বিশ্বাস ভংগ
Dainik Janambhumi
November 28, 2024
এতিয়া আৰু শদিয়াৰ এগৰাকী যুৱতীৰ মৃতদেহ ধুবুৰীত আৰু ধুবুৰীৰ এজন যুৱকৰ মৃতদেহ ধেমাজিত ওলোৱাটো তেনেই সাধাৰণ ঘটনা হৈ পৰিছে৷ ঠিক জকাইচুকৰ এজন লোকৰ প্ৰতিভা বিশ্বজুৰি ছাটি-ফুটি যোৱাৰ দৰে৷ ছ’চিয়েল মিডিয়াৰ যুগত, ইণ্টাৰনেটৰ যুগত লুকাই থকা প্ৰতিভা ওলাই অহাৰ দৰেই যেন এতিয়া লুকাই থকা অপৰাধ প্ৰৱণতাবোৰো বিকশিত হৈ ঠন ধৰি উঠিবলৈ লৈছে৷ আজিৰ প্ৰসংগটো উত্থাপন হৈছে এটা বিশেষ ঘটনাক লৈ৷
ঘটনাটো বৰপেটাৰোডৰ৷ মঙলবাৰে মাজুলীৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছে বৰপেটাৰোডৰ নগৰাঞ্চলত৷ কোনো দুৰ্বৃত্তই নিৰ্যাতন চলাই হত্যা কৰা বুলিয়েই আৰক্ষীয়ে প্ৰাথমিক তদন্তত ব্যক্ত কৰিছে৷ যোৱা কিছুদিন ধৰি বৰপেটাৰোডত এটা ভাৰাঘৰত থকা যুৱতীগৰাকীয়ে মঙলবাৰে ৰাসৰ উখল-মাখল পৰিৱেশৰ মাজত কি পৰিস্থিতিত প্ৰাণ দিব লগা হ’ল, কোন দুৰ্বৃত্তই যুৱতীগৰাকীক নিৰ্যাতন চলাই হত্যা কৰি পথৰ কাষৰ নলাত পেলাই থৈ গ’ল সেই প্ৰশ্নবোৰৰ উত্তৰ আৰক্ষীৰ তদন্তত ওলাব৷ কিন্তু তদন্তত নোলোৱা ডাঙৰ প্ৰশ্নটো হৈছে বিশ্বাসহীনতাৰ৷ এতিয়া যেন মানুহে মানুহক বিশ্বাসত ল’ব নোৱৰা পৰিস্থিতিৰ সৃষ্টি হ’বলৈ লৈছে! যোৱা সোমবাৰে শিৱসাগৰত সংঘটিত হ’ল এনে এক বিশ্বাস ভংগৰ ঘটনা, ৰাজ্য কঁপাই যোৱা ঘটনা৷ ঘৰৰ পৰা মাকৰ ব্যাৱসায়িক প্ৰতিষ্ঠানলৈ বুলি ওলাই যোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক পথৰ পৰাই উঠাই লৈ যোৱা হ’ল৷
এটা ঘৰত তিনি পাষণ্ডই নিৰ্যাতন চলাই থকাৰ পৰা কোনোমতে পলাই আহি মাকক সকলো কথা ব্যক্ত কৰাৰ পাছতহে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিল৷ ছাত্ৰীগৰাকী আকৌ ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত টাইকোৱাণ্ডো খেলুৱৈ৷ ঘটনাটোৰ পৰা প্ৰতীয়মান হ’ল– একেটা অঞ্চলতে চুবুৰীয়াৰ দৰে থকা একেখিনি মানুহকে আস্থা আৰু বিশ্বাসত ল’ব নোৱৰা অৱস্থা এটাই ক্ৰমাৎ গঢ় লৈ উঠিছে আজিৰ সমাজত৷ কেৱল একেটা অঞ্চল বুলিয়েই নহয়, আজিকালি একেখন ঘৰতেই কন্যা শিশুৱেই হওক, যুৱতী-মহিলাই হওক কোনো যেন সুৰক্ষিত নহয়৷ আজিৰ মানুহবোৰ ইমান ভয়ানক হৈ পৰিছেনে? যেন জীৱ-জন্তুৰ ভীতিতকৈ মানুহ-ভীতি এতিয়া প্ৰবল হৈ পৰিছে৷ ক’ৰবালৈ আপুনি ওলাই গৈছে আৰু সোঁশৰীৰে উভতি নহালৈকে পৰিয়াল চিন্তিত হৈছে, ইয়াৰ কাৰণ মানুহ৷ ঘৰলৈ উভতি আহোঁতে নিশা হৈছে, সোণৰ অলংকাৰ পিন্ধি গৈছে, ভয়-শংকা ওপজিছে– তাৰো কাৰণ মানুহ৷ ঘৰত ছোৱালীজনী অকলে আছে, আপুনি চিন্তাত পৰিছে৷ আপোনাৰ এই চিন্তাৰ কাৰণ একমাত্ৰ মানুহ৷ তেনেহ’লে মানুহেই মানুহৰ প্ৰধান শত্ৰু, মানুহেই মানুহৰ প্ৰধান ভীতি-আতংক নেকি? যোগ গুৰু পৰমহংস যোগানন্দই সেয়ে হয়তো কৈছিল– ‘The greatest of all enemies of man is himself.’ অৰ্থাৎ মানুহ নিজেই নিজৰ ডাঙৰ শত্ৰু৷
সেইদৰে প্ৰখ্যাত ৰোমান দাৰ্শনিক মাৰ্কাছ তুলিয়াছ চিচেৰ’ইও কৈ গৈছে যে মানুহেই মানুহৰ আটাইতকৈ বেয়া তথা ভয়ংকৰ শত্ৰু (Man is his own worst enemy.গ্গ৷ তেওঁ আকৌ এইদৰেও কৈছে– ‘এটা জাতি মূৰ্খৰ পৰা-অভিলাষীৰ পৰা বাচি থাকিব পাৰে, কিন্তু বিশ্বাসঘাতকৰ পৰা বাচি থাকিব নোৱাৰে৷’ শ শ বছৰ পূৰ্বে কৈ যোৱা এই প্ৰখ্যাত মনীষীসকলৰ বক্তব্যৰ সত্যতা আজি আমাৰ চকুৰ সন্মুখতে৷ আজিৰ মানুহৰ যুদ্ধবাজ চৰিত্ৰই সমগ্ৰ বিশ্ব অশান্ত কৰি ৰাখিছে৷ লাখ লাখ নিৰীহ লোক, শিশু-মহিলাৰ জীৱন মানুহৰ যুদ্ধোন্মাদ চৰিত্ৰৰ বাবেই অকালতে নিপাত গৈছে৷ ৰাছিয়া-ইউক্ৰেইন, ইজৰাইল-হামাছৰ যুদ্ধৰ পৰা মণিপুৰৰ গোষ্ঠী সংঘৰ্ষলৈকে অনেক উদাহৰণ আছে, য’ত ক্ৰমাৎ বাঢ়ি গৈছে মানুহৰ প্ৰতি মানুহৰ জিঘাংসা-অসহিষ্ণুতা-ক্ৰোধাগ্নি৷ ২০১৭ চনৰ ৰাষ্ট্ৰসংঘৰ তথ্য মতে, বিশ্বত প্ৰতি এক লাখ লোকৰ ভিতৰত ৬.ৰ শতাংশ লোকৰেই প্ৰাণ গৈছে অবিশ্বাসৰ পৰিস্থিতিৰ বাবে৷ প্ৰতি এক লাখ লোকৰ ভিতৰত জ্জ.জ্ঝ শতাংশ লোকে গোষ্ঠী সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে৷
প্ৰতি এক লাখ লোকৰ ভিতৰত ছালভাদোৰত ৬১.জ্জ শতাংশ, হণ্ডোৰাছত ৪১ শতাংশ, ভেনিজুৱেলাত ৪৯.জ্ঝ শতাংশ, জামাইকাত ৫৬.চ্ছ্ৰ শতাংশ হত্যাকাণ্ড সংঘটিত হৈছে৷ ভাৰতবৰ্ষতো প্ৰতি এক লাখ লোকৰ ভিতৰত ২.৯৪ শতাংশ লোক হত্যাৰ বলি হৈছে৷ এই তথ্য ২০২১ চনৰ৷ বৰ্তমান সংখ্যাটো অধিক ডাঙৰ হোৱাৰেই সম্ভাৱনা৷ বিশ্বৰ আন দেশসমূহৰ তুলনাত সংখ্যাকেইটা সৰু যেন লাগিলেও জনসংখ্যাৰ ভিত্তিত প্ৰতি এক লাখৰ ভিতৰত ২৯৪০জন লোকৰ হত্যাক মুঠেই সৰু ঘটনা বুলিব নোৱাৰি৷ অলপতে প্ৰকাশ পোৱা চৰকাৰী এক তথ্যত যুৱতী-মহিলাক বলাৎকাৰ-হত্যাৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে দ্বিতীয়ত বুলি কোৱা হৈছে৷ প্ৰথম স্থানত আছে উত্তৰ প্ৰদেশ৷ যিখন ৰাজ্যত মানুহবোৰ শিক্ষিত হৈ গৈ থকাৰ সমানে, প্ৰযুক্তিৰ উত্তৰণৰ সমানে মানসিকতাবোৰো ক্ৰমাৎ অৱনমিত হৈ গৈ থাকে তেতিয়াহ’লে প্ৰথম, দ্বিতীয় নহৈ কি হ’ব? এতিয়া দেশত প্ৰতি এক লাখৰ প্ত শতাংশ মহিলা-যুৱতী বলাৎকাৰৰ বলি হোৱাটো ৰোধ হ’ব কেনেকৈ?
প্ৰতি এক লাখৰ প্ৰায় ৩ শতাংশক হত্যা, জ্জ্ব শতাংশক অপহৰণ প্ৰতিৰোধ-বাৰণৰ উপায় কি হ’ব? উপায় হয়তো হ’ব পাৰে অপৰাধীৰ কঠোৰ শাস্তি, যি শাস্তিয়ে কাললৈকে প্ৰভাৱিত কৰি যাব৷ কিন্তু আমাৰ দেশত যথোচিত শাস্তি ভোগ কৰেইবা কেইজনে? আজিলৈকে কেইজন বলাৎকাৰী-হত্যাকাৰীক মৃত্যুদণ্ড বিহা হৈছে? অপ্ৰিয় হ’লেও সত্য যে ভাৰতীয় আইনত অপৰাধী সাৰি যোৱাৰ সুৰুঙাৰ বাবেই এতিয়া অপৰাধ সাধাৰণ ঘটনাত পৰিণত হৈছেগৈ৷ যাৰ বাবে এইখন দেশত আইনৰ ৰক্ষকেই অপৰাধী হয়, দেশৰ পৰিচালন ক্ষমতা অপৰাধীৰ হাততেই ন্যস্ত হয়, এইখন দেশত ধন লৈ নিৰাপত্তাৰক্ষীয়েই অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে৷ নেলছন মাণ্ডেলাই কৈছিল– ‘সুৰক্ষা আৰু নিৰাপত্তা কেৱল মাত্ৰ এক সংঘটন নহয়, ই হৈছে সামূহিক সহমত আৰু ৰাজহুৱা বিনিয়োগৰ ফল৷’ ইয়াত সামূহিক আৰু ৰাজহুৱা শব্দৰ দ্বাৰা বিশেষভাৱে আমাৰ সমাজখনৰ কথাকেই কোৱা হৈছে৷
অৰ্থাৎ সামূহিক ইচ্চা আৰু পৰিৱেশৰ ওপৰতেই মানুহৰ সুৰক্ষা আৰু নিৰাপত্তা নিৰ্ভৰ কৰে৷ এখন সমাজে যদি বিচাৰে আৰু সমাজৰ প্ৰতিজনে সদা সচেতন তথা জাগ্ৰত প্ৰহৰীৰ ভূমিকা ল’ব পাৰে তেতিয়াহ’লে সেইখন সমাজত শিশু-পুৰুষ-মহিলা সকলোৰে নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত নোহোৱাকৈ থাকিব নোৱাৰে৷ এতিয়া এই গোটেই বিষয়বোৰ পৰিষ্কাৰকৈ বুজাৰ সময় আহি পৰিছে৷ এতিয়া মানুহবোৰে নিজকে বিশ্বাস ভংগৰ অৱগুণ্ঠনৰ পৰা মুক্ত কৰাৰ আৰু আস্থাভাজন হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তা আহিছে৷ আৰু এইখিনিকে যিদিনালৈকে কৰি তোলা নহ’ব তেতিয়ালৈকে আমাৰ সমাজখন অস্থিৰ হৈয়ে থাকিব আৰু অস্থিৰতাৰ মাজত আমিও হামৰাও কাঢ়ি থাকিব লাগিব৷
Share This