাইডাৰ্ছ আৰু লছ এঞ্জেলছ নাইট ৰাইডাৰ্ছৰ হৈ খেলি আহিছে।