গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ বেডমিণ্টন, কোৱাৰ্টাৰ ফাইনেলত অসম কন্যা অস্মিতা, ইশাৰাণী

dainik janambhumi December 05, 2025

ডিজিটেল ডেস্কঃ তাৰকা শ্বাটলাৰ তনভি শৰ্মাৰ লগতে থাৰুন মান্নেপল্লী, অসমৰ অস্মিতা চলিহা আৰু ইশাৰাণী বৰুৱাই সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত চলি থকা য়ুনেক্স ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ ১০০ বেডমিণ্টন প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 


প্রতিযোগিতাখনৰ মহিলাৰ ছিংগলছ শাখাৰ কালি অনুষ্ঠিত প্রি কোৱাৰ্টাৰ ফাইনেলত অষ্টম বাছনিৰ ভাৰতৰ তনভি শৰ্মাই থাইলেণ্ডৰ পাচ্চা-অৰ্ন ফান্নাচেটক ২১-১৭,২৩-২১ ছেটৰ ব্যৱধানত পৰাস্ত কৰে। এই শাখাত অসমৰ অস্মিতা চলিহাই ভাৰতৰে অনমোল খার্বক ১৬-২১, ২১-১৭, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে। অস্মিতাৰ উপৰি ইশাৰাণী বৰুৱাই ভাৰতৰে শ্রেয়া লেলেক ২১-১৩,১০-২১,২১-১২ ব্যৱধানত পৰাস্ত কৰি অন্তিম ৮৩ প্ৰৱেশ কৰিছে।


মহিলাৰ ছিংগলছ শাখাত ভাৰতৰ তানিয়া হেমন্ত, তাছনিম মীৰ, অনুপমা উপাধ্যায়, জাপানৰ হিনা আকেচী, চাইনীজ টাইপেইৰ তুং চিউ-খঙে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ ছিংগলছ শাখাত শীর্ষ বাছনিৰ ভাৰতৰ থাৰুন মান্নেপল্লীয়ে নিজ দেশৰে মৈৰাবা লুৱাং মৈম্নামক ২১-১৩, ২১-১৬ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে। আন এখন খেলত ভাৰতৰ ছানীথ দয়ানন্দই পঞ্চম বাছনিৰ শ্ৰীলংকাৰ বীৰেন নেট্রসিংঘেক ২১-১৮,২৩-২১ ব্যৱধানত পৰাস্ত কৰে।

Share This